তেলাঙ্গানা এনকাউন্টাৰ: তাৎক্ষণিক ন্যায় অপৰাধৰ সমাধান হব পাৰে নে?



হায়দাৰাবাদৰ ২৭ বছৰীয়া ভেটেৰিনেৰী ডাক্তৰ এগৰাকীৰ অপহৰণ, ধর্ষণ আৰু নৃশংস হত্যাই গোটেই দেশক আকৌ স্তম্বিত কৰি পেলাইছে। ২০১২ চনৰ নির্ভয়া কাণ্ডৰ পিছতো ভাৰতবর্ষত নাৰী সুৰক্ষাৰ স্থিতি যে বৰ বেছি সলনি হোৱা নাই সেই কথা স্পষ্ট কৰি দিলে এই জঘন্য অপৰাধে। পিছে চিচিটিভি ফুটেজ আদিৰ সহায়ত আৰক্ষী অতি শীঘ্রে চাৰিওজন অপৰাধী ক্রমে জোল্লু শিভা, জোল্লু নভীন, মোহাম্মদ আৰিফ আৰু চিন্তাকুন্তা চেন্নাকেশাভুলুক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হল। কিন্তু অভিযুক্তসকলৰ শাস্তি হোৱাৰ আগতে এটি সন্দেহজনক ঘটনাত চাৰিওজন অভিযুক্তৰ এনকাউন্টাৰত মৃত্যু হয়। উল্লেখযোগ্য যে আৰক্ষীৰ ভাষ্য মতে হায়দাৰাবাদৰ পৰা প্রায় ৫০ কিঃমিঃ নিলগত চাৰিওজন অভিযুক্তক অপৰাধথলীলৈ লৈ যোৱা হৈছিল ঘটনাৰ ছীনবোৰ ৰিক্রিয়েট কৰাৰ বাবে। কিন্তু তাতে অভিযুক্তসকলে আৰক্ষীৰ অস্ত্র কাঢ়িলৈ তেওঁলোকক আক্রমণ কৰাৰ চেষ্টা চলায় আৰু সেইবাবে আৰক্ষীয়ে উপায়বিহীন হৈ গুলীচালনা কৰিব লগা হয়।

এই ঘটনাৰ পিছত আৰু আৰক্ষীৰ ভাষ্যৰ ওপৰত বহুতে সন্দেহ প্রকাশ কৰিছে। ১০ জনীয়া আৰক্ষীৰ দলটোৱে চাৰিজন অভিযুক্তক সেই ঠাইলৈ লৈ গৈছিল। প্রশ্ন উত্থাপন হৈছে কিয় সেই ৰাতিপুৱা তেওঁলোকক সেই ঠাইত লৈ যোৱা হৈছিল। ইয়াৰ ওপৰিও কিয় দহ জনীয়া দলটোৱে চাৰিজন বন্দীক কৰায়ত্ত কৰিব নোৱাৰিলে? আৰু যদি গুলীচালনা অনিবার্য্য হৈ পৰিছিল, তেনেহলে তেওঁলোকক আহত কৰাৰ বাবে কঁকালৰ তলত কিয় গুলী কৰা নহল। অভিযুক্ত সকলৰ মৃতদেহবোৰ এনকাউন্টাৰৰ ঠাইত বহু সময়ৰ বাবে পেলাই থোৱা হৈছিল। এই সকলোবোৰ ঘটনাই যেন আৰক্ষীৰ বিফলতাৰ বিষয়ে জনমত পৰিবর্তন কৰাৰ বাবে এক নাটকীয় উপস্থাপন আছিল।

