গণতান্ত্রিক দেশত ডিটেনশ্যন কেম্পৰ প্রয়োজনীয়তা কিমান?


                                PC: Sentinel, Assam

কেইমাহমান আগতে মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পৰ এটা পদক্ষেপে পৃথিৱীৰ বিভিন্ন প্রান্তত কঠোৰ সমালোচনাৰ সন্মুখীন হব লগা হৈছিল। তেওঁৰ নির্দেশমর্মে অবৈধ ভাৱে আমেৰিকাত প্রবেশ কৰা পৰিয়ালবোৰক ডিটেনশ্যন কেম্পত বন্দী কৰাৰ লগতে শিশুসকলক নিজৰ নিজৰ পৰিয়ালৰ পৰা বিছিন্ন কৰি ৰখা হৈছিল। আঠ মহীয়া শিশুৰ পৰা এক বছৰ বয়সৰ শিশুকো নিজৰ মাতৃৰ পৰা পৃথক কৰি ৰখা কার্যক কেৱল ট্রাম্পৰ বিৰোধীসকলেই নহয়, তেওঁৰ নিজ দলৰ বহু নেতাও সমালোচনা কৰিছে।আমেৰিকাৰ এই বাতৰি পঢ়াৰ সময়ত অসমৰ ডিটেনশ্যন কেম্পৰ কথা মনলৈ আহিল। অসমত ৬ খন ডিটেনশ্যন কেম্পত তথাকথিত অবৈধ প্রব্রজনকাৰী বহুসংখ্যক পুৰুষ- মহিলা বন্দী হৈ আছে। সাধাৰণ নিয়ম মতে এক আইনী প্রক্রিয়াৰ জৰিয়তে যদি কোনোবাই নিজৰ নাগৰিকত্ব প্রমান কৰাত ব্যৰ্থ হয় তেতিয়াই মানুহজনক ডিটেনশ্যন কেম্পলৈ নি বন্ধী কৰি থোৱা হয়। অসমত জিলা কাৰাগাৰৰ একোটা অংশক ডিটেনশ্যন কেম্প হিচাপে ব্যৱহাৰ কৰা হৈ আছে। কিন্তু বিদেশী বুলি অভিযুক্ত এইসকলৰ অৱস্থা সাধাৰণ কয়দীতকৈ কিছু বেলেগ। এইসকলক জেলত আন কয়দীৰ দৰে কোনো হাজিৰাৰ কাম কৰিব দিয়া নহয়।  

