মহাৰাষ্ট্রৰ গর্ভহীন মাতৃসকলৰ কথা



ভাৰতবর্ষৰ অর্থনৈতিক ৰাজধানী বুলি জনাজাত মুম্বাই, ভাৰতৰ চলচ্চিত্র জগতৰ মায়ানগৰী মুম্বাইৰ পৰা কেৱল ৪০০ কিঃ মিঃ দুৰত স্থিত মাৰাঠৱাড়া এলাকাৰ বীড় জিলা। এই বীড় জিলা যোৱা কিছু বছৰৰ পৰা এক চিন্তাজনক সমস্যা দেখা দিছে। দ্য হিন্দুৰ লগতে বিভিন্ন বাতৰি কাকতত প্রকাশিত প্রতিবেদনৰ মতে এই এলেকাৰ প্রায় ৫০ শতাংশ মহিলাই নিজৰ গর্ভাশয় আতঁৰাই লোৱাৰ বাবে অস্ত্রপচাৰ কৰাই লৈছে অর্থাৎ হিস্টেৰেক্টমী কৰাইছে। এনে মহিলাৰ সৰহ সংখ্যক কুহিঁয়াৰ খেতিৰ লগত জড়িত।

কুঁহিয়াৰ খেতত কর্মৰত মহিলাসকল কুঁহিয়াৰ কটাৰ বতৰত মহাৰাষ্ট্রৰ বিভিন্ন এলেকাৰ পৰা ইয়ালৈকে প্রব্রজন কৰি আহে। অক্টোবৰৰ পৰা মার্চ মাহলৈকে এওঁলোক কুঁহিয়াৰ খেতবোৰত কাম কৰে। ঠিকাদাৰবোৰে ঠিক কৰি দিয়া মতে এটা পৰিয়ালৰ স্বামী আৰু স্ত্রীক এক ইউনিট বা এটা গোট বুলি ধৰা হয়। কুঁহিয়াৰ কটাৰ কাম যথেষ্ট্য কঠিন আৰু স্বামী বা স্ত্রীৰ এজনো যদি কিবা কাৰণত এদিন কামত নাযায় তেন্তে তেওঁলোকক ৫০০ টকা জৰিমনা দিব লগা হয়।

বহু কষ্টৰ এই কামত মাহেকীয়া ঋতুস্রাৱে মহিলাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি কৰে। মহিলাসকল সেই দিনবোৰত ছুটি লবলৈ কেতিয়াবা বাধ্য হয় কাৰণ প্রসাৱগাৰ নথকা খেতত সেই দিনবোৰতো ১৬ ঘন্টালৈকে কাম কৰাটো প্রায় অসম্ভৱকিন্তু কামৰ পৰা বিৰতি লোৱা মানেই জৰিমনা। ইয়াৰ পৰা পৰিত্রাণৰ একমাত্র উপায় হল গর্ভ আঁতৰাই দিয়া। হিস্টেৰেক্টমীৰ পিছত মাহেকীয়াৰ সমস্যা নাথাকে আৰু কামৰ পৰা বিৰতি লোৱাৰ প্রয়োজন নহয়। দৰিদ্রতাৰ কৱলৰ পৰা কিছু ৰেহাই বিচাৰি অহা মহিলাসকলৰ বাবে এটকাও নষ্ট কৰা সম্ভৱ নহয়। সময় মতে ধৰি দিয়া লক্ষ্য সম্পূর্ণ কৰাৰ এটা হেঁচা থাকে এই কুঁহিয়াৰ কটা পৰিয়ালবোৰৰ ওপৰত। ঠিকাদাৰৰ ভাষ্যমতে মহিলাসকলে স্বইচ্ছাই হিস্টেৰেক্টমী কৰাই লয় আৰু তেওঁলোকক কোনো ধৰণৰ হেঁচা প্রদান কৰা নহয় কিন্তু মহিলাসকলে সাংবাদিকৰ ওচৰত উল্লেখ কৰিছিল যে এই অপাৰেচনৰ বাবে তেওঁলোকক আগতীয়াকৈ টকা দিয়ে ঠিকাদাৰে আৰু পিছত এই টকাটো তেওঁলোকৰ দৰমহাৰ পৰা কাটি লোৱা হয়।

