বাংলাদেশীৰ পম খেদি




ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত ধুবুৰী জিলাৰ বাসিন্দাসকলৰ বাবে অসমত ‘লাখ লাখ অবৈধ বাংলাদেশী’ৰ অনুপ্রবেশৰ গল্প একো নতুন নহয়। পিছে প্রায় সময় এইটো চিন্তা কৰিবলৈ বাধ্য হওঁ যে ইমান সৰহ সংখ্যক মানুহ বেলেগ এটা দেশৰ পৰা আহি ইয়াতে থাকিবলৈ লয়, পিছে আজিলৈ তেনে এজনাকো নেদেখিলো কিয়? মুলসুঁতিৰ ঠেক ৰাজনৈতিক নেতাবোৰৰ কথা মানিলে চৰত বসবাস কৰা পূর্ববঙ্গীয় মূলৰ মুছলমানবোৰেই অবৈধ অনুপ্রবেশকাৰী। ভাটিৰ দেশৰ মানুহবোৰক আমি ভাটিয়া বুলি কওঁ। আমি উজানি মুছলমান আৰু তেওঁলোকৰ মাজত সাংস্কৃতিক, ভাষিক ভিন্নতা আছে। পিছে তাৰ অর্থ এই জানো যে এওঁলোক অবৈধ ভাৱে আমাৰ দেশত প্রবেশ কৰিছে। প্রচলিত সঙ্গ্যা মতে হাড়ঁ কপোৱা জাৰত ৰাতিপুৱা ঘৰে ঘৰে টেকেলি পিঠা, চিতৈ পিঠা বেচা কণমানি ছামাৰা, ঘৰে ঘৰে মাছ, পাচলি বেচা হাসেম ভাই, আমাৰ নতুন ঘৰৰ ধুনীয়া পাকঘৰটো সাজি ওলোৱা ৰাজমিস্ত্রী সাহাদত, আমাৰ ঘৰত বহু বছৰৰ পৰা পৰীক্ষাগাৰ চলোৱা মোৰ সৰু ভাইটি সমতুল্য ছাফায়াৰ – এই সকলোৱে দেখোন “potential” অবৈধ বাংলাদেশী

সি যি কি নহওঁক, বহু দিনৰ পৰা এনে অনুপ্রবেশকাৰীক লগ পোৱাৰ হেঁপাহ এটা আছিল। সৰুতে ককাদেউতাৰ মুখত গল্প শুনিছিলোঁ যে স্বাধীনতা পূর্বে আমাৰ গাওঁৰ পৰা বহুত মানুহ খোজকাঢ়ি ৰঙপুৰলৈ(বর্ত্তমান বাংলাদেশত) অহা যোৱা কৰিছিল। সেয়ে বাংলাদেশী খুজি প্রথমতে আমাৰ ককাদেউতাৰ গাওঁলৈ গলোঁ। পিছে তাত গৈ বাংলাদেশৰ পৰা অহাসকলোৰ ঠাইত সেই গাওঁৰ পৰা বাংলাদেশলৈ যোৱা কেইঘৰমান মানুহৰহে খবৰ পালোঁ। তাৰে এজন দেউতাকৰ খুৰা। বর্ত্তমানে ঢাকাত থকা সেই ককাদেউতাৰ পৰিয়ালৰ বহু সদস্য আমেৰিকা আৰু অষ্ট্রেলিয়াত চাকৰি কৰি আছে। দুবছৰ মূৰে মূৰে তেওঁ ‘বৈধ’ ভাৱে ভিছা পাছপোর্টলৈ গৌৰীপুৰত থকা তেওঁৰ ছোৱালীক চাব আহে। আৰু তেওঁৰ অর্থনৈতিক অৱস্থা চাই এনে নালাগিল যে জীৱিকাৰ বাবে তেওঁ ভাৰতলৈ ঢাপলি মেলিব।

