চৰাঞ্চলৰ শিক্ষাৰ অৱস্থা



অসমৰ চৰ চাপৰিৰ এলেকাবোৰ এতিয়াও শিক্ষাৰ ক্ষেত্রত বহুখিনি পিছ পৰি আছে। ব্রহ্মপুত্রৰ বুকুত সিচঁৰিত হৈ থকা এই বালিচৰবোৰত ঘন জন বসতি, খেতি পথাৰ, বোকাময় বাট পথৰ ওপৰিও অস্থায়ী বজাৰ-হাট, বিদ্যালয় আৰু আন অনুষ্ঠান আছে। পিছে চৰাঞ্চলত বসবাস কৰা মানুহবোৰৰ সমস্যাৰ শেষ নাই। স্বাক্ষৰতাৰ হাৰ য’ত এফালে সন্তোষজনক নহয়, একে সময়ত এই এলেকাবোৰত শিক্ষাৰত হৈ থকা ছাত্র ছাত্রীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হব লগা হয়।

চৰাঞ্চলৰ বাসিন্দাসকলৰ অৱস্থাৰ এটি সঠিক প্রতিচ্ছবি ডাঙি ধৰিবলৈ জৰীপ এতিয়ালৈকে কেৱল দুবাৰহে হৈছে – ১৯৯২-৯৩ চনত এবাৰ আৰু দ্বিতীয়বাৰ ২০০৩-০৪ত। আৰু এই জৰীপে চৰাঞ্চলৰ অনুন্নতিৰ এক ভয়াবহ চিত্র উদঙাই দিছে। ২০০৩-০৪ চনলৈকে চৰাঞ্চলবোৰৰ স্বাক্ষৰতাৰ হাৰ কেৱল ১৯.৩৯%। একে সময়ত অসমৰ স্বাক্ষৰতাৰ হাৰ আছিল ৫৩.৭৯%।

শিক্ষাৰ এনে অৱস্থাই চৰাঞ্চলৰ সামগ্রিক অনুন্নতিৰ কাৰণ দর্শাই দিয়ে। যি সময়ত অসমৰ সামগ্রিক স্বাক্ষৰতাৰ হাৰ পঞ্চাছ শতাংশৰ অধিক আৰু ভাৰতৰ কিছু ৰাজ্যৰ শিক্ষিতৰ হাৰ প্রায় এশ শতাংশ, তেনে ক্ষেত্রত চৰাঞ্চলবোৰৰ অৱস্থা শোচনীয়। পিছে এনে নিম্ন শিক্ষাৰ হাৰ হোৱাৰ কাৰণবোৰ বিশ্লেষণ কৰিলে চৰ এলেকাবোৰে সন্মুখীন হোৱা অৱহেলাৰ কথাবোৰ ফুটি উঠে।

শিশু এটাৰ প্রথম শিক্ষক হল মাতৃ। মাকে সন্তানৰ প্রাথমিক শিক্ষা আৰম্ভণি কৰাৰ লগতে লৰা ছোৱালীৰ পঢ়া শুনাৰ খা খবৰ ৰাখে। পিছে সেই মাতৃজনী নিজে নিৰক্ষৰ হলে, তেওঁ এই দায়িত্ব খুব ভালকে পালন কৰিব নোৱাৰে। চৰাঞ্চলৰ সামগ্রিক স্বাক্ষৰতাৰ হাৰ কম হোৱাৰ লগে লগে নাৰী শিক্ষাৰ আৰু কম। এই ক্ষেত্রত ধুবুৰী জিলা সবাতোকৈ পিছ পৰা। অসমৰ সৰহ সংখ্যক চৰবোৰ ধুবুৰী আৰু বৰপেটাত আৰু এই দুই জিলাৰ চৰবোৰৰ স্বাক্ষৰতাৰ হাৰ হ’ল ক্রমে ১৪ শতাংশ আৰু ১৭ শতাংশ।

