ডকমকাৰ দুর্ঘটনা, অন্ধবিশ্বাস আৰু মিথ্যাচাৰৰ ৰাজনীতি


                               (Photo : Free Press Journal.in)

যোৱা ৮ জুনত গুৱাহাটীৰ দুজন যুৱক – নিলোৎপল দাস আৰু অভিজিৎ নাথৰ কার্বি আংলংৰ ডকমকা পুলিচ থানাৰ অন্তর্গত পাঞ্জুৰি কাচাৰি গাওঁত গণপ্রহাৰত মৃত্যু হয়। এই গাওঁখনৰে মানুহবোৰ যুৱক দুজনক ‘সোপাধৰা’ বুলি ভাবি মাৰ ধৰ কৰি গুৰুতৰ ভাবে আহত কৰি পেলায়। প্রায় দুঘন্টা ধৰি চলে এই অমানৱিক অত্যাচাৰ। আৰু শেষত এই নিৰীহ প্রকৃতি প্রেমিক যুৱক দুজনে মৃত্যুক সাৱটি ল’ব লগা হয়।

যুৱক দুজনৰ হত্যাৰ মূল কাৰণ হ’ল সোপাধৰাৰ উৰাবাতৰি সামাজিক গণমাধ্যম আৰু ৱাট্ছএপৰ জৰিয়তে অতি তীব্রতাৰে বিয়পি পৰিছে আৰু এই দুই যুৱক এনে অযুক্তিকৰ উৰাবাতৰিৰ বলী হ’ল। সোপাধৰা ঘুৰি ফুৰাৰ উৰাবাতৰি কেৱল অসমৰ কার্বি আংলং জিলাতেই নহয়, আনকি বিভিন্ন জিলাত বিয়পি পৰিছে আৰু এনে উৰাবাতৰিৰ বাবে সাধাৰণ ৰাইজ আতঙ্কিত হৈ পৰিছে। ফেব্রুৱাৰী মাহত পাঞ্জাবৰ দুজন শিখ ধর্মী মানুহক সোপাধৰা বুলি কামৰূপ জিলাত সাধাৰণ ৰাইজে আক্রমণ কৰিছিল। প্রহাৰৰ পৰা পৰিত্রাণ পাবলৈ হাত জোৰ কৰি থকা এই মানুহ দুজনৰ ভিডিও ছচিয়েল মিডিয়াত বহু প্রচাৰিত হৈছিল।

সাম্প্রতিক সময়তো বিভিন্ন উৰাবাতৰিৰ বাবে ৰাজ্যৰ ভালে কেইখন ঠাইত মানুহ ৰাইজৰ ৰোষত পৰিব লগা হৈছে। এই ঘটনাৰ প্রায় ২৪ ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা এনে ধৰণৰ ঘটনাৰ বাতৰি আহিব ধৰিলে। হোজাইত দুজন যুৱকক প্রায় একে সন্দেহত প্রহাৰ কৰিছিল মানুহৰ ভিৰে আৰু তেওঁলোকে কোনোমতে হে মৃত্যুৰ হাত সাৰিবলৈ সক্ষম হয়। ঠিক একে সময়তে বিশ্বনাথ চাৰি আলিত প্রায় ৬৫ বছৰীয়া এজন বৃদ্ধক ডাইনী বুলি সন্দেহ কৰি হত্যা কৰা হয়। সোপাধৰাৰ এনে উৰাবাতৰি ইয়াৰ আগতেও ৰাজ্যত বহুবাৰ বিয়পিছে আৰু ভালে কেইজন মানুহ এনে বাতৰিৰ বাবে গণপ্রহাৰৰ সন্মুখীন হ’ব লগা হয়।