ডিটেনশ্যন কেম্পবোৰ সময়ে সময়ে পর্য্যবেক্ষণ কৰা বিশিষ্ট মানৱ অধিকাৰ কর্মী হর্ষ মন্দেৰে বাৰে বাৰে ডিটেনশ্যন কেম্পবোৰৰ দুৰৱস্থাৰ কথা বিভিন্ন মঞ্চত উত্থাপন কৰিছে। শেহতীয়া ভাৱে হর্ষ মান্দাৰে মাননীয় উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কে এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনো দাখিল কৰিছে।ডিটেনশ্যন কেম্পবোৰত বহু বেছি মানুহক বন্ধী কৰি ৰখা হৈছে আৰু তেওঁলোকে তাত ন্যুনতম মানৱ অধিকাৰৰ পৰাও বঞ্চিত হৈছে। ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপন কৰা ডিটেনশ্যন কেম্পেবোৰে যেনেকৈ কণ কণ শিশুক নিজৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰিছে, সেই ডিটেনশ্যন কেম্পবোৰৰ পৰা আমাৰ দেশৰ অৰ্থাৎ অসমৰ ডিটেনশ্যন কেম্পবোৰ বেলেগ নে? আমাৰ দেশতো বহুলোকক নিজৰ নিজৰ পৰিয়ালৰ পৰা বিছিন্ন কৰি নতুবা পৰিয়াল ভংগ কৰি মানুহক ডিটেনশ্যন কেম্পত বছৰৰ পিছত বছৰ ধৰি বন্ধী কৰি ৰখা হৈছে। কণ কণ শিশুৰ পৰা তেওঁলোকৰ মাতৃক কাঢ়ি নি এই কেম্পবোৰত বাংলাদেশী বুলি বন্দী কৰা হৈছে,  অন্তঃসত্ত্বা মহিলাক কেম্পত ৰখা হৈছে আৰু  ১০২ বছৰীয়া বয়োজ্যেষ্ঠ বৃদ্ধকো কেম্পত বন্ধী কৰি ৰখা হৈছে। ডিটেনশ্যন কেম্পত এওঁলোকৰ দুৰৱস্থাৰ কথা সকলোৱে জানে কিন্তু তথাকথিত বিদেশী সমস্যা আৰু বিদেশী উলিওৱাৰ নামত এনে হাৰাশাস্তি চলিয়ে আছে। এনে বহু ঘটনা সন্মুখলৈ আহিছে যত দেখা গৈছে নিৰক্ষৰ আৰু দৰিদ্ৰ লোকক যেনে দিন হাজিৰা কৰা অজ্ঞ মানুহক একপক্ষীয় ৰায়ৰ জৰিয়তে বিদেশী বুলি ঘোষিত কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি ৰক্ষা হৈছে। নাম আৰু বয়সৰ সামান্য অমিলৰ অজুহাততে বিদেশী ন্যায়াধীকৰণে বহু স্বদেশীক বিদেশী বুলি ঘোষণা কৰি ডিটেনশ্যন কেম্পত বন্ধী কৰি ৰাখিছে। এনে ঘটনাও হৈছে যত এটা পৰিয়ালৰ কোনো এজনক বিদেশী বুলি ডিটেনশ্যন কেম্পত বন্ধী কৰি ৰখা হৈছে অথচ সেই পৰিয়ালৰ আনসকল ভাৰতীয়। এই অসামঞ্জস্যবোৰ এতিয়াও ঠিক হোৱা নাই। সদ্যহতে ডিটেনশ্যন কেম্পবোৰত অন্যায় ভাৱে বন্দী হৈ থকা ছোফিয়া খাতুন, খবিৰণ নেছাই মুক্তি লাভ কৰিলে। কিন্তু তেওঁলোকে জীৱনৰ মূল্যবান সময়বোৰ যে জেলখানাৰ কয়েদীৰ ৰূপত অতিবাহিত কৰিব লগা হল তাৰ বাবে কোন দায়ী? তেওঁলোকক সেই সময়খিনি ঘুৰাই দিব পাৰিব নে কোনোবাই? নে আমাৰ দেশত দুখীয়া, প্রান্তীয় সম্প্রদায়ৰ মানুহৰ জীৱনৰ নতুবা সময়ৰ কোনো মূল্য নাই?

