মৃত্যুদণ্ডই যৌন হিংসা ৰোধ কৰিবনে?




অসমৰ নগাওঁৰ পৰা জম্মুৰ কাঠুৱালৈ ঘটি যোৱা শিশু যৌন হিংসাৰ ঘটনাই গোটেই দেশবাসীৰ মনত ত্রাসৰ সৃষ্টি কৰিছে। এই ঘটনা দুটাৰ প্রতিবাদ মাৰ নাযাওঁতেই গুজৰাটৰ সুৰাটত প্রায় নবছৰীয়া ছোৱালী এজনীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়। যোৱা দুমাহত অসমত প্রায় ২০ টা শিশু যৌন হিংসাৰ ঘটনা পোহৰলৈ আহে। এই সকলোবোৰে সাধাৰণ মানুহক এক প্রকাৰে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে। আৰু বৃহত্তৰ সমাজৰ লগতে নাগৰিক সকলৰ দাবীক সঁহাৰি জনাই যোৱা ২১ এপ্রিলত কেন্দ্রীয় মন্ত্রীসভাই এটি অধ্যাদেশ প্রস্তুত কৰি ওলাই যি অধ্যাদেশে যৌন হিংসাৰ শাস্তি আৰু কঠোৰতম কৰাৰ প্রচেষ্টা কৰিছে।

২০১২ চনৰ নির্ভয়া কাণ্ডৰ পিছতে মৃত্যুদণ্ড বিশেষ ক্ষেত্রত ধর্ষণৰ অপৰাধতো দিয়া যাব বুলি আইন সংশোধন কৰা হৈছিল। নির্ভয়াৰ ধর্ষণকাৰী আৰু হত্যাকাৰীসকলক মৃত্যুদণ্ড দিয়া হ’ল কিন্তু তৎসত্ত্বেও যৌন হিংসাৰ সংখ্যা কম হোৱা নাই। নতুনকৈ প্রস্তুত কৰা অধ্যাদেশ মতে ১২ বছৰৰ তলৰ নাবালিকাৰ ধর্ষণৰ বাবে মৃত্যুদণ্ড প্রদান কৰা হ’ব। ইয়াৰ ওপৰিও ধর্ষণৰ বাবে দিয়া শাস্তিৰ ম্যাদ ৭ বছৰৰ কাৰাদণ্ডৰ পৰা ১০ বছৰলৈ বঢ়োৱা হৈছে। ১২ বছৰৰ উর্ধ্ব আৰু ১৬ বছৰৰ তলৰ কিশোৰীৰ ধর্ষণৰ শাস্তি ১০ বছৰৰ পৰা বঢ়াই ২০ বছৰ কৰা হৈছে।

ধর্ষণৰ ঘটনাৰ তদন্তৰ বাবেও সময়সীমা বান্ধি দিয়া হৈছে। দুমাহৰ ভিতৰতে তদন্ত সম্পূর্ণ কৰিব লাগিব আৰক্ষীয়ে আৰু ছমাহৰ ভিতৰতে কেছৰ শুনানি সম্পূর্ণ হ’ব লাগিব। জামিনৰ ক্ষেত্রতো কিছু বিশেষ কঠোৰ ব্যৱস্থা লোৱা হৈছে। ১৬ বছৰৰ তলৰ নাবালিকাৰ ধর্ষণৰ অভিযুক্তক অগ্রিম জমানত দিয়া নহব। প্রত্যেকটো কেন্দ্রীয় শাসিত অঞ্চলত আৰু ৰাজ্যত উচ্চ ন্যায়ালয়ৰ অধীনত নতুনকৈ ফাস্ট ট্রেক কোর্ট স্থাপন কৰা হ’ব সোনকালে ৰায়দান কৰাৰ বাবে। ফৰেন্চিক কিট যোগান ধৰা হ’ব দক্ষ তদন্তৰ বাবে। ইয়াৰ ওপৰি National Crime Records Bureau ত যৌন হিংসাত অভিযুক্ত সকলৰ বিষয়ে সবিশেষ তথ্য থাকিব।

