ৰাজনৈতিক বিকল্প নে বিকল্প ৰাজনীতি: অসমৰ প্রয়োজন কি?


সাম্প্রতিক সময়ত বিকল্প ৰাজনীতিৰ লগত ভাৰতবর্ষৰ অভিজ্ঞতা ২০১২ চনত India Against Corruptionৰ প্রেক্ষাপটত জন্ম লোৱা ৰাজনৈতিক দল আম আদমী পার্টীৰ ৰূপত। গঠনৰ এবছৰ পিছতে দিল্লীত ক্ষমতাধিষ্ঠ হোৱা দলটোৱে ৰাজনীতিৰ এক নতুন পৰিভাষাৰ সৃষ্টি কৰিছিল। কোনো চিৰাচৰিত মতাদর্শৰ গইনা নলৈ ৰাইজক বিনামূলীয়া পানী, বিজুলী, উন্নতমানৰ জনস্বাস্থ্য সেৱা আৰু উন্নত ৰাজহুৱা শিক্ষাখণ্ডৰ জৰিয়তে এই নতুন দলে সাধাৰণ ৰাইজৰ প্রয়োজনক পুঁজিপতি শ্রেণীৰ ঊর্ধ্বত থৈছিল।

আম আদমী পার্টিৰ জন্ম পিছে এক বিশেষ প্রক্ষাপটত হৈছিল। সেই সময়ত বিশ্বত আৰব আন্দোলন, টী পার্টি গঠনৰ লগতে সমগ্র ইউৰোপত ইউৰো-চেন্ট্রিজিমৰ বিৰুদ্ধে নতুন নতুন ৰাজনৈতিক দল গা কৰি উঠিছিল। মার্কিন যুক্তৰাষ্ট্রৰ টী পার্টি আন্দোলনে বাৰাক ওবামাৰ কল্যানকামী নীতিবোৰক হস্তক্ষেপৰূপী বুলি সমালোচনা কৰি ৰিপাব্লিকান পার্টিৰ সমর্থনত জনমত গঠন কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল। পিছে এই বিকল্প ৰাজনৈতিক দল/সংগঠন/ আন্দোলনবোৰৰ প্রভাৱ অতি শীঘ্রে প্রশ্নৰ সন্মুখীন হয়।

ভাৰতবর্ষতো সাতটা বছৰৰ পিছত আম আদমী পার্টীক লৈ একে ধৰণৰ প্রশ্ন উত্থাপিত হৈ আছে। ভাৰতবর্ষত বিকল্প ৰাজনীতিৰ সম্ভাৱনাৰ এক চিন্তাৰ সৃষ্টিত এই দলটোৰ ভূমিকা কোনেও নুই কৰিব নোৱাৰিব। কিন্তু দিনক দিনে আপ যেন হৈ পৰিছে বিশেষ নতুনত্ব দিব নোৱাৰা এক নতুন দল। গঠনৰ কিছু বছৰ পিছতে অনুষ্ঠাপক সদস্য সকলৰ মাজত হোৱা কাজিয়া আৰু দলত্যাগে এই দলটো আন দলৰ পৰা অভিন্ন যেন দেখুৱালে। পুঁজিপতিসকলৰ সমালোচনাও যেন কিছু ম্লান হৈ পৰিছে। আৰম্ভণিতে পাতনি মেলা ৰাইজমেলৰ সংখ্যাও কমি আহিছে।

আপে আৰম্ভ কৰা বিকল্প ৰাজনীতিৰ ধাৰা বহুতৰে মতে অপ্রাসংগিক কাৰণ আপৰ নির্বাচনী সফলতা এতিয়াও দিল্লী কেন্দ্রিক। ইয়াৰ ওপৰিও এই দলে সোঁপন্থী দলৰ আধিপত্যক সম্পূর্ণ ৰূপে খাৰিজ কৰিবলৈ সক্ষম হোৱা নাই। বিশেষকৈ ২০১৯ চনৰ দিল্লীৰ বিধান সভাৰ নির্বাচনৰ আগে আগে 'কা' বিৰোধী আন্দোলনত আপৰ নেতৃত্বৰ নীৰৱতা আৰু চৰকাৰ গঠন কৰাৰ পিছত জে এন ইউৰ পূর্বৰ ছাত্র সন্থাৰ অধ্যক্ষ কানহাইয়া কুমাৰ আৰু তেওঁৰ সহযোগী সকলৰ বিৰুদ্ধে দেশদ্রোহীৰ গোচৰ তৰা দিল্লী আৰক্ষীক চার্জশ্বীট জমা দিবলৈ অনুমতি দিয়াৰ দৰে ঘটনাই আপৰ ৰাজনীতিত কিছু আপোচৰ উমান দিয়ে। এনে আপোচৰ কাৰণ পিছে সংসদীয় নির্বাচন আৰু স্থানীয় প্রশাসনৰ নির্বাচনত আপৰ নিৰাশাজনক ফলাফলো হব পাৰে।