বর্ত্তমান চৰকাৰৰ খিলঞ্জীয়াসকলৰ অধিকাৰৰ প্রতি ঘোষিত ‘দায়বদ্ধতা’ দেখি ভালে লাগে। আমি সকলোৱে বিচাৰোঁ যে অবৈধ অনুপ্রবেশকাৰীৰ সমস্যা চিৰদিনৰ বাবে সমাধান হওক। প্রত্যেক নির্বাচনৰ আগে আগে ৰাজনৈতিক দলবোৰে এই বিষয়টোকলৈ ৰাজনীতি কৰা বন্ধ কৰক আৰু বাংলাদেশী খেদাৰ নামত সাধাৰণ নীৰিহ মানুহৰ ওপৰত অত্যাচাৰ বন্ধ হওক। চৰকাৰৰ এনে দায়বদ্ধতাৰ আলোচনা কর্মস্থলত প্রায়ে হয়। দুদিন চাৰিদিনে অবৈধ বাংলাদেশীক উৎখাত কৰাৰ উত্তেজনামূলক ভাষণ মন্ত্রী এম এল এৰ মূখত শুনা যায়। সেই সন্দর্ভত এদিন কলেজ লাইব্রেৰীত সহকর্মী অধ্যাপক ধীৰেণ বর্মন চাৰে এটা ঘটনা কলে। আদ্যহতে তেওঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাসিন্দা। তেওঁৰ পৰিয়াল পিছে গুৱাহাটিৰ সুন্দৰবাৰীত থাকে। আৰু তেওঁৰ ঘৰৰ ওচৰতে গোৱালপাৰা, ধুবুৰীৰ পৰা যোৱা শ্রমিক কেইঘৰমান সৰু সৰু জুপুৰী সাজি থাকে। ছাৰক নিজৰ ঠাইৰ শিক্ষিত বিষিষ্ট ব্যক্তি বুলি সেই সকল মানুহে বহুত সন্মান কৰে। ছাৰো প্রায় আবেলিপৰত তেওঁলোকৰ ভাটিয়ালি গানৰ মজলিছত অংশগ্রহন কৰে।

এদিন হঠাৎ জুপুৰীবোৰৰ ফালৰ পৰা চিঞৰ বাখৰ শুনি ছাৰ তালৈ গ’ল। ওচৰতে থকা অসমীয়া পৰিয়াল এটাৰ ঘৰত হেনো চুৰ হৈছে। আৰু তেওঁলোকে সেই শ্রমিকবোৰক সন্দেহ কৰি মাৰিবলৈ গৈছেশ্রমিকসকলক বাংলাদেশী বুলি ককর্থনা কৰি মানুহবোৰে কবলৈ আৰম্ভ কৰিলে যে এওঁলোকৰ বাবেই ঠাইডোখৰৰ পৰিবেশ নষ্ট হ’ল। স্থানীয় লোকসকলৰ বয়-বস্তু নাইকীয়া হয় এইবোৰৰ বাবে। বাৰে বাৰে শ্রমিকবোৰক বাংলাদেশী বুলি গালি শপনি দিয়া শুনি ধীৰেণ ছাৰ আগুৱাই গ’ল। গৈ শুধিলে যে তেওঁলোকৰ ওচৰত কোনো প্রমান আছে নেকি যে চোৰ এইসকলোৰে এজন? স্থানীয় লোকসকলে ক’লে যে তেওঁলোকে জানে এই অবৈধ ভাৱে অনুপ্রবেশ কৰা মানুহবোৰে সুন্দৰবাৰীত ঘটা সকলো অপৰাধৰ মূল কাৰণ। তেতিয়া ধীৰেণ ছাৰে শুধিলে যে তেওঁলোকে কেনেকৈ জানে যে এইসকল ভাৰতীয় নহয়। স্থানীয় লোকসকলৰ একো কোৱাৰ নাছিল। ছাৰে তেতিয়া ক’লে যে লক্ষীপুৰৰ ওচৰৰ গাওঁ এখন, যত স্বাধীনতাৰ পূর্বতে -- প্রায় ১২০ বছৰ আগতে অসমীয়া এল পি স্কুল এটা স্থাপন কৰা হৈছিল, এইসকল হল সেই গাওঁৰ মানুহস্বাধীনতাৰ বহু আগত অসমীয়া ভাষাৰ প্রতি সেই গাওঁৰ স্থানীয় লোকসকলৰ আনুগত্য আছিল। সেই ঠাইৰ মানুহ আজি জীৱিকা উপার্জনৰ বাবে নিজ গাওঁ এৰি বহু দূৰলৈ আহিব লগা হৈছে। কিন্তু ইয়াৰ অর্থ এই নহয় যে কেৱল ধর্ম আৰু ভাষাৰ ওপৰত ভিত্তি কৰি এওঁলোকক বিদেশী বুলি কোৱাৰ কাৰো অধিকাৰ আছেছাৰৰ কথা শুনি মানুহবোৰ মাৰধৰ বন্ধ কৰিলে। পিছত গম পোৱা গ’ল যে সেই স্থানীয় লোকসকলৰ মাজৰে কোনোবাই চুৰ কৰিছিল। দুর্ভাগ্যক্রমে মই আশা কৰা মতে ধীৰেণ বর্মন ছাৰেও মোক অবৈধ বাংলাদেশীৰ খবৰ দিব নোৱাৰিলে।

