তিনি তালাক আইন: সমস্যাৰ সমাধান নে ৰাজনৈতিক আহিলা?


বহু চর্চিত তিনি তালাক আইন দ্বীতিয় বাৰৰ চেষ্টাত এন ডি এ চৰকাৰে গৃহীত কৰাত সফল হল। এই নতুন আইনখনে একেৰাহে তিনি তালাক দিয়া পুৰুষজনক তিনি বাছৰলৈকে কাৰাবন্দী কৰিব পাৰে আৰু তেওঁৰ ওপৰত জৰিমনা জাপি দিব পাৰে। যোৱা ৩০ জুলাইৰ দিনাখন ৰাজ্যসভাত এই বিলখন প্রস্তাবিত হোৱাৰ সময়ত কংগ্রেছে তিনি তালাকৰ অপৰাধীকৰণৰ বিৰোধিতা কৰিছিল। কংগ্রেছ প্রবক্তাসকলৰ মতে উচ্চতম ন্যায়ালয়ে তিনি তালাক প্রথাক অবৈধ বুলি ঘোষণা কৰাৰ পিছত এই প্রথাৰ বাবে শাস্তি প্রদানৰ বাবে আইন প্রনয়ণৰ কোনো প্রয়োজন নাছিল। ক্ষমতাধিষ্ট এন ডি এৰ সদস্য জনতা দল (ইউনাইটেড) আৰু এআইএডিএমকে ৰাজ্য সভাৰ পৰা ‘ৱাক আউট’ কৰে।

প্রস্তাবিত আইনখনৰ সমর্থনত ৯৯টা ভোট পৰিছিল আৰু বিৰোধত ৮৪ টা ভোট পৰিছিল। বহুজন সমাজৱাদী পার্টী, তেলাঙ্গানা ৰাষ্ট্র সমিতিৰ সাংসদসকল আৰু তেলুগু দেশম পার্টীৰ সাংসদসকল ভোটিঙৰ সময়ত অনুপস্থিত আছিল। এআইএডিএমকে আৰু জেডি(ইউ)ৰ ৰাজ্য সভা ত্যাগ কৰাৰ পিছত ৰাজ্য সভাৰ মুঠ সদস্যৰ সংখ্যা ২১৩জন লৈ কমি যায়। আৰু নৰেন্দ্র মোদী ডাঙৰীয়াৰ প্রথম কার্য্যকালত এই বিলখন পাছ কৰিব নোৱাৰিলেও, এইবাৰ এই বিলখন গৃহীত কৰিবলৈ সক্ষম হয় চৰকাৰে।

বিলখন সদনত উত্থাপিত কৰে কেন্দ্রীয় আইন মন্ত্রী ৰবি শংকৰ প্রসাদে। ভাষণৰ আৰম্ভণিতে তেওঁ কয় যে এই আইনখন মানৱতাৰ খাতিৰত সকলো সদস্যই সমর্থন কৰিব লাগে। বিশেষকৈ যিহেতু প্রায় ২০ টা ইছলামিক ৰাষ্ট্রই তিনি তালাক আইনক নিষিদ্ধ কৰিছে নাইবা বিভিন্ন ধৰণে নিয়ন্ত্রণ কৰিছে, সেইবাবে এটা ধর্মনিৰপেক্ষ দেশ হিচাপে ভাৰতবর্ষেও এনে অমানৱিক আইনৰ প্রচলন শীঘ্রে বন্ধ কৰা উচিত।

প্রসাদে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতো একেৰাহে দিয়া তিনি তালাক প্রথা বন্ধ হোৱা নাই। তেওঁ উল্লেখ কৰে যে ৫৭৪ টা তিনি তালাকৰ ঘটনা সংঘটিত হৈছে উচ্চতম ন্যায়ালয়ে এই প্রথা অবৈধ বুলি ঘোষণা কৰাৰ পিছতো। তেওঁৰ মতে এই মধ্যযুগীয় আৰু নাৰীবিৰোধী প্রথা যত নগন্য বিষয়ত কাজিয়া কৰি মহিলাক তালাক দিয়া হয়, সেই প্রথা বন্ধ কৰাৰ একমাত্র উপায় হল এই প্রথাৰ এক অপৰাধ বুলি গণ্য কৰা আৰু এই পদ্ধতিত বিবাহ বিচ্ছেদ কৰাৰ চেষ্টা কৰা সকলক শাস্তি প্রদান কৰি।