চৰবোৰত এতিয়াও বাল্য বিবাহৰ প্রভাৱ ভয়ঙ্কৰ। বাল্য বিবাহ বেআইনী হোৱা সত্ত্বেও প্রাথমিক বিদ্যালয়ৰ ডেওনা পাৰ কৰোতে নকৰোতে এই কণ কণ ছোৱালীবোৰক বিয়া দি দিয়া হয়। তেওঁলোকৰ শিক্ষা জীৱন এই খিনিতে সমাপ্ত হয়। অপৈণত বয়সত বিয়া আৰু মাতৃত্বৰ ফলত বহু স্বাস্থ্যজনিত সমস্যাৰো সন্মুখীন হব লগা হয় এইসকল। আৰু নিজৰ সন্তানৰ শৈক্ষিক উন্নয়নত এওঁলোকৰ ভূমিকা সীমিত হৈ পৰে।

ইয়াৰ ওপৰিও চৰ-চাপৰিত বসবাস কৰা লোকসকলৰ জীৱন-ধাৰণৰ মাণদণ্ড, ধর্মীয় আৰু সামাজিক পৰিবেশ, সামাজিক, ৰাজনৈতিক অৱস্থান আৰু অন্যান্য দিশবোৰ ফঁহিয়াই চালে দেখা যায় যে চৰ চাপৰিৰ জনসাধাৰণৰ শিক্ষাহীনতাৰ মূলতে আছে – যোগাযোগহীনতা, দৰিদ্রতা, অজ্ঞতা, স্বাস্থ্য সেৱাৰ অভাৱ, জন্মৰ উচ্চ হাৰ, চৰকাৰী বিদ্যালয়ৰ অভাৱ, চৰকাৰী নীতিৰ সৎভাৱে কার্য্যকৰী নকৰা, প্রত্যেক বছৰে নিয়মীয়াকৈ হোৱা বান আৰু গৰাখহনীয়া, ৰাজনৈতিক আৰু ধর্মীয় শোষণ ইত্যাদি।

সৰহ সংখ্যক চৰ চাপৰিৰ নিকটৱর্ত্তী এলেকালৈ যোগাযোগৰ একমাত্র উপায় হল নাৱেৰে। ৰাস্তা ঘাটৰ অনুপস্থিতিৰ বাবে নদীৰ পানী শুকাই গলে বহুখিনি বালিচৰ খোজকাঢ়ি পাৰ হব লাগে। ইয়াৰ বাহিৰে উপায় হল ঘোঁৰা গাড়ী, বাইক বা ট্রেক্টৰ। কোনো স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হলে ওচৰৰ টাউনলৈ ৰোগীক লৈ যোৱাটোও হৈ পৰে এক ডাঙৰ প্রত্যাহ্বান। পিছে এই সমস্যাবোৰৰ সন্মুখীন নিজৰ দৈনন্দিন জীৱনত হব লগা হৈছে লাখ লাখ চৰবাসী।

ইলশামাৰীৰ অভিজ্ঞতা

চৰাঞ্চলৰ শিক্ষাৰ দুৰৱস্থাৰ কথা কবলৈ আমাৰ নিজা এক অভিজ্ঞতা ডাঙি ধৰিব খোঁজো। ধুবুৰীৰ উঠি অহা লৰা ছোৱালীৰ মাজত কিতাপ পঢ়াৰ আৰু লিখা মেলা কৰাৰ এক অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে এবছৰ আগতে আমি কেইজন মান মিলি ধুবুৰী বুক ক্লাব বোলা এক অনানুষ্ঠানিকভাৱে এটা গোট গঠন কৰিছিলোঁ। এই বুক ক্লাবে সময়ে সময়ে বিভিন্ন বিদ্যালয়ত গৈ কণ কণ লৰা ছোৱালীৰ মাজত আবৃত্তি অনুষ্ঠান ইত্যাদি পাতে বা কিতাপ পঢ়াৰ গুৰুত্বলৈ আলোচনা কৰে।

তেনে এক অনুষ্ঠানৰ কথা চিন্তা কৰি বুক ক্লাবৰ আমি তিনিজন সদস্য ধুবুৰীৰ ইলশামাৰী চৰলৈ গলোঁ। গন্তব্যস্থল আছিল ২৪৩১ নং ইলশামাৰী এল পি স্কুল। ইলশামাৰী চৰৰ দুৰত্ব ধুবুৰী চহৰৰ পৰা প্রায় ১২ কিঃমিঃ। ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত এই চৰলৈ যোৱা পথ পিছে দুর্গম। আমাৰ সন্মুখত দুটা পথ আছিল – ধুবুৰীৰ নিউ ঘাটৰ পৰা এঘন্টা নাৱেৰে গৈ প্রায় ৮ কিঃমিঃ খোজ কাঢ়ি বা ঘোঁৰা গাড়ীত যোৱা, নাইবা প্রায় ৪ কিঃমিঃ খোঁজ কাঢ়ি গৈ ৪৫ মিনিট বাইক যোৱা। সময়ৰ নাটনি থকাৰ বাবে আমি দ্বিতীয় পথটো বাচি ললোঁ।