ঠিক সেই সময়ত খবৰৰ কাগজত কাজিৰঙাৰ তিনিখন গাওঁৰ ‘উচ্ছেদ’ৰ খবৰ ওলাল। সংবাদ মাধ্যমৰ নিয়মীয়া প্রচলনত এনে লাগিল যে কাজিৰঙাৰ ওচৰত থকা কিছুমান গাওঁত সন্দেহজনক নাগৰিকত্বৰ কিছু মানুহ অবৈধ ভাৱে মাটি দখল কৰি আছিল। অসমীয়া সংবাদ মাধ্যম যিবোৰে প্রায়ে ‘proxy’ ন্যায়লয়ৰ দৰে ব্যৱহাৰ কৰে, এই গাওঁৰ বাসিন্দাসকলক অবৈধ প্রব্রজনকাৰী বুলি ঘোষিত কৰি দিলে। পিছে ২ অক্টোবৰত দৈনিক জনমভূমি পত্রিকাৰ সম্পাদকীয় পৃষ্টাত ত্রীদিৱ নীলিম দত্তৰ এটা প্রবন্ধ পঢ়ি মোৰ ভূলটো ভাঙিল। মাটিৰ পাট্টা থকা মানুহবোৰ অবৈধ দখলকাৰী হব নোৱাৰে। ভূমি অধিগ্রহন আইন মতে উচিত ক্ষতিপূৰণ দি চৰকাৰী কামত ৰাইজৰ ভূমি অধিগ্রহন কৰিব পাৰি। কিন্তু তেনে ক্ষেত্রত ধর্মৰ ওপৰত ভিত্তি কৰি কাজিৰঙাৰ তিনি গাওঁৰ কিছু পৰিয়ালক ক্ষতি পূৰণ দিয়াৰ প্রতিশ্রুতি দি আন সকলক উচ্ছেদ কৰাৰ চেষ্টা চৰকাৰে অব্যাহত ৰাখিলে। পিছে অবৈধ অনুপ্রবেশকাৰীক কেৱল উচ্ছেদ নকৰি সিহঁতক নিজ দেশলৈ পঠোৱা হে উচিত। নে চৰকাৰে অবৈধ বাংলাদেশীৰ ‘Bogey’ কেৱল নিজৰ অগনতান্ত্রিক কার্য্যকলাপ ঢাকিবলৈ হে ব্যৱহাৰ কৰে? 