প্রসাদে কিছু সাংসদৰ প্রশ্নৰ উত্তৰত কয় যে এই আইনখনৰ যেন অপব্যৱহাৰ নহয় তাৰ প্রতি লক্ষ্য ৰাখি ঠিক কৰা হৈছে যে অভিযুক্ত স্বামীৰ বিৰুদ্ধে পত্নী বা কোনো পৰিয়ালৰ সদস্যই অভিযোগ কৰিলে হে তেওঁক গ্রেপ্তাৰ কৰা হব। তাৰ পিছত অভিযুক্তক জামিন দিয়া হব পাৰে পত্নীৰ স্টেটমেন্টৰ ওপৰত ভিত্তি কৰি।

গুৰুত্বপূর্ণ বিলটোৰ ওপৰত হোৱা বিতর্কত অংশগ্রহণ কৰি কংগ্রেছ সাংসদ অমি য়াগনিকে কয় যে তিনি তালাক প্রথা যদিও বন্ধ হব লাগে তিনি তালাকৰ অপৰাধীকৰণৰ সমর্থন কৰিব নোৱাৰি। তেওঁ চিন্তা প্রকাশ কৰে যে এই আইনখনে মহিলাক পৰিয়ালৰ লগত জড়িত বিষয় এটাক লৈ ফৌজদাৰী কোর্টত যোৱাৰ বাবে বাধ্য কৰিব। তেওঁৰ মতে তিনি তালাক দি জেলত যোৱাৰ ভয়ত পুৰুষসকলে এনে পত্নীক এৰি যাব পাৰে আৰু অনা-মুছলমান মহিলাক তেওঁৰ পতী এৰি গলে কোনো আইনী ব্যৱস্থা লোৱাৰ উপায় নাই বর্তমান।

তিনি তালাক আইনে তালাক এ বিদাত অর্থাৎ একেৰাহে দিয়া তিনি তালাকক কথিত, লিখিত বা আন মাধ্যম যেনে ইন্টার্নেট, এছ এম এছৰ দ্বাৰা প্রদান কৰাক অবৈধ বুলি ঘোষণা কৰে। কিন্তু এনে কৰিলে, পত্নীৰ অভিযোগত পতীক গ্রেপ্তাৰ কৰা হব। তেওঁৰ অপৰাধ প্রমাণিত হলে তেওঁ তিনি বছৰলৈকে জেল খাটিব পাৰে আৰু লগতে জৰিমনা দিব লগা হব পাৰে। উল্লেখযোগ্য যে এই সময়ছোৱাত তেওঁ মহিলাগৰাকীৰ লগত বিবাহিত থাকিব আৰু মহিলাগৰাকীৰ লগতে নিজৰ পৰিয়ালৰ ভৰণ পোষণ তেওঁ দিব লাগিব।

এই আইনখনৰ প্রতি এটা মিশ্র প্রতিক্রিয়া দেখা যায়। প্রায় ১৫ বছৰৰ পৰা এই প্রথাৰ বিৰুদ্ধে যুঁজি থকা ভাৰতীয় মুছলিম মহিলা আন্দোলন (BMMA) এই আইনখনক সমর্থন জনায়। কিন্তু আন মুছলিম সংগঠনৰ লগতে মহিলাৰ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰৰ হকে কাম কৰা কিছু সংগঠনে এই আইনখনৰ বিষয়ে সন্দেহ প্রকাশ কৰিছে।

মুছলিম মহিলা সংবিধান পৰিষদে (MMSP)য়ে বহু বছৰৰ পৰা মৌখিক তালাকৰ বিৰোধিতা কৰি আছে আৰু তেওঁলোকৰ মতে এই আইনখনে মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰিব। তেওঁলোকে উনুকিয়াই দিয়ে যে এই আইনৰ মতে স্বামীজনক জেলত বন্দী কৰিলে তেওঁ কিদৰে নিজৰ পৰিয়ালৰ অর্থনৈতিক দায়িত্বভাৰ কেনেকৈ লব? MMSPৰ সভানেত্রী ৰাজিয়া পেটেলৰ মতে চৰকাৰে এটি ধর্মনিৰপেক্ষ আইন প্রনয়ণ কৰাত বিফল হল।

