এই বছৰৰ বুকাৰ বিজয়ী কিতাপ দুখন



যোৱা ১৪ তাৰিখে ঘোষিত বুকাৰ বঁটা লাভ কৰে কাণাডাৰ জনপ্রিয় লেখিকা মার্গাৰেট এটৱুড তেওঁৰ কিতাপ দ্য টেস্টামেন্টছৰ বাবে আৰু ব্রিটেইনৰ বার্নাডাইন এভাৰিস্টোই তেওঁৰ কিতাপ গার্ল, ৱমেন, আদাৰৰ বাবে। উল্লেখযোগ্য যে ৭৯ বছৰৰ মার্গাৰেট এটৱুডৰ এয়া দ্বীতিয় বুকাৰ। প্রথমবাৰ তেওঁ বুকাৰ বঁটা লাভ কৰে ২০০০ চনত দ্য ব্লাইন্ড এছাছিন নামৰ কিতাপৰ বাবে। ২০১৯ চনত প্রচলিত নিয়ম ভঙ্গ কৰি বুকাৰ বঁটা জুটীয়া ভাৱে প্রদান কৰা হয়।  ইয়াৰ আগতেও ১৯৭৪ আৰু ১৯৯২ চনত যদিও এই বঁটা যুটীয়াভাৱে প্রদান কৰা হৈছিল, ১৯৯২ চনত সিদ্ধান্ত লোৱা হৈছিল যে এই বঁটা আৰু যুটীয়াভাৱে প্রদান কৰা নহব।

এই নিয়মৰ ফালৰি কটাৰ বাবে বঁটা বাচনি কমিটী যদিও কিছু সমালোচনাৰ সন্মুখীন হৈছে, বুকাৰ বঁটা বিজয়ী দুয়োখন কিতাপ আলোচনাৰ যোগ্য কাৰণ দুয়োখন কিতাপ দুটা ভিন্ন আৰু গুৰুত্বপূর্ণ বিষয় বস্তু পৰিবেশন কৰিছে। মার্গাৰেট এটৱুডৰ দ্য টেস্টামেন্টছ তেওঁৰ ১৯৮৫ চনত লিখা দ্য হেন্ডমেইডছ টেলছৰ পিছৰ কাহিনী। দ্য হেন্ডমেইডছ টেল কিতাপখন এক ডিস্টোপিয়ান উপন্যাস অর্থাৎ এটি নেতিবাচক কাল্পনিক ভৱিষ্যৎৰ প্রেক্ষাপটত লিখা কিতাপ। সুদুৰ ভৱিষ্যৎৰ প্রেক্ষাপটত লিখা এই কিতাপখনত এক ভয়াবহ চিত্র ডাঙি ধৰা হৈছে যত মহিলাসকলৰ প্রজনন ক্ষমতাৰ ওপৰতো দেশৰ একনায়কত্ববাদী শাসকৰ নিয়ন্ত্রণ চলে। সন্তান জন্ম দিব পৰা ক্ষমতা থকা মহিলাসকলক একো একোজন বিষয়াৰ বাবে নির্ধাৰিত কৰি ৰখা হয়। কিতাপখনৰ মতে ইংলেণ্ডত এক সামৰিক শাসন প্রযোজ্য কৰা হয় আৰু ইংলেণ্ডৰ লগতে আমেৰিকাৰ এক বৃহৎ অংশ হৈ পৰে জিলীয়াড।

জিলীয়াডৰ এই মহিলাসকল কেৱল যেন সন্তান জন্ম দিয়াৰ এটি মেচিন। তেওঁলোকৰ নিজা কোনো জীৱন, কোনো পৰিচয় নাথাকে। কিন্তু এনে কট্টোৰ শাসনব্যৱস্থাৰ মাজতো প্রতিবাদৰ সম্ভাৱনা গা কৰি উঠে। জুন বা অফফ্রেডৰ জীৱনৰ দ্বাৰা এই উপন্যাসখনত পুৰুষতান্ত্রিক সমাজৰ এক চৰম দৃশ্য ডাঙি ধৰা হৈছে আৰু দ্য টেস্টামেন্টছ এই কাহিনীকে আগুৱাই লৈ গৈছে। এই কাহিনীত জুনৰ সন্তান বেবী নিকোলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
জিলীয়াডত জুনহঁতৰ দৰে মহিলাৰ দায়িত্বত থাকে আন্ট লিডীয়া। নতুন কিতাপখন তিনিটা মহিলা চৰিত্রৰ কন্ঠেৰে আগুৱাই লৈ যোৱা হয়—প্রথম হল আন্ট লিডীয়া যিজনীয়ে সংগোপনে নিজৰ আত্মজীৱনী ৰচনা কৰি আছে এক অজান পাঠকৰ আশাত। দ্বীতিয় চৰিত্রটো হল এগ্নেছ বোলা যুৱতী এগৰাকী যাক এজন কমান্ডৰক বিয়া পতাৰ বাবে তৈয়াৰ কৰা হৈ আছে আৰু তৃতীয়জনী হল ডেইজী – কম বয়সীয়া কানাডাৰ ছোৱালী এজনী যি নিজৰ দোকানী মাক বাপেকৰ লগত বসবাস কৰে কিন্তু নিজৰ পৰিচয়কলৈ ডেইজীৰ মনত সদায় কিছু সন্দেহ আছিল।