Tothapi বোলা স্বেচ্ছেসেৱী সংগঠন এটা এই এলেকাবোৰত কাম কৰে। এই সংগঠনৰ লগত জড়িত অচ্যুত বৰগাওঁকাৰৰ মতে হিস্টেৰেক্টমী কৰাই লোৱাৰ পিছত মহিলাৰ মাহেকীয়াৰ সমস্যা নাথাকে কিন্তু এই অপাৰেচনে মহিলাৰ স্বাস্থ্যৰ যথেষ্ট্য ক্ষতি সাধন কৰে। অকাৰণত গর্ভাশয় আঁতৰাই ললে মহিলাৰ ম্যাদবহুলতা, হৰমনাল ভাৰসাম্যৰ সমস্যা, মানসিক স্বাস্থ্যৰ অৱনতি ইত্যাদি হয়। তেওঁৰ মতে কিছু ক্ষেত্রত ২৫ বছৰীয়া ছোৱালীয়েও এই অপাৰেচন কৰাই লৈছে যাৰ বাবে তেওঁলোকৰ স্বাভাৱিক জীৱনত বহু সমস্যা দেখা দিছে

এয়া শৃঙ্খলাবদ্ধভাৱে চলোৱা পদ্ধতিগত শোষণৰ বাহিৰে একো নহয়। কিন্তু এই মহিলাসকলৰ পৰিয়ালৰ মানুহে ইয়াৰ বিৰোধিতা এই কাৰণে নকৰে যে মাৰাঠৱাড়া এলেকাৰ খৰাং জর্জৰিত এলেকাত কর্মসংস্থাপনৰ সুযোগ তেনেই তাকৰ। ইয়াৰ ওপৰিও সৰহ সংখ্যক মানুহ বছৰৰ কেইমাহমানৰ বাবেহে কর্মসংস্থাপন লাভ কৰে। তেনে ক্ষেত্রত সেই কেইদিন তেওঁলোকৰ বাবে বহু মূল্যবান আৰু তুলনামূলকভাৱে অসাস্থ্যকৰ হিস্টেৰেক্টমীয়ে মাহৰ পিছত মাহ জৰিমনা দিয়াতকৈ লাভদায়ক তেওঁলোকৰ বাবে।

ঠিকাদাৰসকলে কাম দিয়াৰ বাবেও হিস্টেৰেক্টমী কৰোৱা মহিলাক বেছি প্রাধান্য দিয়ে। কাম কম শ্রমিক বহুত আৰু শ্রমৰ এই বজাৰত নিজৰ মূল্য বর্ধনৰ বাবেও বহু মহিলাই হিস্টেৰেক্টমী কৰাই লয়। লগতে দুখীয়া মহিলাসকলৰ বাবে নিয়মীয়াকৈ ছেনিটেৰী নেপকিন আদি কিনাটোও এটা অতিৰিক্ত অর্থনৈতিক বোজা। এনে পৰিস্থিতিৰ সুযোগ লৈছে সেই এলেকাবোৰত থকা কিছু চিকিৎসক আৰু ক্লিনিকে। ব্যক্তিগত খণ্ডৰ ক্লিনিকবোৰত কর্মৰত ডাক্তৰবোৰে এই মহিলাসকলে কিবা শাৰীৰিক সমস্যা লৈ গলেই তেওঁলোকৰ সকলো ধৰণৰ বেমাৰ যেনে কঁকালৰ বিষ, শৰীৰৰ ক্লান্তভাৱ আদিক গর্ভাশয়ৰ লগত জড়িত কৰি পেলায়। ডাক্তৰবোৰে নালাগিলেও এওঁলোকক হিস্টেৰেক্টমীৰ উপদেশ দিয়ে।

পিছে এই অপাৰেচনবোৰ সঁচা অর্থত কিমান ফলপ্রসূ? অপাৰেচনৰ পিছত প্রায়ে কিছু পোস্ট সার্জাৰী সমস্যা দেখা দিয়ে। হিস্টেৰেক্টমীৰ পিছতো এই মহিলাসকল আকৌ ডাক্তৰৰ ওচৰত যাব লগা হয় কাৰণ বহু ক্ষেত্রত তেওঁলোক সম্পূর্ণৰূপে সুস্থ হৈ নুঠে। হিস্টেৰেক্টমী কৰোৱা মহিলাসকলৰ সৰহভাগ অল্পশিক্ষিত। কম বয়সতে বিদ্যালয়ৰ পৰা ওলাই আহি খেতিত কাম কৰিব লোৱা এই মহিলাসকল হিস্টেৰেক্টমীৰ প্রয়োজনীয়তাৰ বিষয়ে অজ্ঞাত। এই গোটেই প্রক্রিয়াৰ একমাত্র ফলাফল হল এক প্রকাৰ আধুনিক দাসত্ব যত মহিলাসকলে নিজৰ স্বাস্থ্য, শাৰীৰিক সুস্থতাও যেন ঠিকাদাৰৰ হাতত দি দিয়ে।