সোপাধৰাৰ এই ধাৰণা নতুন নহয়। সৰুৰে পৰা গাওৱে ভূঁয়ে সৰু ল’ৰা-ছোৱালীক ঘৰৰ বাহিৰত অকলে যাবলৈ হাক দি মা-মাহীসকলে সোপাধৰাৰ ভয় দেখুৱায়। আমিও সৰুতে এনে কথা শুনিছিলো আম্মাৰ মুখত। ইয়াৰ মূল লক্ষ্য হ’ল নিশ্চিন্ত কৰা যে ল’ৰা-ছোৱালী যেন অচিনাকী মানুহৰ কাষ নাচাপে। আমি সৰুতে এই সোপাধৰাক ‘ছালাধৰা’ বুলি কৈছিলো আৰু আমাৰ ধাৰণা আছিল যে এনে মানুহ বাচ্চা চুৰ কৰি মোনাত ভৰাই লৈ যায়।

প্রচলিত ধাৰণা মতে সোপাধৰা এজন বাহিৰা পুৰুষ, তেওঁৰ চুলি দীঘল আৰু ঘাৰত সদায় এটা মোনালৈ ফুৰে। ঠিক সেই কাৰণে হয়তো ৱাট্ছ এপৰ দ্বাৰা প্রচাৰিত মেছেজ মতে বিহাৰৰ পৰা এক বৃহৎ সংখ্যক সোপাধৰা অসমত সোমাই আহিছে আৰু এইসকল মহিলাৰ দৰে কাপোৰ পিন্ধে বা এওঁলোক কিণ্ণৰ। সোপাধৰা সদায় বহিৰাগত। কার্বি আংলঙৰ ভয়াবহ অত্যাচাৰৰ যি ভিডিও প্রচাৰ হৈছে তাতে দেখা গৈছিল যে ৰক্তাক্ত নিলোৎপলে হাত জোৰ কৰি বাৰে বাৰে নিজৰ পৰিচয় দিবলৈ চেষ্টা কৰিছে – যে তেওঁ বাহিৰৰ নহয়, তেওঁ অসমৰে, তেওঁ অসমীয়া। এনে মর্মান্তিক দৃশ্যই মনক বিচলিত কৰি তোলে। প্রশ্ন উত্থাপন হয় কিয় সাধাৰণ মানুহ এনে ৰক্তপিপাসু ভিৰলৈ ৰূপান্তৰিত হয়। কেতিয়া নিজৰ বিশ্বাস/অন্ধবিশ্বাসৰ বাবে কাৰোবাক হত্যা কৰাও গ্রহণযোগ্য হৈ পৰে?

কার্বি আংলঙৰ এই ঘটনা সাম্প্রতিক সময়ৰ আন কিছু সমস্যাৰ পৰা বেলেগকৈ চোৱা অনুচিত। এই ঘটনাই কিছু গুৰুত্বপূর্ণ প্রশ্ন উত্থাপন কৰে। সোপাধৰাৰ এনে ভয় ন্যায্য নে? এইটো বুজিবলৈ আমি বর্ত্তমান ৰাজ্যত প্রায় হৈ থকা অপহৰণৰ দৰে অপৰাধৰ এটা বিশ্লেষণ কৰিব লাগিব। ৰাজ্যত অপহৰণৰ সমস্যাটো এটা গুৰুতৰ সমস্যা। প্রায় সময় ল’ৰা ছোৱালীক টকাৰ বাবে অপহৰণ কৰা হয়আনকি এনে বহু ঘটনা পোহৰলৈ আহিছে য’ত হয়তো কোনো এজন পৰিচিত এনে ঘটনাৰ লগত জড়িত। অপহৰণৰ এই সমস্যা ভয়াবহ ৰূপ লয় সীমান্তৱর্ত্তী এলেকাবোৰত, চৰাঞ্চলত আৰু অসম-মেঘালয় সীমান্তত। National Crime Records Bureauৰ তথ্য মতে ২০১৫ চনত ভাৰতৰ অপহৰণৰ শতকৰা ২২% অসমত সংঘটিত হৈছেশিশু সৰবৰাহৰ দৰে অপৰাধৰ ক্ষেত্রতো অসমৰ অৱস্থা শোচনীয়। দেশৰ ৩৮% শিশু সৰবৰাহৰ ঘটনা অসমত সংঘটিত।

