ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত ধুবুৰী জিলাৰ বাসিন্দাসকলৰ বাবে অসমত ‘লাখ লাখ অবৈধ বাংলাদেশী’ৰ অনুপ্রবেশৰ গল্প একো নতুন নহয়। পিছে প্রায় সময় এইটো চিন্তা কৰিবলৈ বাধ্য হওঁ যে ইমান সৰহ সংখ্যক মানুহ বেলেগ এটা দেশৰ পৰা আহি ইয়াতে থাকিবলৈ লয়, পিছে আজিলৈ তেনে এজনাকো নেদেখিলো কিয়? মুলসুঁতিৰ ঠেক ৰাজনৈতিক নেতাবোৰৰ কথা মানিলে চৰত বসবাস কৰা পূর্ববঙ্গীয় মূলৰ মুছলমানবোৰেই অবৈধ অনুপ্রবেশকাৰী। ভাটিৰ দেশৰ মানুহবোৰক আমি ভাটিয়া বুলি কওঁ। আমি উজানি মুছলমান আৰু তেওঁলোকৰ মাজত সাংস্কৃতিক, ভাষিক ভিন্নত…
Read more