এই আইনৰ বিষয়ে চিন্তা আৰু উদ্বিগ্নতা প্রকাশ কৰিছে বহু সমাজকর্মীয়ে। এই আইনে বিবা্ বিচ্ছেদৰ দৰে পৌৰ অধিকাৰ এটাক অপৰাধৰ আওতাত লৈ গৈছে। এই আইনে কেৱল মুছলমান মানুহৰ বাবে বিবাহ বিচ্ছেদক এক অপৰাধ বুলি গণ্য কৰিছে। তিনি তালাক অবৈধ ঘোষিত হোৱাৰ পিছত একেৰাহে তিনি তালাক দিলে তালাক নহব। কিন্তু তালাক নহলেও স্বামীজনক জেলত কাৰাবন্দী কৰা হব পাৰে।

কোনো এটা বিষয়ৰ অপৰাধীকৰণে এই সমস্যাৰ সমাধান কৰিব পাৰিব নে নাই সেইটো এটা চিন্তাৰ বিষয়।  বিশিষ্ট ফৰাচী আইনজ্ঞ মণ্টেছকিৱীৰ মতে প্রতিটো শাস্তি যাৰ উৎপত্তিৰ কাৰণ পৰম প্রয়োজনীয়তা নহয়, সেয়া স্বৈৰাচাৰী। বৰঞ্চ ফৌজদাৰী আইন সদায় শেষ উপায় হিচাপে হে ব্যৱহৃত হোৱা উচিত। কিন্তু বর্ত্তমান আধুনিক ৰাষ্ট্রৰ এটি বৈশিষ্ট হৈ পৰিছে ফৌজদাৰী আইনৰ অত্যধিক ব্যৱহাৰ। ১৯৭৭ চনৰ পৰা কেৱল ইংলেণ্ডতে ৩০০০ নতুন অপৰাধৰ (আইনৰ দৃষ্টিত) সৃষ্টি কৰা হৈছে। বর্ত্তমান আমেৰিকাত প্রায় ৩ লাখ যুক্তৰাষ্ট্রীয় অপৰাধ আছে।

তেনে ক্ষেত্রত ভাৰতত থকা বিভিন্ন অপৰাধৰ বিষয়ে তথ্য নাথাকিলেও প্রত্যেক বছৰে নতুন নতুন আইন প্রণয়ন কৰি ফৌজদাৰী আইনৰ পৰিসৰ ক্রমশঃ বহল কৰা হৈ আছে। তিনি তালাক আইনখনো এনে ক্রমান্বয়ে বহল হৈ থকা পৰিসৰৰ প্রমাণ। ৰাষ্ট্রই কোনো এটা অপৰাধক দণ্ডনীয় বুলি ঘোষণা কৰাৰ আগতে প্রমাণ কৰা উচিত যে সেই সমস্যা সমাধান কৰাৰ বা সেই অপৰাধক প্রতিৰোধ কৰাৰ সর্বশ্রেষ্ট উপায় হল এই দণ্ড। তেনে ক্ষেত্রত তিনি তালাকৰ সমস্যা সমাধান কৰাৰ আন উপায়ো থাকিব পাৰে। তিনি তালাক নিষিদ্ধকৰণৰ আইন এটাৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি। কিন্তু তালাকক দণ্ডনীয় অপৰাধ কৰি তোলা পদক্ষেপে বহুতৰে মতে এটা বিশেষ সম্প্রদায়ৰ মানুহক হাৰাশাস্তি হে কৰিব। এই বিলখন প্রস্তুত কৰাৰ সময়তো মুছলমান সমাজৰ প্রতিনিধিত্ব যথোপোযোগী নাছিল বুলি অভিযোগ উত্থাপন হৈছে।