প্রায় সময় উত্তৰ পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিশু, যুৱতী দেশৰ বিভিন্ন ঠাইলৈ লৈ যোৱাৰ ঘটনা পোহৰলৈ আহে। বিভিন্ন কাৰণত এনে ঘটনা ঘটে। গাথঁনিগত দৰিদ্রতা, সমাজৰ অসমানতা, গোষ্ঠীসংঘর্ষ, বাল্যবিবাহ, জীৱিকা উপার্জনৰ সুযোগৰ অভাৱ ইত্যাদি। বহু সংখ্যক যুৱতীক কর্ম সংস্থাপনৰ লালসা দি দুর্বৃত্তৰ দলে প্রায় ৰাজ্যৰ বাহিৰত লৈ গৈ অসৎ কামত জড়িত কৰে। বিয়া পতাৰ নামত ছোৱালীক একাধিক পুৰুষৰ তাতে বিক্রী কৰাৰ দৰে ঘটনাও পোহৰলৈ আহিছে।

সোপাধৰাৰ বা শিশু সৰবৰাহকাৰীৰ প্রতি থকা ভয় সেই ক্ষেত্রত অযুক্তিকৰ বুলি ক’ব নোৱাৰি। কিন্তু সোপাধৰাৰ কেৱল উৰাবাতৰি শুনি সন্দেহৰ ভিত্তিত কাৰোবাক হত্যা কৰাটো কেতিয়াও গ্রহণযোগ্য নহয়। কার্বি আংলঙৰ ঘটনাৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত প্রতিবাদ সাব্যস্ত কৰা হৈছে লগতে দোষীৰ শীঘ্রে উচিত শাস্তিৰ দাবী কৰা হৈছে। পিছে কিছু বিৰূপ প্রতিক্রিয়াও পৰিলক্ষিত হৈছে। সামাজিক গণমাধ্যমত এই ঘটনাৰ বাবে গোটেই কার্বি জাতিক জগৰীয়া কৰাও দেখা গৈছে। আনকি আপত্তিজনক শব্দ যেনে ‘জঙ্গলী, অসভ্য’ ইত্যাদিও ব্যৱহৃত হৈছে কার্বি জাতিৰ বিৰুদ্ধে।

দুর্ভাগ্যজনকভাৱে ন্যায় বিচাৰি ৰাজপথলৈ ওলাই অহা বহু সংখ্যক সাধাৰণ ৰাইজে দুর্বৃত্তৰ ফাঁচিৰ দাবী কৰাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা কার্বি বা আন জনজাতীয় মূলৰ মানুহক খেদি পঠিওৱাৰো পৃষ্টপোষকতা কৰিছে। কোৱা বাহুল্য অসমৰ দুই-এঠাইত জনজাতীয় মূলৰ মানুহক হাৰাশাস্তিও কৰা হৈছে এই ঘটনাৰ পিছত। বিভিন্ন সম্প্রদায়ৰ মাজত সম্পর্কবোৰ যেন তিক্ত হৈ পৰিব এনে ঘটনাৰ পিছত।

নিলোৎপল আৰু অভিজিৎৰ মৃত্যু খুবেই দুর্ভাগ্যজনক আৰু দোষীৰ উচিত শাস্তি হোৱাটো সকলোৰে কাম্য। দুজন নিৰীহ যুৱকক এনে বর্বৰতাৰে হত্যা কৰা হ’ল। সেই অকথ্য অত্যাচাৰৰ দৃশ্য ভিডিওত বন্দী কৰা হ’ল। সেই বর্বৰতাৰ দৃশ্যই নিশ্চয়কৈ সাধাৰন মানুহৰ নিদ্রা হৰণ কৰিছে। কিন্তু সময় আহি পৰিছে আমাৰ কিছু কঠিন প্রশ্নৰ সন্মুখীন হ’বলৈ। সোপাধৰাৰ উৰাবাতৰি কেৱল কার্বি আংলঙতে বিয়পি পৰা নাই। আৰু আগতে কোৱাৰ দৰে এই উৰাবাতৰিৰ বলী অসমৰ আন ঠাইতো বহু মানুহ হৈছে। নিলোৎপল আৰু অভিজিৎৰ হত্যাৰ দিনাখনে নলবাৰীৰ টিহুত এজন অৱসৰপ্রাপ্ত সেনা কর্মীক হত্যাৰ সন্দেহত ৰাইজে প্রহাৰ কৰি হত্যা কৰিলে।