এই ঘটনাৰ পিছতে এটা মিশ্রিত প্রতিক্রিয়া দেখা দিলে। এফালে বহুতে এই এনকাউন্টাৰক ন্যায় বুলি গণ্য কৰিছে আৰু হায়দাৰাবাদৰ পুলিচক কোনো ন্যায়িক প্রক্রিয়া অবিহনে অভিযুক্তসকলক এনকাউন্টাৰ কৰি হত্যা কৰাৰ বাবে নায়ক সজাইছে। আনকি বহু ৰাজনৈতিক নেতা, শিল্পী, চলচ্চিত্র তাৰকাই এনে এক্সট্রা জুডিচিয়েল হত্যাক ন্যায়ৰ বিকল্প বুলি ধৰি লৈছে। আনহাতে বহু মানৱ অধিকাৰ কর্মী, সমাজ কর্মী, নাৰীবাদী অধিবক্তাই এই ঘটনাক তীব্র গৰিহণা দিছে। বৃন্দা গ্রোভাৰে কঠোৰ শব্দৰে এই ঘটনাক সমালোচনা কৰি কৈছে যে আৰক্ষীয়ে নিজৰ দায়বদ্ধতাৰ পৰা হাত সাৰিবলৈ, স্বচ্ছ নিকা আইনী ব্যৱস্থা বা আৰক্ষীৰ সংবেদনশীলতাৰ প্রশ্নৰ পৰা ৰাইজক বিভ্রান্ত কৰিবলৈ এই পদক্ষেপ লৈছে। তাৰ ওপৰিও তেওঁ গুৰুত্বপূর্ণ প্রশ্ন এটা উত্থাপন কৰে যে যেতিয়া অভিযুক্ত সম্ভ্রান্ত, শক্তিশালী ৰাজনৈতিক দলৰ নেতা বা পালিনেতা হব তেতিয়া অৰক্ষীয়ে তাৎক্ষণিক আইনৰ নামত এনে পদক্ষেপ লোৱাৰ সাহস কৰিব নে? অর্থাৎ তাৎক্ষণিক ন্যায় প্রদান কৰাৰ নামত কেৱল দৰিদ্র, পিছ পৰা জাতি, জনজাতি আৰু ধর্মীয় সংখ্যালঘুৰ মানুহক লক্ষ্য কৰা হব নেকি?

উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে যে প্রত্যেকটো এনকাউন্টাৰৰ ঘটনাত এটা এজাহাৰ দাখিল হব গুলী চালনা কৰা আৰক্ষীৰ নামত আৰু তদন্ত হব ঘটনাটোৰ। সেই একে মতে এই ঘটনাৰো এটি স্বতন্ত্র নিৰপেক্ষ তদন্ত দাবী কৰে গ্রোভাৰে।

আন এগৰাকী বিশিষ্ট অধিবক্তা ৰেবেকা মামেন জনেও কয় যে নাৰীৰ সুৰক্ষাৰ অজুহাত দি আৰক্ষীয়ে যেন এনকাউন্টাৰক বৈধতা প্রদান কৰাৰ চেষ্টা নকৰে। তেওঁ চিন্তা উদ্রেক কৰে মৃত্যুৰ কিৰিলিত উৎসৱৰ পৰিবেশ বিচাৰি পোৱা সমাজখনকলৈ। আমি কেনেকৈ ভিৰৰ হিংসাক সমর্থন কৰিব পাৰোঁ। ভিৰৰ অযুক্তিকৰ হিংসাৰ সপক্ষেও বহু বক্তব্য আগবঢ়োৱা হৈছ। ইয়াৰ ওপৰিও দুই এজনে প্রশ্ন উত্থাপন কৰিছে যে আমি কি জানো নেকি এই চাৰিজনৰ বাহিৰেও আন কোনোবা উক্ত ঘটনাত জড়িত নাছিল আৰু থাকিলে এতিয়া সেইজনক গ্রেপ্তাৰ কৰা অসম্ভৱ হৈ পৰিল। বা চাৰিজনৰ ভিতৰত যদি এজন নির্দোষী ওলায় তেনেহলে তেওঁৰ জীৱন ওভতাই দিয়া সম্ভৱ হব নে? আৰু এনে অন্যায় যেন নহয় সেইবাবে অভিযুক্তক উচিত ন্যায়িক প্রক্রিয়াৰ মাধ্যমেৰেহে শাস্তি বিহীত কৰা উচিত।