চৰকাৰৰ এই পদক্ষেপক বহুতে আদৰণি জনাইছে। তদন্তৰ সময়সীমা বান্ধি দিয়া এটা গুৰুত্বপূর্ণ পদক্ষেপ কাৰণ দীর্ঘদিন ধৰি চলি থকা মোকর্দমা বহু ক্ষেত্রত ন্যায় প্রদান কৰিবলৈ অসফল হয়। ইয়াৰ ওপৰি বহু প্রতিবাদকাৰীয়ে বিশ্বাস কৰে যে একমাত্র মৃত্যুদণ্ডই শিশু যৌন হিংসাৰ দৰে ভয়ঙ্কৰ অপৰাধক প্রতিৰোধ কৰিব। কিন্তু একে সময়তে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে দীর্ঘদিন ধৰি সামাজিক আন্দোলন চলোৱা বহু সংগঠনে মৃত্যুদণ্ডৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে যৌন হিংসা দিনক দিনে বাঢ়ি যোৱাৰ এটা ডাঙৰ কাৰণ হ’ল অভিযুক্তৰ শাস্তিৰ হাৰ নিচেই কম। তেনে ক্ষেত্রত কঠোৰ আইন প্রণয়নতকৈ শাস্তিৰ হাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত।

শিশু যৌন হিংসাৰ ক্ষেত্রত মৃত্যুদণ্ডৰ এটা ডাঙৰ সমস্যা হ’ল এতিয়া বহু সংখ্যক ঘটনাৰ গোচৰ আৰক্ষীৰ ওচৰত ৰুজু নহ’ব। বিভিন্ন সমীক্ষণ মতে শিশু যৌন উৎপীড়নৰ ক্ষেত্রত ৯৫% অভিযুক্ত পৰিয়ালৰ সদস্য বা নিকটৱর্ত্তী আত্মীয় আৰু ভুক্তভোগীৰ পৰিচিততেনে ক্ষেত্রত মৃত্যুদণ্ডৰ কাৰণে ভুক্তভোগীক হয়তো আৰক্ষীৰ ওচৰলৈ যাব দিয়া নহ’ব বা প্রমাণ নষ্ট কৰাৰ বাবে ভুক্তভোগীক হত্যা কৰা হ’ব। আজিৰ দিনতো বহু পৰিয়ালত যৌন উৎপীড়নৰ অভিযোগ উত্থাপিত হ’লে পৰিয়ালৰ সন্মানৰ কথা ভাবি, এনে জঘন্য অপৰাধ ঢাক দিয়া হয়।

তাৰ ওপৰিও বিভিন্ন দেশত প্রমাণিত হৈছে যে মৃত্যুদণ্ডই অপৰাধৰ হাৰ কমাই না আনে। বৰঞ্চ বহু উন্নত দেশ সেইবাবেই মৃত্যুদণ্ড প্রদান কৰা বন্ধ কৰিছে। কঠোৰ শাস্তিতকৈ দ্রুত গতিত প্রত্যেকজন অপৰাধীক শাস্তি প্রদান কৰিলে হে যৌন হিংসাৰ হাৰ কম হ’ব। কৈলাশ সত্যার্থী চীলড্রেন ফাউন্ডেশ্যনৰ দ্বাৰা কৰা এক অধ্যয়ণ মতে ন্যায়ালয়ৰ প্রায় দুই দশক লাগি যাব পুৰণি শিশু যৌন হিংসাৰ কেছত ৰায়দান কৰিবলৈ। তেনে ক্ষেত্রত বেছি গুৰুত্ব কেছবোৰ সোনকালে শেষ কৰাত দিয়া উচিত কাৰণ দীর্ঘদিন ধৰি চলা মোকর্দমা বহু সময় ভুক্তভোগী ন্যায় পোৱাৰ ঠাইত আৰু হাৰাশাস্তিৰ সন্মুখীন হব লগা হয়। বহু সময় শক্তিশালী অভিযুক্তই ভুক্তভোগী বা সাক্ষীক প্রভাৱান্বিত কৰাৰ চেষ্টা কৰিব পাৰে, আনকি ভুক্তভোগীৰ নিজৰ বা পৰিয়ালৰ জীৱনলৈ ভাবুকি আহিব পাৰে। সদ্যহতে উত্তৰ প্রদেশৰ উন্নাওত এনে ঘটনাই পৰিলক্ষিত হৈছে য’ত ভুক্তভোগীৰ পৰিয়ালৰ লগতে গাওঁৰ মানুহকো ভাবুকি দিয়া হৈছে মুখ্য অভিযুক্ত বিধায়ক কুলদীপ সেংগাৰৰ বিৰোধিতা নকৰিবলৈ।