সময়ে সময়ে অসমৰ বুদ্ধিজীৱিসকলে গুৱাহাটী চহৰত কর্মৰত হৈ থকা লাখ লাখ শ্রমিক আৰু সৰু সুৰা কাম কৰা সাধাৰণ মানুহক বাংলাদেশী বুলি কয় আৰু বহু ক্ষেত্রত এই দুখীয়া মানুহবোৰ হাৰাশাস্তি হবলগীয়া হয়। ঈদৰ পিছত প্রায়ে ধুবুৰী আৰু গৌৰীপুৰৰ বাছ স্টেণ্ডত কম বয়সীয়া খীন ল’ৰাকেইজন পিঠিত বেগ এটাকৈ লৈ গুৱাহাটী অভিমুখী গাড়ীলৈ বাট চাই থাকে। বহু সময়ত হিচাপৰ টকা থকাৰ বাবে ২৮০ কিমি ৰাস্তা এওঁলোক বাছত থিয়হৈ যাব লগা হয়। শ্রমিকৰ ঠিকাদাৰবোৰেও এওঁলোকক হাটলৈ লৈ যোৱা ভেৰ ছাগলীৰ দৰে গাড়ীত বহা ঠাই নাথাকিলেও উঠাই দিয়ে। গুৱাহাটীৰ গগণচুম্বী অট্টালিকা সাজি উলোৱা এই শ্রমিকসকলে জানো বুদ্ধিজীৱিবোৰৰ অবৈধ বাংলাদেশী?

নাগৰিকত্বৰ প্রশ্ন উত্থাপন কৰি চৰকাৰে অসমৰ জনসংখ্যাৰ এটা সৰহ অংশক ব্যতিব্যস্ত কৰি ৰাখিছে নিজৰ পৰিচয় প্রমান কৰাত। কিন্তু সেই একে মানুহবোৰ বছৰৰ পিছত বছৰ বানাক্রান্ত হয়, গঢ়াখহনীয়াৰ ফলত নিজ মাটি, ঘৰ হেৰুৱাই উদ্বাস্তুৰ দৰে অসমৰ ভিন্ন প্রান্তলৈ যাবলৈ বাধ্য হয়। তেওঁলোকৰ নাগৰিকত্বলৈ চৰকাৰ যিমান চিন্তিত, তেনে চিন্তা তেওঁলোকৰ অনুন্নত অৱস্থালৈ নকৰেএইসকল মানুহক লৈ বছৰৰ পিছত বছৰ চলি থকা ৰাজনীতি অধ্যয়ন কৰিলে মনত হব যে চৰকাৰে এই মানুহসকলক নিজৰ নাগৰিকত্ব অবিহনে বেলেগ কোনো কথা চিন্তা কৰাৰ সুযোগ নিদিয়ে। জৰাজীর্ণ অৱস্থাত জীৱন কটাবলগীয়া হয় কিন্তু নাগৰিকৰ পাবলৈ ন্যুনতম সুযোগ সুবিধাৰ পৰাও এওঁলোক বঞ্চিত।


সি যি কি নহওক, বহু আশা কৰি আৰম্ভ কৰা বাংলাদেশীৰ অনুসন্ধান মোৰ বেছি আগ নাবাঢ়িল। অসমৰ সর্বোচ্চ “dynamic” মন্ত্রী মহোদয়ৰ মতে বাংলাদেশীৰে পৰিপূর্ণ হৈ পৰা ধুবুৰীত জীৱনৰ তিনিটা দশক অতিবাহিত কৰাৰ পিছতো মই কেইজন অবৈধ প্রব্রজনকাৰীক লগ পাইছো বুলি শুধিলে মোৰ উত্তৰ হব শুণ্য। 


(এই লিখাটো প্রথমবাৰৰ বাবে মুক্তচিন্তাৰ  ৱেবজাইনত প্রকাশ পাইছিল।

Post a Comment

0 Comments