সোণৰ দৰে জিলিকা থকা বালিচৰখনত পিছে খৰকৈ খোজকাঢ়া কঠিন। প্রায় ৪ কিঃমিঃ খোজকাঢ়ি নাৱেৰে সৰু এটা খেওৱা পাৰ হলোঁ। তাৰ পিছতে আৰম্ভ হল বাইক যাত্রা। বাইকেৰে যোৱাৰ বাবেও কোনো পকি ৰাস্তা নাই। বহুবাৰ খেতি পথাৰৰ মাজেৰে পাৰ হৈ যাব লগা হল। বাইকত ইমান সময় ধৰি যাত্রা কৰাৰ সময়ত মনোলৈ ভাৱ আহিল যে মই সদায় এই একে দুৰত্ব অতিক্রম কৰি গৌৰীপুৰত মই চাকৰি কৰা প্রমথেশ বৰুৱা মহাবিদ্যালয়লৈ যাওঁ। সময় লাগে অটোবোৰত ২০ৰ পৰা ২৫ মিনিট। কিন্তু ইলশামাৰী চৰত পথৰ অনুপস্থিতিত প্রায় দেড় ঘন্টা সময় লাগিল সেই একে দুৰত্ব অতিক্রম কৰোঁতে।

সি যি কি নহওক, বিদ্যালয়লৈ গৈ পালোঁ। তাতে কণ কণ লৰা ছোৱালী অতি উৎসুকতাৰে আমাক আগুৰি ধৰিল। তাৰ পিছত ছাত্র ছাত্রীসকল প্রার্থনা সম্পূর্ণ কৰি দিনটোৰ অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। এই বিদ্যালয়লৈ যোৱাৰ এক সুকীয়া কাৰণ হল যে বিদ্যালয়ত কর্মৰত সহকাৰী শিক্ষক দিবাকৰ ৰেণু ডাঙৰীয়াই বহুখিনি প্রত্যাহ্বানৰ সন্মুখীন হৈও স্কুলৰ ছাত্র ছাত্রীৰ বাবে এটি গ্রন্থাগাৰ আৰম্ভ কৰে। কুঁহিপাত গ্রন্থাগাৰ নামৰ এই প্রচেষ্টাৰ জৰিয়তে তেওঁ এই পিছ পৰা ঠাইৰ শিশুসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ এক পৱিত্র চেষ্টা হাতত লৈছে। তেওঁৰ লগত হোৱা এক কথোপকথনত তেওঁ উল্লেখ কৰে যে নিজে বিভিন্ন ঠাইৰ পৰা কিতাপ পত্র জোগাৰ কৰি গ্রন্থাগাৰটো আৰম্ভ কৰে। ছাত্র ছাত্রীসকলৰ পৰা তেওঁৰ এই প্রচেষ্টা প্রথমৰে পৰা খুব ভাল সঁহাৰি পাইছিল। পিছে সহকর্মীসকল আৰু স্কুল কর্তৃপক্ষই প্রথমতে তেওঁক সিমানখিনি সহযোগিতা বঢ়োৱা নাছিল।