১২ বছৰৰ তলৰ নাবালিকাৰ ধর্ষণৰ বাবে মৃত্যুদণ্ডৰ অধ্যাদেশ গোটেই দেশজুৰি ঘটা প্রতিবাদ মুলতঃ কাঠুৱাত ঘটা আঠ বছৰীয়া ছোৱালী এজনীৰ জঘন্য হত্যা, নগাওঁত হোৱা দুর্ঘটনা আৰু উন্নাওত পীড়িতাৰ ওপৰত হোৱা অত্যাচাৰ আৰু প্রশাসনে কৰা শোষণৰ ফলশিশু আৰু মহিলা কল্যাণ মন্ত্রী মানেকা গান্ধীয়ে তেওঁৰ দপ্তৰক নির্দেশ দিয়ে এটি অধ্যাদেশ প্রস্তুত কৰিবলৈ যাৰ অধীনত Protection of Children from Sexual Offence (POCSO) Act ত সংশোধন আনি ১২ বছৰৰ তলৰ শিশুৰ ধর্ষণৰ বাবে মৃত্যুদণ্ড প্রদানৰ ব্যৱস্থা কৰা হ’ব। দিল্লীৰ ৰাজ্যিক মহিলা আয়োগৰ প্রমুখ স্বাতী মালিৱাল সেই একে দাবীত প্রায় এসপ্তাহ ধৰি আমৰণ অনশনত বহিছিল। বর্ত্তমানে চীন, কাতাৰ, সুদান, ইউ এ ই, তাজিকিস্তান, টিউনিসিয়া, বাংলাদেশ, কুৱেইতত নাবালিকাৰ ধর্ষণৰ শাস্তি মৃত্যু।

ভাৰতবর্ষতো ২০১৩ চনত আইনত সংশোধনী আনি মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছিল ধর্ষণকাৰীক। কিন্তু নির্ভয়াৰ ধর্ষণকাৰী আজিও জীৱিত। আৰু ২০১৩ ৰ পিছতো ধর্ষণৰ সংখ্যা কম হোৱাতকৈ বেছি হে হৈছে। বৰঞ্চ দিনক দিনে ধর্ষিতাৰ গঢ় বয়স কম হৈ আছে যাৰ অর্থ বেছি ভাগ ভুক্তভোগী শিশু। শিশুৰ সুৰক্ষাৰ বাবে POCSO আইন আছে। কিন্তু এই আইনৰ অধীনতো আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিবলৈ অসফল হৈছিল উন্নাওৰ পীড়িতা। ১৬ বছৰ বয়সত দলবদ্ধ ধর্ষণৰ বলী হোৱাৰ পিছতো এবছৰ ধৰি তাইৰ গোচৰ আৰক্ষীয়ে গুৰুত্ব সহকাৰে লোৱা নাছিল কাৰণ অভিযুক্ত আছিল ৰাজনৈতিক ভাৱে প্রভাৱশালী। আমাৰ দেশত আজিও সকলো পীড়িতা, সকলো অভিযুক্ত আইনৰ চকুত সমান নহয়। য’ত এফালে নিম্ন শ্রেণীৰ বা জাতিৰ অভিযুক্তৰ বিৰুদ্ধে খুব সহজে আমি মৃত্যুদণ্ডৰ দাবী কৰোঁ, সেই একে অভিযোগত অভিযুক্ত কোনো জনপ্রীয় মানুহ বা ৰাজনৈতিকভাৱে শক্তিশালী মানুহ হলে আমি উলোটাই ভুক্তভোগীৰ চৰিত্র, অভিসন্ধিৰ বিষয়ে প্রশ্ন উত্থাপন কৰোঁ।

মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা যৌন হিংসাক আমি বর্ধিত হিংসাত্মক পৰিবেশৰ পৰা বেলেগকৈ চাব নোৱাৰোঁ। কঠোৰ আইন গুৰুত্বপূর্ণ কিন্তু আইনে সকলো সামাজিক সমস্যাৰ সমাধান নকৰিব। যি পৰিবেশে যৌন হিংসাক বৈধতা প্রদান কৰাৰ চেষ্টা কৰে সেই পৰিবেশক পৰিবর্ত্তন কৰা আমাৰ কর্ত্তব্যআমাৰ মাজত এনে বহু ৰাজনৈতিক নেতা আছে যিসকলে কোনো বিশেষ সম্প্রদায় বা পিছ পৰা জাতিৰ মহিলাৰ বিৰুদ্ধে হিংসাক সমর্থন কৰে। পুৰুষতান্ত্রিক সমাজত যৌন হিংসা কর্তন কৰাৰ বাবে অপৰাধীক কৰায়ত্ত কৰাতকৈ মহিলাৰ চলন-ফিৰণৰ ওপৰত বিভিন্ন সীমাবদ্ধতা জাপি দিয়া হয়সদ্যহতে হাৰয়াণাৰ গাওঁ এখনত যৌন হিংসা কর্তনৰ লক্ষ্যৰে ছোৱালীৰ জীন্স পেন্ট পিন্ধা আৰু মোবাইল ফোন ব্যৱহাৰ কৰা বন্ধ কৰি দিলে। সমাধানৰ ধাৰণা যদি এনে হয় তেনেহলে আমি কব পাৰোঁ যে যৌন হিংসা দেশত আৰু বহুদিনলৈ এটি ভয়ঙ্কৰ সমস্যা হৈয়ে থাকিব।

২০১১ চনৰ পৰা অসমত মহিলা আৰু শিশুৰ বিৰুদ্ধে ঘটা অপৰাধৰ সংখ্যা বহু বেছি বাঢ়ি গৈছে। কিন্তু সদ্যহতে ঘটা ঘটনাবোৰে আমাক আৰু নতুন কথা কিছু চিন্তা কৰিবলৈ বাধ্য কৰিছে। কেৱল ভুক্তভোগীৰ বয়স কমি অহা নাই, আনকি অপৰাধীৰ বয়সো কমি আহিছে। নগাওঁৰ ঘটনাত ১২ বছৰীয়া পঞ্চম শ্রেণীৰ ছাত্রী এজনীক ধর্ষণ কৰিলে ১৯ বছৰীয়া যুৱক এজনৰ লগতে ১১ আৰু ১২ বছৰীয়া ল’ৰা দুজন। তাৰ পিছত তাইৰ গা’ত জ্বুই লগাই দিয়া হ’ল। শাস্তিৰ ক্ষেত্রত এই ১১ আৰু ১২ বছৰীয়া ল’ৰাৰ বাবে আমি কি শাস্তি বিচাৰিম? এয়া এক গুৰুত্বপূর্ণ সমস্যা য’ত যৌনতাৰ বিষয়ে আমাৰ শিশুসকলৰ জ্ঞান এটি ভুল উৎসৰ পৰা হৈ আছে। যৌনতা স্বাভাৱিক বা জৈৱিক নহয়, হৈ পৰিছে এক বিকৃত ধাৰণা।
বিদ্যালয়বোৰত যৌনতাৰ বিষয়ে শিক্ষা আৰু লিংগভিত্তিক ন্যায়ৰ বিষয়ে সজাগতা সভা, কর্মশালা ইত্যাদি নিয়মীয়াকৈ অনুষ্ঠিত কৰিলে হয়তো ১২ বছৰীয়া এজন শিশুৱে নিজৰ সহপাঠীৰ এনে ক্ষতি সাধন নকৰিলহেঁতেন। আমাৰ সমাজত আজিও নাৰীক সম মর্য্যাদা দিয়া নহয়। আমি আমাৰ চাৰিও পিনে দৈনন্দিন ঘটি থকা বৈষম্যতামূলক ব্যৱস্থাৰ বিৰোধিতা নকৰোঁ। ধর্ষণৰ দৰে অপৰাধক নির্মূল কৰাৰ বাবে পোন প্রথমে আমি ধর্ষণৰ কাৰনবোৰ জানিব লাগিব। ধর্ষণৰ মূল কাৰণ যৌনতা হব নোৱাৰেমহিলা এজনীৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ লগত বল প্রয়োগ কৰি শাৰীৰিক সম্পর্ক স্থাপন কৰিবলৈ সাহস কিছু পুৰুষে এই কাৰণে পায় কাৰণ তেওঁলোকৰ দৃঢ় ভাৱে বিশ্বাস কৰে যে সমাজত মহিলাতকৈ পুৰুষৰ স্থান উচ্চ। সমস্যা জটিলতম হৈ উঠে যেতিয়া সমাজেও তেনে ধাৰণাৰ পৃষ্টপোষকতা কৰে। নিজৰ অপৰাধ প্রৱনতাক ঢাক দিয়াৰ বাবে Men will be men” ৰ দৰে অজুহাত ব্যৱহাৰ কৰা হয়। যৌন হিংসাক আমি আজিও Eve Teasing” বুলি স্বাভাৱিক কৰি পেলাও।