এনে ঘটনাই য’ত এফালে ২১ শতিকাতো অন্ধবিশ্বাসৰ গভীৰ শিপাৰ উমান দিয়ে, আনফালে আইন শৃঙ্খলাৰ দুৰৱস্থা, ন্যায়িক ব্যৱস্থাৰ প্রতি সাধাৰন ৰাইজৰ অনাস্থাৰ কথা উনুকিয়াই দিয়ে। ভাৰতবর্ষত বিগত তিনি-চাৰি বছৰৰ পৰা ভিৰৰ প্রহাৰত মৃত্যুক সাৱটি লোৱা বহু কেইটা ঘটনা সংঘটিত হৈছে। সেয়া উত্তৰ প্রদেশৰ মহম্মদ আখলাকে হওক, বা ৰাজস্থানৰ পেহলু খান হওক বা অসমৰ নগাওঁৰ দুই যুৱক হওক।

নিয়মীত ভাৱে এনে ঘটনা ঘটা আৰম্ভ হৈছিল সেপ্টেম্বৰ মাহত দাদৰীত মোহম্মদ আখলাকৰ মৃত্যুৰ পৰা। কাৰণ আছিল দুষ্কৃতিকাৰীয়ে ৰটোৱা এটা ভুৱা খবৰ যে আখলাকৰ পৰিয়ালে গো-মাংস খাইছিল। কিন্তু দুর্ভাগ্যজনকভাৱে মৃত ব্যক্তিৰ পৰিয়ালক ন্যায় দিয়াৰ পৰিবর্ত্তে ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিল ৰাজনৈতিক দলসমূহ। শাসনাধিষ্ঠ ৰাজনৈতিক দলৰ কিছু নেতা মুকলি ভাৱে অভিযুক্তৰ পৰিয়ালৰ প্রতি হে সহানুভূতি ব্যক্ত কৰিল। দেশৰ ৰাজনৈতিক মুৰব্বীসকলেও ঘটনাটোক তীব্র গৰিহণা দিয়াৰ পৰা বিৰত থাকিল।

তাৰ পিছতো এনে বহু কেইটা ঘটনা ঘটি গ’ল যত কেৱল কিছু উৰা বাতৰিৰ ভিত্তিত উত্তেজিত নিয়ন্ত্রণহীন ভিৰৰ নিৰীহ মানুহে প্রাণ হেৰুৱাব লগা হল। এনে হিংসাই অসমকো সামৰি ললে। অসমতো নগাও জিলাত এনে কিছু হিংসাত্মক ঘটনা ঘটিছিল য’ত গৰু চুৰ কৰাৰ সন্দেহত গণ প্রহাৰত দুটা কম বয়সীয়া লৰাৰ মৃত্যু হৈছিল।

আজিৰ সময়ত এনে এটা আইন যিটোৱে এটা গোটক কোনো এজন মানুহক যি কোনো কাৰণতে হত্যা কৰিবলৈ বাধা দিয়ে আৰু যাৰ বাবে কঠোৰ শাস্তি পাব লগা উচিত, তাৰ দৰকাৰ হৈ পৰিছে। ভাৰতৰ কিছু উঠি অহা যুৱচামে এনে এটা আইন মাছুকা (মানৱ সুৰক্ষা কাণুন)ৰ দাবী কৰি আছে। এনে এটা আইন গুৰুত্বপূর্ণ কাৰণ য’ত মানুহক প্রহাৰ কৰা ভিডিও নির্লজ্জভাৱে ছচিয়েল মিডিয়াৰ দ্বাৰা প্রচাৰ কৰা হয়, তাৰ পিছতো দোষীক চিনাক্ত কৰি আটক কৰোতে সময় বহুত লাগে। এই আইনে কেৱল প্রহাৰ কৰা সকলক নহয়, চাৰিও ফালে থিয় হৈ এজন মানুহৰ মৃত্যুক মোবাইলত বন্দী কৰা সকলকো দায়বদ্ধ কৰা উচিত। কাৰণ এওঁলোকেও এনে অপৰাধৰ নীৰৱ সমর্থনকাৰী।