এনে প্রেক্ষাপটত অসমৰ পৰা উঠা বিকল্প ৰাজনীতি আৰু ৰাজনৈতিক বিকল্পৰ দাবীৰ বিষয়ে সামগ্রিক ভাৱে আলোচনা হোৱা উচিত। যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা 'কা' বিৰোধী আন্দোলনে যেন এনে এটা দাবীৰ বাবে পথ প্রশস্ত কৰি দিছে। 'কা' বিৰোধী আন্দোলনকাৰীসকলে অসম গণ পৰিষদৰ স্থিতিত আঞ্চলিকতাবাদৰ এক বিফলতাৰ লগতে অসমৰ ৰাজনীতিত এক শক্তিশালী আঞ্চলিক কন্ঠৰ অভাৱ অনুভৱ কৰিছে। অসমৰ স্বার্থ ৰক্ষাৰ বাবে গঠিত অগপৰ ভূমিকাক কঠোৰ সমালোচনা কৰি 'কা' বিৰোধী আন্দোলনক নেতৃত্ব দিয়া সকলে এক ৰাজনৈতিক বিকল্পৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। সকলো 'কা' বিৰোধী শক্তিক একতৃত কৰি শিল্পী সমাজক লগত লৈ এক নতুন দল গঠনৰ কথা চিন্তা কৰিছিল। কিন্তু বিভিন্ন কাৰণত এনে কোনো বিকল্প গঠন হোৱা নাছিল। 

ইয়াৰ ওপৰিও লকডাউনৰ ফলত বিভিন্ন প্রতিবাদ ইত্যাদি বন্ধ কৰিব লগা হয়। কিন্তু লকডাউনৰ আগে আগে বিকল্প ৰাজনীতিৰ ধাৰণাই এক নতুন গতি লোৱা পৰিলক্ষিত হয়। ৰাজ্য সভাৰ নির্বাচনত বিপক্ষ দলবোৰৰ উমৈহতীয়া প্রার্থীৰূপে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক নির্বাচিত কৰা হয়। নির্বাচনৰ পিছত দ্য ৱায়াৰত দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে ৰাজ্যসভাত তেওঁ অসমৰ 'কা' বিৰোধী সকলক প্রতিনিধিত্ব কৰিব আৰু এটি প্রতিবাদী কন্ঠৰ ভূমিকা পালন কৰিব। এআইইউডিএফৰ বিষয়ে কৰা প্রশ্নত তেওঁ স্পষ্ট কৰি দিয়ে যে সংখ্যালঘু সম্প্রদায়ৰ উচিত অধিকাৰৰ কথা কোৱাটো সাম্প্রদায়িক নহয় আৰু এআইইউডিএফে আন প্রান্তীয় সম্প্রদায়ৰ অধিকাৰৰ কথাও কয়। 

ইয়াৰ পিছতে জুন মাহৰ মাজভাগত অজিত ভূঞাৰ নেতৃত্বত আঞ্চলিক গণ মর্চা গঠন কৰা হয়। এই গণ মর্চাই অসমৰ কেইটিমান ৰাজনৈতিক দল আৰু সংগঠন যেনে অসম সংগ্রামী মঞ্চ, লিবাৰেল ডেমক্রেটিক পার্টী, এএছডিচি, খিলঞ্জীয়া জনগোষ্ঠীয় জনচেতনা মঞ্চ, জাতীয়তাবাদ পুনৰনির্মাণ সমিতি ইত্যাদিক একেখন মঞ্চলৈ আনিছে। এই মঞ্চলৈ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে সমর্থন আগবঢ়াইছে আৰু আন আন দল-সংগঠন যেনে সদৌ অসম ছাত্র সন্থা, কৃষক মুক্তি সংগ্রাম সমিতিৰ লগতো এই মঞ্চই আলোচনা অব্যাহত ৰাখিছে। 