দ্য হিন্দু কাকতত যোৱা ১০ আগস্টৰ দিনাখন জ্যোতি শ্বেলাৰৰ এক দীঘলীয়া লিখনিত এই গর্ভহীন মাতৃসকলৰ হৃদয়বিদাৰক কাহিনী উপস্থাপন কৰা হৈছে। কুঁহিয়াৰ কটা এই মহিলাসকল যে বহুস্তৰীয় শোষণৰ সন্মুখীন হৈছে, তেওঁলোকৰ বিষয়ে অলপ জানিলে স্পষ্ট হৈ উঠে। ৩৪ বছৰীয়া সঙ্গীতা কালে কলেজত পঢ়া দুই সন্তানৰ মাতৃ। কেৱল ১৩ বছৰ বয়সতে কুঁহিয়াৰ কটা এজনৰ লগত বিয়া হৈছিল সঙ্গীতাৰ। আৰু ১৬ বছৰ বয়সতে প্রথম সন্তান জন্ম দিছিল সঙ্গীতাই। অন্তঃসত্ত্বা অৱস্থাতো স্বামী সদাশীৱৰ কাষত থিয় দি তেওঁ কুঁহিয়াৰ খেতত কাম কৰিছিল। যি সময়ত তেওঁ বিশ্রাম কৰিব লাগিছিল সেই সময়ত তেওঁ কঠোৰ পৰিশ্রম কৰিবলৈ একপ্রকাৰ বাধ্য হৈছিল। দিনত তেওঁ প্রায় ১৬ ঘন্টা কাম কৰিছিল। প্রায় দুটা দশক তেওঁ একে পৰিশ্রম কৰিলে।

পিছে ঋতুস্রাৱৰ সময়ত তেওঁ বহু অসুবিধাৰ সন্মুখীন হব ধৰিলে কাৰণ খেতিবোৰত প্রসাৱগাৰৰ সুবিধা নাছিল। কামৰ পৰা বিৰতি লোৱাও সম্ভৱ নহয় কাৰণ বহু টকা জৰিমনা হিচাপে দিব লগা হয়। বাৰে বাৰে হৈ থকা এই সমস্যাবোৰৰ এক স্থায়ী সমাধান বিচাৰি তেওঁ হিস্টেৰেক্টমী কৰাই লয়। পিছে এন পদক্ষেপ লোৱা সঙ্গীতা একমাত্র মহিলা নহয়। তেওঁৰ নিজৰ পৰিয়ালতে তেওঁৰ আগতে আৰু সাতজনী মহিলাই এই অপাৰেচন কৰাই লৈছে কাম কৰাত অসুবিধা হয় বাবে।

বীড় জিলা মহাৰাষ্ট্র প্রশাসনৰ নজৰত আহে যেতিয়া এই এলেকাৰ হিস্টৰেক্টমীৰ কেছৰ সংখ্যা অপ্রাকৃতিক ভাৱে উচ্চ বুলি প্রমাণিত হয়। ২০১৬ৰ পৰা ২০১৯ৰ ভিতৰত প্রায় ৪৬০৫ জনী মহিলা এই অপাৰেচন কৰায়। বহু সমাজকর্মীৰ মতে চৰকাৰী চিকিৎসালয়বোৰে আগবঢ়োৱা সংখ্যাও নির্ভৰযোগ্য নহয় আৰু এই সংখ্যা বহুত বেছিহে হব। ইয়াৰ ওপৰিও ব্যক্তিগত খণ্ডৰ ক্লিনিকবোৰে সাধাৰণতে এই অপাৰেচনবোৰৰ কোনো তথ্য পাতি নাৰাখে। মহাৰাষ্ট্র বা গোটেই দেশৰ সাধাৰণ হাৰতকৈ এই সংখ্যাও চৈধ্যগুণ বেছি! সঙ্গীতা কালেৰ সমস্যা পিছে এই অপাৰেচনৰ লগতে শেষ হোৱা নাই। অপাৰেচনৰ ফলত তেওঁৰ ঋতুস্রাৱ বন্ধ হয় যদিও, তেওঁৰ কঁকালৰ বিষ আৰু গাঁঠিৰ বিষৰ সমস্যা দেখা দিয়ে। অপাৰেচনৰ আগৰ দৰে তেওঁৰ কাম কৰাৰ ক্ষমতাও নাই। তেওঁ সোনকালে ক্লান্ত হৈ পৰে। বয়সৰ বহু আগতে যেন তেওঁ বৃদ্ধাৱস্থা পালেগৈ।