এল পি স্কুলৰ ছাত্র ছাত্রীসকলে হেনো তেওঁৰ লগত প্রতিযোগিতা কৰি গ্রন্থাগাৰৰ কিতাপ ইছ্যু কৰে। তেওঁ ছাত্রবোৰকে গ্রন্থাগাৰ পৰিচালনা কৰাৰ দায়িত্বও দিছিল। সেই সৰু বয়সৰ পৰাই লৰা ছোৱালীক দায়িত্ব লোৱাৰ শিক্ষা দিলে ভৱিষ্যতে তেওঁলোক বিভিন্ন ক্ষেত্রত নেতৃত্ব দিবলৈ সাহস পাব। আমাৰ এই স্কুললৈ যোৱাৰ এক সুকীয়া কাৰণ আছিল এই গ্রন্থাগাৰত লৰা ছোৱালীৰ বাবে কিছু গ্রন্থ উপহাৰ দিয়া। সিঁহতৰ হাতত যেতিয়া গ্রন্থৰ টোপলাটো তুলি দিয়া হল, সিহঁতৰ আনন্দময় মুখবোৰ দেখাৰ নিচিনা আছিল। কিতাপৰ টোপোলা হাতত লৈ এই কণ কণ লৰা ছোৱালীবোৰে আমাক কিতাপবোৰ অতি শীঘ্রে পঢ়ি শেষ কৰিব বুলি কথা দিলে। ইয়াৰ পিছত লৰা ছোৱালীৰ বিদ্যালয়টোৰ বার্ষিক খেল ধেমালিৰ বঁটা বিতৰণ কৰি তেওঁলোকক ছুটি দি দিয়া হল।

তাৰ পিছত আমি সকলেও বিদ্যালয়ৰ ৰান্ধনীয়ে তৈয়াৰ কৰা খাদ্য গ্রহণ কৰিলোঁ। চৰাঞ্চলৰ মানুহৰ আতিথ্যৰ কথা দোহৰাই কোৱাৰ দৰকাৰ নাই। আমাৰ বাবে যি ধৰণৰ দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছিল, তাতেও এই আতিথ্যৰ উমান পোৱা যায়। খোৱা বোৱাৰ পিছত আমি স্থানীয় ৰাইজৰ লগত এটা আলোচনাত বহিলোঁ। কণ কণ লৰা ছোৱালীৰ মাজত সম্ভাৱনা বহুত, পিছে এই সম্ভাৱনাবোৰ কিয় হেৰাই যায় সেই প্রশ্ন বাৰে বাৰে মনত উদ্ভৱ হৈ আছিল।

স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ লগত জড়িত মানুহবোৰৰ লগত অলপ আলোচনা কৰিলোঁ এই বিষয়লৈ। স্থানীয় সমাজ কর্মী হানিফ আলী ডাঙৰীয়া ঠাইখনৰ সমস্যা ডাঙি ধৰাৰ চেষ্টা কৰিলে। ইলশামাৰীৰ ওচৰে পাঁজৰে বিদ্যালয়ৰ সংখ্যা যথেষ্ট নহয়। ৪খন মান এল পি স্কুল থকাৰ পৰিবর্ত্তে কেৱল এখন কৈ এম ই আৰু হাই স্কুল আছে। হাই স্কুল একেবাৰে সীমান্তৰ ওচৰত। এম ই পাছ কৰি ছাত্রবোৰ যেতিয়া হাই স্কুলত নামভর্ত্তী কৰাব যায়, ছাত্রৰ সংখ্যা ইমান বেছি হয় যে বিদ্যালয় কর্তৃপক্ষই প্রবেশ পৰীক্ষা লোৱাৰো ব্যৱস্থা কৰিছে দুই একবাৰ।

নিকটৱর্ত্তী ভোগডহৰ হাই স্কুলতো একে অৱস্থা। স্কুল কর্তৃপক্ষই কেৱল ২০০ ছাত্রৰ নাম ভর্ত্তী কৰাৰ সিদ্ধান্ত ললে আৰু সাক্ষাৎকাৰৰ জৰিয়তে এই ছাত্রবোৰক বাছনি কৰা হব বুলি ঘোষণা কৰিলে। প্রায় ৪০০ জন ছাত্র সেই সাক্ষাৎকাৰৰ বাবে উপস্থিত হল। তেনে দীঘলীয়া সাৰী দেখি ভাৱ হব যে শিক্ষা যেন অধিকাৰ নহয় এক বিশেষ সুবিধা হে।

ইলশামাৰীৰ ওচৰৰ হাই স্কুলতো একে অৱস্থা। এটা শ্রেণীত প্রায় ২০০ৰ পৰা ৩০০ ছাত্র। স্কুলৰ প্রধান শিক্ষকক স্থানীয় লোকে ক্লাছবোৰত সেকশ্যন কৰি ক্লাছ লবলৈ অনুৰোধ কৰা সত্ত্বেও তেওঁলোকে কিছু অজুহাত দেখাই সেকশ্যনো নকৰিলে আৰু ইমান সংখ্যক ছাত্র হোৱাৰ বাবে ক্লাছ পাতিও ভালকে নহয়। যি সকল লৰা ছোৱালী এই একমাত্র হাই স্কুলত আসন নাপায় তেওঁলোকৰ পঢ়াশুনা এইখিনিতে শেষ হয়। কাৰণ নিকটবর্ত্তী এলেকালৈ দৈনন্দিন দেড় ঘন্টা পথ অতিক্রম কৰি স্কুল কৰা একপ্রকাৰ অসম্ভৱ।