এই এনকাউন্টাৰৰ বিৰোধিতা কৰি কৰুণা নন্দীয়ে কয় যে সাম্প্রতিক সময়ত প্রয়োজন আৰক্ষী আৰু ন্যায়াধীশৰ খালী থকা পদবোৰ শীঘ্রে পৰিপূর্ণ কৰা, লগতে লিংগভিত্তিক সমতাৰ প্রতি তেওঁলোকৰ মাজত সজাগতা বৃদ্ধি কৰা, তদন্তবোৰ দক্ষতাৰে আৰু ধৰি বান্ধি দিয়া সময়ৰ ভিতৰত সম্পন্ন কৰা ইত্যাদি। ইয়াৰ ওপৰিও তেওঁ উনুকিয়াই দিয়ে যে এই সমস্যাবোৰৰ অন্ত পেলাবলৈ ২০১২ চনৰ হৃদয়বিদাৰক নির্ভয়া কাণ্ডৰ পিছত উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ জে এছ ভার্মাৰ নেতৃত্বত এটি আয়োগ গঠন কৰি দিয়া হৈছিল। এই আয়োগখন ২০১২ চনৰ ২৩ ডিচেম্বৰৰ দিনাখন গঠিত হৈছিল আৰু জাস্টিচ ভার্মাৰ ওপৰিও জাস্টিচ লেইলা সেথ আৰু গোপাল সুব্রমনিয়ম আয়োগৰ সদস্য আছিল। গোটেই দেশজুৰি নাৰীৰ নিৰাপত্তাহীনতাকলৈ গঢ়ি উঠা তীব্র আন্দোলনৰ ফলস্বৰূপে এই আয়োগখন গঠন কৰা হৈছিল আৰু লক্ষ্য আছিল যে লেহেমীয় ন্যায়িক প্রক্রিয়াৰ সংস্কাৰৰ বাবে কিছু পৰামর্শ আগবঢ়োৱা।

জাস্টিচ ভার্মা আয়োগৰ প্রতিবেদনে স্পষ্ট কৰি দিয়ে যে মৃত্যুদন্ড যৌন হিংসাৰ সমাধান হব নোৱাৰে কাৰণ মৃত্যুদণ্ডৰ ভয়ে এনে ধর্ষণৰ সংখ্যা কমাই অনাৰ কোনো প্রমাণ নাই। ইয়াৰ ওপৰিও আইনবোৰত লাগতীয়াল সংস্কাৰৰ পৃষ্টপোষকতা কৰিছিল এই প্রতিবেদনে। পিছে এই প্রতিবেদন দাখিল হোৱাৰ ইমান বছৰ পিছতো ইয়াৰ অনুমোদিত পৰামর্শবোৰ কার্য্যকৰী কৰা হোৱা নাই। আনকি নির্ভয়া ফান্ডত আবন্টিত ধনখিনিও সঠিক ভাৱে ব্যৱহৃত হোৱা নাই। ওলোটাকৈ আমাৰ দেশৰ ৰাজনৈতিক নেতা, সমাজৰ এটা অংশ নির্লজ্জভাৱে ধর্ষণৰ অভিযুক্তসকলৰ হৈ সমদল উলিওৱা উদাহৰণ পাইছোঁ কাঠুৱা আৰু উন্নাওত।

এই আয়োগে মৃত্যুদন্ডৰ ঠাইত সুদীর্ঘ কাৰাদন্ডৰ পৃষ্টপোষকতা কৰিছিল আৰু শীঘ্রে শাস্তি প্রদানৰ সমর্থন কৰিছিল। ভার্মা আয়োগে এটা গুৰুত্বপূর্ণ কথা উনুকিয়াই দিছিল – যৌন হিংসাৰ ভুক্তভোগীৰ বাবে পুলিচৰ ওচৰত বহু সময় এজাহাৰ দাখিল কৰোৱা কঠিন হৈ পৰে আৰক্ষীৰ পুৰুষতান্ত্রিক মানসিকতাৰ বাবে। যৌন হিংসাৰ অভিযোগবোৰ প্রথমতে সন্দেহৰ চকুৰে চোৱা হয় আৰু তাৰ পিছত ভুক্তভোগীৰ চৰিত্র হনন আৰম্ভ হয়। এই আয়োগে পৰামর্শ আগবঢ়াইছিল যে পীড়িতৰ অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰা আৰক্ষীজনৰ শাস্তি হোৱা উচিত। কিন্তু এনে কোনো নিয়ম কার্য্যকৰী হোৱা নাই। আনহাতে এই কথাটো এইকাৰণে প্রাসংগিক যে হায়দাৰাবাদৰ ভুক্তভোগীৰ পৰিয়াল যেতিয়া আৰক্ষীৰ ওচৰলৈ গৈছিল তেওঁলোকে ইতিবাচক সঁহাৰি পোৱা নাছিল।