ডাক্তৰে অপাৰেচন কৰাইছিল যদিও অপাৰেচনৰ পিছত তেওঁৰ ইনফেকশ্যন হৈছিল। সেই ইনফেকশ্যনৰ বাবেও তেওঁ দীর্ঘদিন ধৰি চিকিৎসা কৰাবলগীয়া হয় আৰু শয্যাশায়ী হোৱাৰ বাবে এবছৰ তেওঁ খেতত কাম কৰিব নোৱাৰিলে। অলাগতীয়াল অপাৰেচনে কেৱল তেওঁৰ স্বাস্থ্যৰ ক্ষতি কৰা নাই, তেওঁৰ পৰিয়ালৰ ওপৰত অর্থনৈতিক সংকট এটা যেন নমাই আনিছে। তেওঁৰ স্বামীয়ে পৰিয়ালৰ ওপৰত থকা দুই লাখ টকাৰ ঋণৰ বাবে তেওঁকে দোষাৰোপ কৰে। পৰিয়ালতো তেওঁক নিয়মীয়াকৈ কথা শুনোৱা হয় শাৰীৰীক সমস্যাৰ বাবে কাম কৰিব নোৱাৰাত।

সঙ্গীতাৰ দৰে মহিলাসকল স্থানীয় ডাক্তৰৰ উপদেশকে বেদবাক্য বুলি ধৰি লয়। পিছে ডাক্তৰে প্রায়ে তেওঁলোকক এই অপাৰেচনৰ পিছত হব পৰা সমস্যাৰ কথা নকয়। অপাৰেচনৰ পিছতো বহু মহিলা কেতিয়াও সম্পূর্ণৰূপে সুস্থ হৈ নুঠে, কর্মক্ষমতা যথেষ্ট্য হ্রাস পায়বীড় জিলাত হিস্টেৰেক্টমীৰ এনে উচ্চ হাৰ দেখি ৰাজ্যিক চৰকাৰে যোৱা জুন মাহত এটি তদন্ত হাতত লয়। প্রশাসনে বুজিবলৈ চেষ্টা কৰে যে ঠিকাদাৰ আৰু ডাক্তৰে মিলি দুখীয়া মহিলাসকলৰ অৱস্থাৰ সুযোগ লৈছে নেকি?

প্রশাসনৰ প্রতিবেদনখনে হয়তো প্রমাণ কৰিব যে মহিলাসকল স্বইচ্ছাই এই অপাৰেচন কৰায় আৰু তেওঁলোকক কোনেও হেঁচা প্রয়োগ নকৰে। কিন্তু চৰকাৰৰ প্রচেষ্টাই যদি এওঁলোকে কেনে পৰিস্থিতিত পৰি এনে পদক্ষেপ লব লগা হয় সেইটো চোৱাৰ চেষ্টা নকৰে তেন্তে এই মহিলাসকলৰ শোষণৰ অন্ত নপৰিব। প্রাক্তন চৰকাৰৰ সময়ত পৰিয়াল পৰিকল্পনাৰ নামত বন্ধাকৰণৰ ফলতো কিছু মহিলাৰ শাৰীৰীক ক্ষতি হৈছিল। এই বন্ধাকৰণৰ কেম্পবোৰত অস্বাস্থ্যকৰ পৰিস্থিতিত কৰোৱা অপাৰেচনৰ ফলত বহু মহিলাৰ মৃত্যু হয়। শেষত মাননীয় উচ্চতম ন্যায়ালয়ে এই কেম্পবোৰ বন্ধ কৰিবলৈ নির্দেশ দিয়ে।