মার্গাৰেট এটৱুডৰ দুয়োখন কিতাপে পুৰুষতান্ত্রিক সমাজ এখনে লব পৰা চৰম স্থিতিবোৰ ডাঙি ধৰে।  এই কিতাপখনত দ্য হেন্ডমেইডছ টেলৰ বিষয়ে পাঠকৰ মনত থকা কিছু প্রশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰিছে যেনেকুৱা আন্ট লিডীয়া কিয় আন মহিলাসকলৰ বিৰুদ্ধে গৈ এনে শোষণকাৰী শাসকৰ পক্ষ লৈছিল লগতে জিলীয়াডৰ ভিতৰুৱা কার্য্যাৱলীৱ বিষয়ে বহুখিনি স্পষ্ট হৈ উঠে দ্বীতিয় কিতাপখনত। পুৰুষতান্ত্রিক সমাজ এখনত স্বৈৰাচাৰী শাসন ব্যৱস্থা স্থাপিত হলে নাৰীসকলৰ কি অৱস্থা হব পাৰে তেনে ভৱিষ্যৎলৈ এভুমুকি মৰাৰ সুযোগ দিয়ে কিতাপখনে। বর্তমান সময়ত নাৰীৰ যৌনতা, অর্থনৈতিক অধিকাৰ, সামাজিক স্থিতিক বহু ক্ষেত্রত নিয়ন্ত্রণ কৰা হয়। এই কিতাপবোৰৰ গুৰুত্ব ইয়াতে যে এনে সাম্প্রতিক মানসিকতাৰ সম্ভাব্য ভয়াবহ ভৱিষ্যৎ ডাঙি ধৰে।

পিছে মার্গাৰেট এটৱুডৰ কিতাপখনৰ এটা সমালোচনাৰ কাৰণ হল সকলো চৰিত্রবোৰ স্বেতাংগ। আৰু ইয়াতে বার্নাডাইন এভাৰিস্টোৰ কিতাপৰ গুৰুত্ব উদ্ভাসিত হৈ পৰে। এভাৰিস্টো বুকাৰ বঁটা বিজয়ী প্রথম কৃষ্ণাংগ ব্রিটিছ লেখিকা। তেওঁৰ অষ্টম উপন্যাস গার্ল, ৱমেন, আদাৰ কৃষ্ণাংগ মিলাসকলৰ অভিজ্ঞতাৰ এক প্রতিচ্ছবি ডাঙি ধৰে।



এভাৰিস্টোৰ কিতাপখনে ১২ টা চৰিত্রৰ জীৱনধাৰা অনুসৰণ কৰে আৰু এই ১২টাৰ সৰহ সংখ্যক হল কৃষ্ণাঙ্গী মহিলা। প্রত্যেক গৰাকীৰ বাবে একো একোটা অধ্যায় ভাগ কৰি দিয়া হৈছে আৰু বিভিন্ন দশকত এই মহিলাসকলৰ অভিজ্ঞতা ডাঙি ধৰা হৈছে। উল্লেখযোগ্য চৰিত্রৰ ভিতৰত আছে এম্মা – এগৰাকী সমকামী সমাজবাদী নাট্যকাৰ, মর্গেন – যিগৰাকীয়ে সমাজে ধৰি দিয়া লিংগভেদত বিশ্বাস নকৰে, শার্লী – এগৱাকী শিক্ষয়িত্রী, উইনছোম – বার্বাডোছৰ পৰা অহা এগৰাকী নব্যবিবাহিতা যি নিজৰ বৈবাহিক জীৱনত অসুখী।  এই কেইগৰাকীৰ ওপৰিও আছে কেৰোল যিজনীয়ে এক সফল বেঙ্কাৰ হোৱাৰ সপোন দেখে।

এই মহিলাসকলে নিজৰ জীৱনত সন্মুখীন হোৱা ভিন্ন প্রশ্ন – যেনে নাৰীবাদী হিচাপে এটি সম্পর্কৰ পৰা কি আশা কৰিব পাৰি বা সমকামী কৃষ্ণাঙ্গী মহিলা এটা সন্মুখীন হোৱা দ্বৈত প্রান্তীয়কৰণ, নাৰীবাদ বুলিলে কোন নাৰীৰ অধিকাৰ বা দাবীয়ে প্রাধান্য পোৱা উচিত ইত্যাদিৰ বিষয়ে আলোচনা কৰে। বহু দশকৰ পৰা গ্লোৰিয়া স্টেইনেম, জার্মেইন গ্রীৰ, এঞ্জেলা ডেভিছৰ দৰে নাৰীবাদী লেখিকাই লিংগ, জাতি, বর্ণ আদিৰ ইন্টাৰছেকশ্যনালিটীৰ ওপৰত গুৰত্ব প্রদান কৰিছে। স্বেতাংগ মহিলা এগৰাকীয়ে কৃষ্ণাংগ মহিলাৰ অভিজ্ঞতাৰ কথা কব পাৰিব নে? এই প্রশ্নবোৰৰ দ্বাৰা এভাৰিস্তোই নাৰীবাদী আন্দোলনত আৰু ভিন্ন স্বৰ সন্নিবিষ্ট কৰাৰ গুৰুত্ব ডাঙি ধৰিছে।

এই বাৰৰ বুকাৰৰ চুটি তালিকাত ছলমান ৰুশ্বদী, এলিফ শ্বাফাক, চিগোজী ওবিওমাৰ দৰে লেখকো স্থান পাইছিল। আৰু পোন প্রথমবাৰৰ বাবে এই তালিকাত কোনো স্বেতাংগ আমেৰিকান পুৰুষ লেখক নাছিল। বুকাৰৰ এইবাৰৰ চুড়ান্ত পর্য্যায়ত মনোনীত কিতাপবোৰে ভিন্ন প্রেক্ষাপট যেনে তুর্কী, নাইজেৰিয়া আদিৰ পৰা সাহিত্যৰ ৰচনা একতৃত কৰিছে আৰু ইয়াৰে দ্বাৰা পাঠকসকললৈও ভিন্নতাৰে পৰিপূর্ণ এটি মনোমোহা তালিকা আগবঢ়াইছে।

Post a Comment

0 Comments