এনে আইনৰ গুৰুত্বৰ বিষয়ে ১৮ ডিচেম্বৰ, ১৯৬৩ চনত আমেৰিকাত কৃষ্ণাংগ সকলৰ পৌৰ অধিকাৰৰ আন্দোলনক নেতৃত্ব দিয়া মার্টিন লুথাৰ কিং জুনিয়ৰে পশ্চিমীয়া মিচিগান ইউনিভার্ছিটিত কৈছিল যে -- যদিও এয়া সচাঁ যে আইনে কোনো মানুহক মোক ভালপাবলৈ বাধ্য কৰিব নোৱাৰে, কিন্তু মোক হত্যা কৰাত তেওঁক বাধা দিবৈতিকতাক আইনৰ দ্বাৰা প্রচলিত কৰিব নোৱাৰি, পিছে আইনে মানুহৰ বাহ্যিক ব্যৱহাৰ নিয়ন্ত্রণ কৰিবলৈ সহায় কৰিব। আৰু এটি গণতান্ত্রিক দেশৰ এয়া দায়িত্ব যে এজন নাগৰিকে আন এজনৰ মৌলিক স্বাধীনতাত হস্তক্ষেপ নকৰে।

কার্বি আংলঙৰ ঘটনাত আৰক্ষী প্রশাসনৰ ভূমিকাৰ ওপৰতো প্রশ্ন উত্থাপন কৰিব লাগিব। ঘটনাস্থলীৰ ওচৰতে পুলিচ থানা থকা সত্ত্বেও প্রায় দুঘন্টালৈ চলা এই বর্বৰতাৰ বিষয়ে কিয় আৰক্ষী অৱগত নহল? কিয় কোনো পেট্রল সেইফালে নগল? দুর্ভাগ্যজনকভাৱে জিলাৰ উপাধক্ষ্যই এনে দায়িত্বহীন মন্তব্য কৰিলে যে লৰাবোৰে আৰক্ষীক জনাইহে উক্ত ঠাই ডোখৰলৈ যাব লাগিছিল। ভুক্তভোগীৰ দোষ বিচাৰি ফুৰাতকৈ অসমৰ সকলো গাওঁ আৰু ভিতৰুৱা অঞ্চল সুৰক্ষিত কৰাতহে গুৰুত্ব দিয়া উচিত আৰক্ষী।

সোপাধৰাৰ এনে বাতৰি প্রচাৰৰ বিৰুদ্ধেও প্রশাসনে সময় মতে কোনো পদক্ষেপ লোৱা নাছিল। উৰাবাতৰি, অন্ধবিশ্বাসে যেতিয়া মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব ধৰিছে তেতিয়া প্রত্যেক স্তৰতে অযুক্তিকৰ বিশ্বাসৰ বিৰোধিতা হোৱা উচিত। কিন্তু যেতিয়া আমাৰ ৰাজনৈতিক নেতাসকলে এনে বিশ্বাসৰ পৃষ্টপোষকতা কৰে তেনে ক্ষেত্রত সাধাৰন মানুহৰ মাজত এনে ধাৰণাৰ প্রচলন বন্ধ কৰা কঠিন।