ধর্ষণৰ বাবে ধর্ষিতাক দায়ী কৰা হয় তেওঁ পিন্ধা কাপোৰৰ কথা কৈ, তেওঁ কোন সময়ত বাহিৰলৈ ওলাই গৈছিল বা কাৰ লগত গৈছিল, তেওঁৰ চৰিত্রৰ ওপৰত প্রশ্ন উত্থাপন কৰি। কিন্তু ধর্ষনৰ মূল কাৰণ যে ধর্ষণকাৰী পুৰুষজনৰ মহিলাজনীৰ প্রতি থকা সন্মানৰ অভাৱ – সেয়া প্রায় আলোচনাৰ পৰিধিৰ বাহিৰত। কণমানি শিশু এজনীয়ে কি পিন্ধাৰ বাবে পুৰুষ এজনৰ কামনাৰ বলি হব লগা হয়, সমাজৰ এই স্বনিয়োজিত ‘moral police’ সকলে উনুকিয়াই দিব নোৱাৰে। সমস্যা নুবুজি কিছু অদ্ভুত সমাধান আগবঢ়োৱা হয় জাৰ জৰিয়তে ধর্ষণকাৰীক নিয়ন্ত্রিত কৰাৰ ঠাইত, মহিলাসকলৰ চলাফিৰাত প্রতিবন্ধকতা সৃষ্টি কৰা হয়পুৰুষৰ লগতে সমানে আগবাঢ়ি যাব বিচৰা মহিলাসকলে এনে প্রতিবন্ধকতা মানি লব নোৱাৰে। তাৰ ওপৰিও ছোৱালীৰ চুটি কাপোৰ, চৰিত্রই শিশুসকলৰ যৌন শোষণ বিশ্লেষণ কেনেকৈ কৰিব?

চৰকাৰৰ এই পদক্ষেপ যদি দ্রুত গতিত দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে তেন্তে এইটো সচাঁকৈয়ে এটি ইতিবাচক পদক্ষেপ। কিন্তু চৰকাৰৰ দায়িত্ব কেৱল কঠোৰ আইন প্রণয়নতে শেষ হ’ব নোৱাৰে। য’ত এফালে চৰকাৰে মৃত্যুদণ্ডৰ ব্যৱহাৰিক লাভৰ ওপৰত পুনঃ চিন্তা কৰা উচিত, ঠিক একে লগে চৰকাৰে সর্বাধিক অপৰাধীক শাস্তি দিয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত। আমি ধর্ষণ আৰু হত্যালৈ ৰখি নাথাকি সকলো ধৰণৰ বৈষম্যতাৰ বিৰোধিতা কৰা উচিত কাৰণ ধর্ষণ এটি বৈষম্যতাপূর্ণ সংস্কৃতিৰ বহিঃপ্রকাশ। তেনেহ’লে হে বর্ধিত যৌন হিংসাৰ এটি স্থায়ী সমাধান আমি আশা কৰিব পাৰোঁ আৰু লগতে এটি সুস্থ সমাজ গঢ়ি তুলিব পাৰিম যাৰ ভিত্তি হব সমতা।

পাৰভিন চুলতানা

(প্রবন্ধটো ২৪ মে'ৰ গণ অধিকাৰ কাকতত প্রকাশ পাইছিল)

Post a Comment

0 Comments