এতিয়া অহা যাওক স্কুলবোৰৰ কথালৈ। স্কুলবোৰত এসময়ৰ এটা ডাঙৰ সমস্যা আছিল শিক্ষকৰ অভাৱ। পিছে টেট শিক্ষকৰ নিযুক্তিয়ে এই সমস্যা বহুখিনি কমাই দিছে। কিন্তু স্কুলবোৰত শিক্ষক থাকিলেও আন কিছু সমস্যা দেখা যায়। সকলো টেট শিক্ষক প্রায় নিকটবর্ত্তী ধুবুৰী টাউনত বসবাস কৰে। নাৱেৰে নদী পাৰ হৈ, চাইকেলেৰে স্কুল পাওতে এওঁলোকৰ প্রায় দেড় দুই ঘন্টা লাগি যায়। আকৌ ঘুৰি অহাৰ তাগিদা থকাৰ বাবেও অলপ আগতীয়াকৈ ওলাব লগা হয়। সেই কাৰণে শিক্ষকসকল স্কুললৈ নিয়মীয়াকৈ গলেও খুব বেছি সময় দিবলৈ সক্ষম নহয়।

স্থানীয় ৰাইজে টেট শিক্ষকসকলৰ পৰা বহুখিনি আশা কৰে আৰু তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়ায়। টেট শিক্ষকসকলেও বহু সীমাবদ্ধতাৰ মাজত কাম কৰাৰ চেষ্টা কৰি আছে। কিন্তু যোগাযোগৰ সমস্যাই তেওঁলোকৰ বাবে ডাঙৰ প্রত্যাহ্বান। হানিফ আলী ডাঙৰীয়াক স্থানীয় প্রশাসন বা বিধায়কে কোনো ধৰণৰ পদক্ষেপ লৈছে নে বুলি কোৱাত তেওঁ উত্তৰ দিলে যে স্থানীয় ৰাজনৈতিক নেতাবোৰেও কেতিয়াও এই প্রান্তীয় এলেকাবোৰৰ উন্নয়ণত গুৰুত্ব নিদিয়ে।

ইলশামাৰীৰ অৱস্থা সুকীয়া নহয়। অসমৰ বিভিন্ন চৰাঞ্চলত প্রায় একে অৱস্থা দেখা যায়। কেৱল ৰাস্তা ঘাটৰ দুৰৱস্থাই এওঁলোকৰ জীৱনৰ মানদণ্ড বহু তললৈ ঠেলি দিয়ে। চিন্তাজনক বিষয় হল এনে আন্তঃগাঁথনিগত সমস্যাৰ বাবে বছৰে বছৰে বহু সম্ভাৱনাপূর্ণ ছাত্র ছাত্র নিজৰ প্রাপ্য অর্থাৎ ভাল শিক্ষাৰ পৰা বঞ্চিত হয়। ৰাজনৈতিক নেতাবোৰে যদি অলপ গুৰুত্ব সহকাৰে এই এলেকাবোৰৰ সমস্যা যেনে ভাল ৰাস্তা ঘাটৰ ব্যৱস্থা কৰি দিয়ে তেনেহলে এই প্রান্তীয় এলেকাবোৰো নিকটবর্ত্তী টাউন এলেকাবোৰৰ সমানে আগবাঢ়ি যাব পাৰিব। চৰাঞ্চলৰ কথাবোৰ কেৱল সংখ্যায়নৰ দলিল নহয়। এই লিখনিৰ দ্বাৰা ধুবুৰী জিলাৰ সদৰ ধুবুৰী টাউনৰ পৰা কেৱল ১২ কিঃমিঃ নিলগত এক অন্য পৃথিৱীত বসবাস কৰা মানুহৰ দুৰৱস্থা ডাঙি ধৰাৰ এক সৰু প্রয়াস কৰা হ’ল।

Post a Comment

0 Comments