প্রস্তাবিত বিলখনকলৈ মূলত তিনি ধৰণৰ আপত্তিৰ উদ্ভৱ হোৱা দেখা গৈছে। প্রথমতে, উচ্চতম ন্যায়ালয়ৰ ৰায় মতে একেৰাহে দিয়া তালাক বৈধ নহয়। তেনে ক্ষেত্রত কোনো আইনী বৈধতা নথকা সত্তেও তিনি তালাকৰ বাবে এজন তিনি বছৰৰ বাবে কাৰাবাস খাটিব লাগিব পাৰে আৰু জৰিমনা দিব লগা হব পাৰেইছলামিক বিবাহ দুজনৰ মাজত এটি পৌৰ চুক্তি। তেনে ক্ষেত্রত বৈবাহিক সম্পর্ক শেষ হোৱা উচিত দেৱানী আইনৰ প্রক্রিয়াৰে। দ্বিতীয়তে, এই বিধেয়ক মতে তালাক এটি জ্ঞাত অপৰাধ। এনে ক্ষেত্রত বহুতৰে মতে মুছলমান পুৰুষক যি কোনো মানুহৰে অভিযোগত কাৰাবন্দী কৰা সহজ হৈ পৰিব। তৃতিয়তে, তিনি তালাকৰ জৰিয়তে বিবাহ বিচ্ছেদ নহব। তেনে ক্ষেত্রত কাৰাবন্দী হৈ থকা স্বামীয়ে পত্নীৰ ভৰণ পোষণ কিদৰে দিব? অর্থনৈতিকভাৱে সবল নোহোৱা মহিলাসকলৰ বাবে এয়া গুৰুত্বপূর্ণ সমস্যা হৈ উঠিব।

প্রস্তাবিত বিলখনকলৈ আন এটা সমস্যা হল যে এই আইনে সুন্নী হানাফী মুছলমান মহিলাক এনে এজন মানুহৰ লগত বৈবাহিক সম্পর্ক চলাই যাবলৈ বাধ্য কৰে যি মানুহে হয়তো একেৰাহে তিনি তালাক দি পাপ কৰিছে। এয়া মুছলমান মহিলাৰ ব্যক্তিগত অধিকাৰত হস্তক্ষেপ কৰা। যত এফালে ‘লাভ জিহাদ’ৰ কথা কৈ মহিলাক স্বইচ্ছা বিয়া পতাৰ পৰা বাধা দিয়া হয়, আনফালে মুছলমান মহিলাক স্বামীৰ লগত অনিচ্ছা সত্তেও সংসাৰ কৰিবলৈ কোৱা হৈছে এই বিলত।

 প্রস্তাবিত বিলখনত বহু কথা স্পষ্ট নহয়। মুছলমান মহিলাৰ লগত কাম কৰা বিভিন্ন বেচৰকাৰী সংগঠনৰ মতামত নলৈ প্রস্তুত কৰা এনে বিধেয়কে মুছলমান মহিলাৰ অধিকাৰ কিমানখিনি সুৰক্ষিত কৰিব এয়া চিন্তনীয়। উচ্চতম ন্যায়ালয়ত একেৰাহে দিয়া তিনি তালাকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত সক্রিয়া ভূমিকা পালন কৰিছিল বেবাক কালেক্টিভ বোলা স্বেচ্ছাসেৱী সংগঠন এটিয়ে। পিছে এই গুৰুত্বপূর্ণ বিল প্রস্তুতৰ সময়ত এওঁলোকৰ পৰামর্শ লোৱা নহল। এই সংগঠনৰ মতে ১৯৩৭ চনৰ শৰিয়ৎ আইনৰ মতে একেৰাহে নহলেও তালাক এক তৰফীয়া হোৱাৰ সম্ভাৱনা বেছি। সৰহ সংখ্যক কেছত স্বামীৰ মৈমতালি মতে বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা। পুৰুষ আৰু মহিলাক বিবাহ বিচ্ছেদৰ ক্ষেত্রত সমান অধিকাৰ দিয়াৰ এটা উপায় হল Dissolution of Muslim Marriages Act 1939 টো সংশোধন কৰা। এই আইন মতে মুছলিম মহিলা বিবাহ বিচ্ছেদৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব লাগে। সংশোধনৰ জৰিয়তে এই আইনৰ লিংগভিত্তিক বৈষম্য আঁতৰাই পুৰুষ আৰু মহিলা দুয়ো ন্যায়ালয়ৰ কাষ চপা বাধ্যতামূলক কৰি দিলে কেৱল স্বামীৰ পক্ষে খেয়াল খুচিমতে তালাক দিয়া কঠিন হৈ পৰিব NALSARৰ উপাচার্য্য ফাইজান মুছতাফাৰ মতে তিনি তালাকক এটি দণ্ডনীয় অপৰাধ বুলি স্বীকাৰোক্তি দি চৰকাৰে উলেমাসকলৰ দাবীহে মানিছে। মুছলিম পার্ছনাল ল’ বর্ডৰ ভাষ্য যে দ্বিতীয় খলিফা ওমৰৰ মতে তিনি তালাকে বৈবাহিক সম্বন্ধৰ অন্ত পেলায় কিন্তু যিহেতু এয়া এক নিন্দনীয় পাপ, তিনি তালাক দিয়াজন শাস্তি পোৱাৰ যোগ্য এনে কৰি প্রগতিশীল দেশ এখনে ৰক্ষণশীলতাৰহে পৰিচয় দিব।