উল্লেখযোগ্য যে এই দুয়োটা ঘটনাৰ ভুক্তভোগী একেবাৰে দুখীয়া শ্রেণীৰ মহিলাসকল। হিস্টেৰেক্টমী কিছু বিশেষ পৰিস্থিতিত হে কৰা হয়। ত্রিশ বছৰ পাৰ নহওঁতে এই অপাৰেচনবোৰ কৰিলে মহিলাসকল আন কিছু সমস্যাৰ সন্মুখীন হব লগা হয়। কিন্তু একমাত্র দৰিদ্রতাই এই মহিলাসকলক এনে চৰম স্থিতি গ্রহণ কৰিবলৈ বাধ্য কৰেযি সময়ত নাৰীবাদী আন্দোলনে মহিলাৰ কর্মস্থানবোৰত লিংগ বৈষম্যৰ অন্ত পেলাবলৈ শিশুৰ বাবে ক্রেশ দাবী কৰি আছে, সেই একে সময়তে বীড়ৰ মহিলাসকলৰ প্রসাৱ কৰিবলৈ যোৱাৰ কোনো ব্যৱস্থা নাই। দেশত এফালে পেডমেনৰ দৰে চলচ্চিত্র নির্মাণ হৈ আছে, হেপ্পী টু ব্লীডৰ দৰে কেম্পেইন চলি আছে আৰু মেন্সট্রুৱেল হাইজীনৰ বিষয়ে আলোচনা হৈ আছে, ঠিক একে সময়তে এই মহিলাসকলক ঋতুস্রাৱৰ বাবে একপ্রকাৰ দণ্ডিত কৰা হৈ আছে।

ভাৰতবর্ষ কৃষিপ্রধান দেশ কিন্তু কৃষকৰ দুৰাৱস্থাৰ কথা দুনাই কব নালাগে। কৃষকে নিজৰ প্রাপ্যখিনিৰ বাবে বাৰে বাৰে ৰাজপথত ওলাই আহি আন্দোলন কৰিব লগা হৈছে। এই কৃষকৰ মাজতো মহিলা কৃষকৰ অৱস্থা আৰু ভয়ঙ্কৰ। মহাৰাষ্ট্রৰ বিদর্ভৰ লগতে মাৰাঠৱাড়াত কৃষকৰ আত্মহত্যাৰ ঘটনা প্রায়ে সংঘটিত হৈ থাকে। এনে পৰিস্থিতিত খেতিয়কৰ পৰিয়ালবোৰেও প্রব্রজিত শ্রমিকলৈ পৰিণত হৈছে।

সমাজৰ একেবাৰে প্রান্তত স্থিত এই মহিলাসকলৰ এনে পদ্ধতিগত শোষণৰ বিৰুদ্ধে কোনো আন্দোলন প্রতিবাদ হোৱা নাই। এই সমস্যাক কেৱল এটা স্বাস্থ্যজনিত সমস্যালৈ সীমিত কৰা ভুল কাৰণ ইয়াৰ এটা গুৰুত্বপূর্ণ সামাজিক দিশ আছে। সমাজবাদী নাৰীবাদীৰ ধাৰণাই উৎপাদনৰ লগতে মহিলাৰ প্রজনন শক্তিৰ ওপৰতো তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ পৃষ্টপোষকতা কৰে। কিন্তু বীড়ৰ এই মহিলাসকলৰ জীৱনৰ লগতে তেওঁলোকৰ প্রজনন প্রক্রিয়াকো নিয়ন্ত্রণ কৰে এক শোষণমূলক ব্যৱস্থাইকুঁহিয়াৰ কটা মানুহবোৰক ভালেখিনি টকা আগতীয়াকৈ দিয়া হয় আৰু তাৰ পিছত তেওঁলোকে কেইমাহমান একপ্রকাৰ বন্ধুৱা মজদুৰৰ দৰে কাম কৰি এই টকা প্রতিশোধ কৰে।

এই মহিলা শ্রমিকসকল অনানুষ্ঠানিক ক্ষেত্রত কাম কৰাৰ বাবে শ্রমিকৰ ন্যুনতম অধিকাৰৰ পৰা বঞ্চিত হয়। বাল্য বিবাহ, শিক্ষাৰ অভাৱ, দৰিদ্রতা ইত্যাদি এই মহিলাসকলক বহু বেছি অসুৰক্ষিত কৰি তোলে। ইয়াৰ ওপৰিও এওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কোনো চৰকাৰী নীতি নথকাৰ ফলত এওঁলোকক সকলো দিশৰ পৰা শোষণ কৰা হয়। চৰকাৰৰ প্রতিবেদন ইত্যাদিয়ে এই সত্যতা ডাঙি ধৰি উচিত ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে এওঁলোকৰ শেহতীয়া শোষণকাৰী হব দেশৰ ৰাজনৈতিক শাসকশ্রেণী।


(এই প্রবন্ধটো সাদিন কাকতৰ ১৮ অক্টোবৰ, ২০১৯ চনত প্রকাশিত হৈছে)

Post a Comment

0 Comments