এই আয়োগে আৰক্ষীৰ সংস্কাৰৰ বাবে বহু পৰামর্শ আগবঢ়াইছিল লগতে ন্যায়পালিকাকো কিছু দায়িত্ব প্রদান কৰাৰ কৰা হৈছিল আৰু কিছু কেছ ন্যায়পালিকাই নিজাকৈ নিজৰ আওতাত লোৱা উচিত বুলি পৰামর্শ দিছিল। কিন্তু এই আয়োগৰ সৰহ সংখ্যক পৰামর্শ আজিও সঁচা অর্থত কার্য্যকৰী হোৱা নাই। ইয়াৰ ফলত আমি ধর্ষণ, যৌন হিংসাৰ কাৰণবোৰ সামগ্রিকভাৱে নির্মূল কৰাৰ চেষ্টা কৰা নাই বা ভুক্তভোগীক শিঘ্রে ন্যায় প্রদান কৰাৰ ব্যৱস্থাও গ্রহণ কৰা নাই। তাৰ ঠাইত প্রত্যেকবাৰ এনেকুৱা জঘন্য অপৰাধ সংঘটিত হোৱাৰ পিছতহে কঠোৰতম শাস্তিৰ দাবী কৰিছোঁ আৰু লগতে নাৰীৰ স্বাধিনতাৰ ওপৰত বাৰে বাৰে প্রশ্ন উত্থাপন কৰিছোঁ।

হায়দাৰাবাদৰ ঘটনাৰ পিছতো তেলাঙ্গানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাওৱে এটি বিতর্কমুলক বক্তব্য প্রদান কৰে যে ৰাতি মহিলাক ডিউটি দিয়াৰ পৰা বিৰত থকা উচিত। অর্থাৎ ৰাজহুৱা স্থানবোৰ সকলো সময় সকলোৰে বাবে সমান ভাৱে সুৰক্ষিত কৰাৰ ঠাইত নাৰীৰ মুক্ত ভাৱে চলা ফিৰাৰ অধিকাৰত প্রবন্ধক লগোৱাৰহে প্রচেষ্টা কৰিছে। তেলাঙ্গানাৰ মুখ্যমন্ত্রী আৰু সমালোচনাৰ সন্মুখীন হব লগা হৈছিল কাৰন পীড়িতৰ পৰিয়ালক লগ কৰাৰ ঠাইত তেওঁ এটি বিবাহ থলীত উপস্থিত হৈছিলগৈ। বহুতৰে মতে এই এনকাউন্টাৰে এই নেতিবাচক জনমতৰ শাম কটোৱাত সহায় কৰিলে। এই ঘটনাৰ ঠিক পিছতে আন ধর্ষিতাৰ পৰিয়ালবোৰেও এনে ন্যায়ৰ দাবী কৰি আছে। যেন ন্যায়িক প্রক্রিয়াক সুদৃঢ় কৰাৰ কোনো প্রয়োজন নাই আৰু ন্যায়ৰ নামত প্রতিশোধ হে লব বিচাৰিছে ৰাইজে।

ৰাজনৈতিক নেতা আৰু সমাজৰ বিভিন্ন স্তৰৰ যিবোৰ মানুহে হায়দাৰাবাদৰ এই এনকাউন্টাৰত ন্যায় বিচাৰি পাইছে তেওঁলোকে আচলতে এনকাউন্টাৰৰ দৰে ক্ষমতাৰ অপব্যৱহাৰক বৈধতা প্রদান কৰিছে। আমাৰ দেশত প্রায় দিনে ধর্ষণৰ দৰে ঘটনা সংঘটিত হৈ আছে। আৰক্ষীয়ে কিমানজনক এনেকৈ শেষ কৰিব? লগতে আমাৰ দেশৰ এটা ডাঙৰ সমস্যা হল ভুৱা এনকাউন্টাৰ আৰু পুলিচৰ জিম্মাত হোৱা মৃত্যু। গুজৰাটৰ পৰা দিল্লীলৈ, কেৰালাৰ পৰা মনিপুৰ আৰু অসমলৈ – আৰক্ষীৰ জিম্মাত নিৰীহ ব্যক্তিৰ মৃত্যু ঘটিছে আৰু বিভিন্ন সময়ত ভুৱা এনকাউন্টাৰৰ ঘটনা সন্মুখলৈ আহিছে। আজি কিছু দিন আগতে এটি প্রতিবেদনত ২০১২ চনত ছত্তীশগড়ত নক্সাল সজাই নিৰীহ আদিবাসীক হত্যা কৰা হৈছিল আৰ মৃতকৰ মাজত বহুকেইজন কম বয়সীয়া লৰা আছিল। এয়া হল এনকাউন্টাৰৰ সত্যসত্যতা আৰু এনে এনকাউন্টাৰক বৈধতা প্রদান কৰিলে ক্ষমতাৰ ভয়ঙ্কৰ অপব্যৱহাৰৰ লাইচেঞ্চ প্রদান কৰা হব।