যিসময়ত চাৰিও ফালৰ পৰা ডিটেনশ্যন কেম্পবোৰত চলি থকা মানৱ অধিকাৰ উলঙ্ঘণৰ অভিযোগ উত্থাপিত হৈছে আৰু এনে কেম্পবোৰ বন্ধ কৰাৰো দাবী তুলিছে বহু সমাজ কর্মীয়ে, থিক তেনে সময়তে গোৱালপাৰা জিলাত এটা নতুনকৈ বিশাল আকাৰৰ  ডিটেনশ্যন কেম্প খোলাৰ অনুমতি দিছে কেন্দ্রীয় চৰকাৰে। এখন গণতান্ত্রিক দেশত এনে কেম্প স্থাপনৰ প্রয়োজনীয়তা কিয়ামনখিনি ? ইয়াক লৈ আমি গৌৰৱান্বিত হব পাৰো নে? কল্যানকামী ৰাষ্ট্র ভাৰতবর্ষই সময়ে সময়ে নিৰীহ-নিষ্পেষিতসকলৰ বাবে নিজৰ দুৱাৰ মেলি দিছে – সেয়া চীনৰ আতিশায্যৰ পৰা পলাই অহা তিব্বতীসকলেই হওক বা তালিবানৰ অত্যাচাৰত সুৰক্ষা বিচাৰি অহা আফগানীসকলেই হওক। বৈধ বা অবৈধ প্রব্রজন বা শৰণার্থী কেৱল ভাৰতবর্ষৰ সমস্যা নহয়। গোটেই বিশ্বতে বিভিন্ন অঞ্চলত বিভিন্ন কাৰণত বিশেষকৈ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে বহু সংখ্যক মানূ্হ নিজ দেশ এৰি আন দেশলৈ বৈধভাৱেই হওক নতুবা অবৈধভাবেই হওক গৈ থিতাপি লবলগীয়া হয়। কিন্তু ছিৰিয়াৰ যুদ্ধৰ ফলত উদ্ভৱ হোৱা এই শৰণার্থীৰ সমস্যাৰ বাবে এক প্রকাৰে দায়ী আমেৰিকাকে ধৰি কিছু পশ্চিমীয়া দেশবোৰে আজিৰ দিনত শৰণার্থীকলৈ এক কঠোৰ আৰু অমানৱীয়  স্থিতি অৱলম্বন কৰা দেখা গৈছে। আন্তৰাষ্ট্রীয় ৰাজনৈতিক ব্যৱস্থাত এনে পৰিবর্ত্তনত গণতান্ত্রিক ভাৱধাৰাৰ এক অন্তর্দ্বন্দ পৰিলক্ষিত হয়। এফালে গণতন্ত্রই সার্বজনীন অধিকাৰৰ পৃষ্ঠপোষকতা কৰে  আনফালে গণতান্ত্রিক ভেঁটি শক্তিশালী কৰি তোলাৰ নামত ভৌগোলিক চাৰিসীমাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সার্বজনীন অধিকাৰবোৰ কাক দিয়া হব আৰু কাক দিয়া নহব সেইটো মনস্থ কৰা হয়। গণতন্ত্রৰ যেন এক সুকীয়া বৈশিষ্ট হৈ পৰিছে পৃথকীকৰণ -- আমি (Us) আৰু সিহঁত (Them) ৰ মাজত। আধুনিক ৰাষ্ট্রৰ বাবে নিজ নিজ  ভৌগলিক সীমা সুৰক্ষিত কৰা নিতান্তই গুৰুত্বপূর্ণ। কিন্তু  বিশ্বায়নে য'ত এফালে মানুহ আৰু পুঁজিৰ সঞ্চালন দেশবোৰৰ মাজত সহজ কৰি তুলিছিল অন্যফালে আজি আকৌ ৰাষ্ট্রবোৰ অর্থনৈতিক জাতীয়তাবাদলৈ ঘুৰি গৈ আছে আৰু ইয়াৰ কুফল ভুগিব লগা হৈছে উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ এটা নিৰাপদ আৰু ভাল জীৱনৰ আশা কৰি ঢাপলি মেলা লোকসকল।

প্ৰব্রজন এক বিশ্বজনীন প্ৰক্ৰিয়া। ভাৰতবর্ষতো প্রব্রজন বিভিন্ন কাৰণত হৈছে। বর্ত্তমানৰ ৰাজনৈতিক ব্যৱস্থাই এই প্রব্রজনক একমাত্র সুৰক্ষাৰ দৃষ্টিকোণেৰে বিশ্লেষণ কৰাটো একপ্রকাৰে বাধ্যতামূলক কৰি পেলাইছে। অসমত অবৈধ প্রব্রজনকাৰীৰ সমস্যা সমাধান কৰা জৰুৰী। কিন্তু নতুন নতুন ডিটেনশ্যন কেম্প তৈয়াৰ কৰি বছৰৰ পিছত বছৰ ধৰি বিদেশীৰ নামত স্বদেশীক অমানৱীয়ভাৱে বন্দী কৰি ৰাখিলে এই সমস্যা সমাধান হব জানো? বিদেশীকেই যেনিবা ডিটেনশ্যন কেম্পত বন্ধী কৰি ৰাখিছে কিন্তু সেইবুলি তেওঁলোকৰ মানৱ অধিকাৰ খৰ্ব কৰাটো উচিত জানো?