ইয়াৰ ওপৰিও আমাৰ দেশত আন এটা সমস্যা হল পত্নীক এনে বিবাহ বিচ্ছেদ নকৰি পৰিত্যাগ কৰা। ২০১১ চনৰ লোকপিয়ল মতে এনে প্রায় ২.৩৭ নিযুত মহিলা আছে যিসকল নিজৰ স্বামীৰ লগত নাথাকে। তাৰে ভিতৰত ১.৯ নিযুত মহিলা হিন্দু আছিল আৰু ০.২৮ নিযুত মহিলা মুছলমান আছিল। নতুন আইনখনে এই সমস্যা সমাধান কৰাৰ ঠাইত আৰু ভয়াবহ কৰি তুলিব পাৰে। যেতিয়ালৈকে বহুবিবাহ বা পত্নীক পৰিত্যাগ কৰাও নিষিদ্ধ কৰা নহব, তালাক দি জেলত যোৱাৰ ভয়ত এনে বহু পুৰুষে সেই তিনিটা শব্দ উচ্চাৰণ নকৰিয়ে পত্নীক ঘৰৰ পৰা ওলাই দিব পাৰে নাইবা আৰু এটা বিয়া পাতিব পাৰে। 

তিনি তালাক আইনে সঁচা অর্থত মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব নে মুছলমান পুৰুষক কাৰাবন্দী কৰিব – সেইটো চিন্তাৰ বিষয়। যি সময়ত বহু সংখ্যালঘু সম্প্রদায়ৰ লৰাক দুই দশক ধৰি জেলত ৰাখি নিৰপৰাধ বুলি এৰি দিয়া হৈ আছে, যি সময়ত ভিৰৰ প্রহাৰত হত্যা হোৱা মানুহবোৰৰ সৰহ সংখ্যক মানুহ মুছলমান, তেনে সময়ত এই আইনে বহুতৰ মতে সম্প্রদায়টোক আৰু বেছি হাৰাশাস্তি কৰিব। বহুতে প্রশ্ন উত্থাপন কৰিছে যে এই চৰকাৰ যদি সঁচা অর্থত মহিলাৰ অধিকাৰকলৈ চিন্তিত, সংখ্যালঘু সম্প্রদায়কলৈ ভোটবেঙ্ক পলিটিক্সৰ পৰা আঁতৰি তেওঁলোকক সঁচা অর্থত উন্নত কৰিব বিচাৰে, তেনেহলে এই চৰকাৰে সমান উৎসুকতাৰে সংসদত মহিলাৰ আসন সংৰক্ষণ কৰাৰ আইন, ভিৰৰ প্রহাৰ বন্ধ কৰাৰ বাবে মানৱ সুৰক্ষা আইন আদি শীঘ্রে প্রনয়ণ কৰিলেহেঁতেন। লগতে Abandoned Wivesৰ সমস্যাৰ সমাধানৰ বাবে কিছু ব্যৱস্থা গ্রহণ কৰিলহেতেন। এনে নকৰিলে চৰকাৰৰ এই পদক্ষেপ কেৱল এটা ৰাজনৈতিক লক্ষ্যৰে লোৱা পদক্ষেপ হৈ থাকিব। লগতে কাৰবন্দী, জামিনৰ পিছত পৰিয়াল এটা আকৌ আগৰ দৰে থাকিব পাৰিব বুলি বিশ্বাস নহয়। সামাজিক ব্যাধিৰ সমস্যা আইনৰ দ্বাৰা সমাধান কৰিবলৈ গলে নতুন সমস্যাৰ উদ্ভৱ হোৱাহে পৰিলক্ষিত হয়। এই নতুন আইনখনো যে ইয়াৰ ব্যতিক্রম নহব বুলি দাবী কৰিব নোৱাৰি।

Post a Comment

0 Comments