মঞ্চৰ প্রথমটো সংবাদ মেলত আহ্বায়কসকলে স্পষ্ট কৰি দিয়ে যে এই মঞ্চ 'কা' বিৰোধী দল সংগঠনবোৰক একত্রিত  কৰিবলৈ গঠন কৰা হৈছে আৰু অসমৰ ৰাইজৰ স্বার্থ ৰক্ষা কৰি ৰাইজক ৰাজনৈতিক বিকল্প এটা প্রদান কৰাৰ প্রচেষ্টা কৰিব এই মঞ্চেলগতে আহ্বায়কসকলে স্পষ্ট কৰি দিয়ে যে কংগ্রেছ বা এআইইউডিএফৰ লগতো কোনো ধৰণৰ মিত্রতা নকৰিব এই মঞ্চই। 'কা' বিৰোধৰ ওপৰিও এই মঞ্চই ৰাজ্যত সংঘটিত হোৱা অবৈধ খনন, জয়ন্ত বৰাৰ আৰক্ষীৰ জিম্মাত হোৱা হত্যা, গণ প্রহাৰৰ বর্ধিত ঘটনাৰ বাবেও চৰকাৰক জবাবদিহী কৰে।

কিন্তু সাম্প্রতিক সময়ত অসমৰ প্রয়োজন কি? অসমে কেৱল এটা ৰাজনৈতিক বিকল্প বিচাৰে নে এক নতুন বিকল্প ৰাজনৈতিক চিন্তাধাৰা বিচাৰে যাৰ দ্বাৰা অসমৰ সমস্যা আৰু সমাধানবোৰ এক নতুন দৃষ্টিভংগীৰে চিন্তা কৰিব পৰা যাব পাৰে। কেৱল নতুন এটা ৰাজনৈতিক দল বা মর্চাই নির্বাচনৰ ফলাফলত প্রভাৱ পেলালেও অসমৰ ৰাজনীতিৰ ভাষা পৰিবর্তন কৰিব নোৱাৰিলে, ৰাজনৈতিক প্রেক্ষাপট একে থাকিব। তেনে ক্ষেত্রত পৰবর্তী সময়ত এই মঞ্চৰ কর্মৰাজি উল্লেখনীয় হব। অজিত ভূঞা ডাঙৰীয়া ৰাজ্যসভালৈ নির্বাচিত হৈছিল কংগ্রেছ আৰু এআইইউডিএফৰ সমর্থন লৈ। তেনে ক্ষেত্রত এই দুয়োটা দলৰো বিকল্প ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হব নে এই মঞ্চ?

অসমৰ মানুহে ইয়াৰ আগতে আন্দোলনৰ মাজৰ পৰা জন্ম লোৱা দলৰ ভূমিকা পাহৰা নাই। এইবাৰৰ 'কা' বিৰোধী আন্দোলনৰ পৃষ্টভূমিৰ পৰা জন্ম লোৱা এই মঞ্চই অসমৰ ৰাজনীতিক এক নতুন গতি প্রদান কৰিব পাৰিব নে? সচেতন মহলত এনে প্রশ্নও উত্থাপন হৈছে যে এই মঞ্চৰ লগত জড়িত নেতৃত্বই অসমৰ সাধাৰণ ৰাইজৰ বহুল সমর্থন লাভ কৰিবলৈ কিমানখিনি সফল হব। অনাগত দিনত এই মঞ্চৰ ক্ষেত্রত দুটা কথা আমি মনত ৰখা উচিত প্রথমতে নির্বাচনত অংশ গ্রহণ কৰিলে আদর্শগত সমর্থনে ভোটৰ ৰূপ লব নে? নে এই নতুন মঞ্চই ভোট বিভাজন কৰিব? এইটো এটা গুৰুত্বপূর্ণ প্রশ্ন কাৰণ যোৱাবাৰো বহু সমষ্টিত যথেষ্ট কম ব্যৱধানত নির্বাচনত জয়ী হৈছে বহু প্রার্থী। দ্বীতিয়তে, নির্বাচনত ভাল ফলাফল দেখুৱালে এই মঞ্চই বিভাজনে জর্জৰিত কৰা ৰাজ্যত সকলো গোট-সম্প্রদায়ক সাঙুৰিলৈ অসমৰ পক্ষত এটি ৰাজনৈতিক বৈকল্পৰ ৰূপ লব নে? আজিৰ অসমৰ প্রয়োজন কেৱল এক ৰাজনৈতিক বিকল্পৰ নহয়, বৰঞ্চ বিকল্প ৰাজনীতিৰ।

Post a Comment

0 Comments