ভাৰতবর্ষৰ প্রাচীন জ্ঞানৰ বৰঙনিৰ বিষয়ে উচিত গৱেষণা হোৱা উচিত। আনকি বহু কাব্যৰ মতে প্রাচীন কালত ভাৰতবর্ষৰ চিকিৎসাশাস্ত্র ভালে উন্নত আছিল। পিছে এই বিষয়ত উচিত গৱেষণা উৎসাহিত কৰাৰ ঠাইত চৰকাৰৰ প্রতিনিধিয়ে ৰাজহুৱা অনুষ্ঠানত অদ্ভুত কথা কোৱা আৰম্ভ কৰিছে – যেনে গণেশৰ প্লাস্টিক সার্জাৰী, মহাভাৰতত টেস্ট টিউব বেবী, মহাভাৰতৰ সময়ত ইন্টার্নেটৰ ব্যৱহাৰ ইত্যাদি। মধ্য প্রদেশৰ চৰকাৰে পাচঁজন সন্ন্যাসীক মন্তৃত্ব প্রদান কৰিলে। তাৰে ভিতৰত কম্পিউটাৰ বাবা চৰকাৰী দপ্তৰৰ চৌহদত ৰাইজৰ টকাৰে যজ্ঞ কৰে। বৰষুণৰ বাবে, গৰমৰ পৰা পৰিত্রাণ পোৱাৰ বাবে কাঠ জ্বলাই যজ্ঞ কৰা হয়। হয় আমাৰ দেশত নিশ্চয় সকলোৰে ধর্মীয় বিশ্বাসৰ স্বাধীনতা আছে। কিন্তু তাৰ অর্থ এয়া নহয় যে সাধাৰন ৰাইজৰ পৰা পোৱা ৰাজহৰে এনে বিশ্বাসক কার্য্যকৰী কৰা হ’ব। অসমতো মুখ্য মন্ত্রীয়ে বাস্তু শাস্ত্র মতে নিজৰ কার্য্যালয় সজায়, কাতি মাহত কোনো বস্তুৰে শুভাৰম্ভ নহ’ব বুলি ফর্মাণ জাৰি কৰে, আমাৰ শ্বাস্থ্যমন্ত্রীৰ মতে কর্কট ৰোগ হেনো পূর্বজন্মৰ কুকর্মৰ ফল। যেতিয়া আমাৰ নির্বাচিত ৰাজনৈতিক নেতাবোৰে এনে মতামতৰ পৃষ্টপোষকতা কৰে তেনে ক্ষেত্রত সাধাৰন ৰাইজৰ মাজত অন্ধবিশ্বাসৰ প্রচলন নিয়ন্ত্রিত কৰাটো কঠিন।

কার্বি আংলঙত ২০১৩ চনতো এটা সৰু কথাতে প্রায় পাঁচ শতাধিক মানুহ ওলাই আহি ঝংকাৰ শইকীয়া নামৰ যুৱক এজনক তেওঁৰ পিতৃৰ চকুৰ সন্মুখতে মাৰি মাৰি হত্যা কৰিলে। বহু প্রচলিত ভিডিওটো দেখি আৰক্ষীৰ ভূমিকা চাই স্তম্ভিত হৈ পৰিলো। আৰক্ষীৰ সন্মুখতে ল’ৰাজনক বাৰে বাৰে মাৰধৰ কৰা হ’ল কিন্তু ভিৰক নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে কোনো পদক্ষেপে নলল। এনে ভিৰক নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত আৰক্ষীক দায়বদ্ধ কৰিব লাগিব। য’ত প্রায় আৰক্ষীয়ে সাধাৰন নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হয়, তাতে ৰক্তপিপাসু ভিৰক কিয় নিয়ন্ত্রণ কৰিব নোৱাৰে আৰক্ষীয়ে? কিয় ভিডিওত স্পষ্ট ভাৱে দেখা পোৱা সকলক তৎক্ষণাৎ কঠোৰ শাস্তি দিয়া নহল। আজি পাচঁ বছৰ পিছতো ঝংকাৰ শইকীয়াৰ পিতৃ-মাতৃয়ে ন্যায় পোৱা নাই। আগতে ঘটি যোৱা এনে বর্বৰ ঘটনাৰ দোষীসকলক কঠোৰ শাস্তি দি এটি উদাহৰণ ডাঙি ধৰিলে হয়তো আজি নিলোৎপল, অভিজিৎ আমাৰ মাজৰ পৰা হেৰাই নগলহেতেন।


(এই প্রবন্ধটো জুলাই মাহৰ জ্ঞান সম্ভাৰ আলোচনীত প্রকাশিত হৈছে)

Post a Comment

0 Comments