বিদেশীৰ কলঙ্কই বহুতৰ জীৱনতে অমানিশা নমাই আনিছে। আজি কিছুদিন আগতে তেজপুৰ কাৰাগাৰত বিদেশী বুলি ঘোষিত হোৱা ৭০ বছৰীয়া জব্বাৰ আলীৰ মৃত্যু হয়। জব্বাৰ আলীৰ মৃতদেহ তেওঁৰ পৰিয়ালক বুজাই দিয়া হয়। জীৱিত জব্বাৰ আলী আছিল বাংলাদেশী, পিছে মৃত জব্বাৰ আলী হৈ পৰিল ভাৰতীয়!! এন আৰ চিত নাম নুঠাৰ বাবে নিৰোদ বৰণ দাস নামৰ এজন অধিবক্তা আত্মহত্যা কৰে। মজদুৰী কৰি খোৱা এনে বহু নিৰীহ মানুহ ডি ভোটাৰৰ কেছত পৰি নিজৰ জীৱন শেষ কৰিছে। উদালগুৰীৰ দীপক দেবনাথ এন আৰ চিত নাম নহাৰ বাবে আত্মহত্যা কৰিছে।

আমেৰিকাৰ জেল বা কাৰাগাৰত কৃষ্ণাঙ্গ মানুহৰ সংখ্যা বেছি। কেৱল সন্দেহৰ ভিত্তিত নিৰস্ত্র কৃষ্ণাঙ্গ যুৱকক হত্যা কৰাৰ ঘটনা বহু সংঘটিত হৈছে। আমেৰিকাৰ প্রথম কৃষ্ণাঙ্গ ৰাষ্ট্রপতি বাৰাক ওবামাও এই সত্যক পৰিবর্ত্তন কৰিব পৰা নাছিল। কৃষ্ণাঙ্গসকলৰ বিৰুদ্ধে আনুষ্ঠানিক বর্ণ বৈষম্যৰ অন্ত আমেৰিকাত আজিও পৰা নাই। ভাৰতবর্ষৰ কাৰাগাৰত বন্দী হৈ থকাসকলৰ দুই-তৃতীয়াংশ ধর্মীয় সংখ্যালঘু আৰু অনুসূচিত জাতি, জনজাতিৰ মানুহ। তাৰে ভিতৰত সৰহ সংখ্যকৰ কেছ চলি আছে অর্থাৎ আণ্ডাৰ-ট্রায়াল। কেৱল সন্দেহৰ ভিত্তিত গ্রেপ্তাৰ হোৱা মোহম্মদ আমিৰ খান, নিছাৰ প্রায় দুই দশক পিছতহে মুক্তি লাভ কৰে। এওঁলোকৰ জীৱনৰ মূল্যবান সময়খিনি কাৰাগাৰত কটাব লগা হল।

যি সময়ত ইউৰোপীয় কিছু দেশে অপৰাধৰ হাৰ কমাৰ বাবে, জালখানা বন্ধ কৰি তাতে লাইব্রেৰী ইত্যাদি স্থাপন কৰি আছে, তেনে সময়ত আমাৰ লক্ষ্য বৃহৎ সংখ্যক মানুহক আটক কৰি ৰখা নহয়। ৰাজহূৱা কৰৰ ব্যৱহাৰ দেশৰ উন্নয়ণত হওক নতুন জেল আৰু ডিটেনশ্যন চেন্টাৰ পৰিচালনা কৰাত নহয়। ইয়াৰ ওপৰিও এখন সভ্য দেশত কেৱল আন দেশৰ নাগৰিক হোৱাৰ অপৰাধত এনে শাস্তি কিমানখিনি বাঞ্চনীয়? বিদেশীক সংশ্লিষ্ট দেশৰ লগত আলোচনা কৰি বা চুক্তি সম্পাদিত কৰি ঘুৰাই পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে চুবুৰীয়াৰ দেশবোৰৰ লগত ব্যৱসায়-বাণিজ্য আদিৰ সহায়ত প্রব্রজনক নিয়ন্ত্রণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তেনে নকৰি কেৱল ৰাজনৈতিক মুনাফা লুটাৰ বাবে মানুহৰ আত্মহত্যা, দৈনন্দিন হাৰাশাস্তিক আওকাণ কৰা একেবাৰে অনুচিত।


Post a Comment

0 Comments