ভাৰতবর্ষৰ নাৰী সমাজে প্রতিশোধ নহয় প্রতিৰোধ বিচাৰে। কিন্তু সমাজে যেতিয়া এনকাউন্টাৰৰ দৰে এক ভয়ঙ্কৰ আৰু হিংসাত্মক ঘটনাক সমর্থন কৰে, তেতিয়া ন্যায়ৰ দাবী যেন তল পৰি যায়। আমাৰ দেশত ন্যায়িক প্রক্রিয়া বিভিন্ন কাৰণত বহুত লেহেমীয়া। সেয়ে হয়তো সুদীর্ঘ সাত বছৰ পিছতো নির্ভয়াৰ ধর্ষণকাৰীসকলে শাস্তি পোৱা নাই। কিন্তু লেহেমীয়া ন্যায়িক ব্যৱস্থাৰ বিকল্প কাংগাৰু কোর্ট হোৱা উচিত নহয়। অর্থাৎ কোনো প্রক্রিয়া নামানি কেৱল তধাকথিত অভিযুক্তক কঠোৰ শাস্তি প্রদান কৰা একমাত্র সন্দেহৰ আৱর্তত কেতিয়াও ন্যায় হব নোৱাৰে। এনে মানসিকতা ন্যায়ৰ পৰিপন্থী আৰু দুখীয়া, সমাজৰ প্রান্তীয় স্তৰৰ মানুহৰ বিৰুদ্ধে পক্ষপাতমূলক। আমি মনত কৰা উচিত যে ৰেয়ান ইন্টার্নেশ্যনেল বিদ্যালয়ত এটি কনমাণি ছাত্রৰ হত্যাত প্রথমতে বিদ্যালয়ৰ বাছ কন্ডাক্টৰক গ্রেপ্তাৰ কৰা হৈছিল আৰু পিছত দেখা গল যে হত্যাকাৰী সেই সম্ভ্রান্ত বিদ্যালয়ৰ এটি জ্যষ্ঠ ছাত্র। কলকাতাৰ হেতলৰ ধর্ষন আৰু হত্যাৰ বাবে মৃত্যুদন্ড দিয়া ধনঞ্জয়ৰ কেছৰ ক্ষেত্রতো কিছু মানুহ সন্দেহ প্রকাশ কৰিছে।

যৌন হিংসাৰ স্থায়ী সমাধানৰ কথা চিন্তা কৰাৰ সময় সমাগত। দুই চাৰিজনক এনকাউন্টাৰ কৰি বা মৃত্যুদণ্ড দি এই সামাজিক ব্যাধিক ৰখোৱা এক প্রকাৰ অসম্ভৱ। এই সমস্যাৰ মুললৈ নগলে সময়ে সময়ে এনে ভয়ঙ্কৰ অপৰাধ সংঘটিত হৈ থাকিব। সংস্কৃতি আৰু অপসংস্কৃতিৰ নামত পশ্চিমীয়া দেশবোৰলৈ আঙুলি টোৱাই দিয়া সকলে সেই দেশবোৰত মহিলাই উপভোগ কৰা সুৰক্ষা আৰু সমান অধিকাৰৰ কথা পাহৰা অনুচিত। ধর্ষিতাৰ কাপোৰ কাণি আৰু চৰিত্রত দোষ বিচাৰি ফুৰাসকলে ৩ মহীয়া, ৬ মহীয়া, ৩ বছৰীয়া শিশুৰ ধর্ষণৰ বিষয়ে কি কব? আমি নিজকে দ্য গ্রেট এশিয়ান চিভিলাইজেশ্যনৰ উত্তৰাধিকাৰী বুলি গৌৰৱ কৰোঁ কিন্তু এই সমস্যাৰ বাবে আত্মমন্থন কৰিবলৈ ইচ্ছুক নহয়। কিয় আজিও নাৰীক পণ্য বুলি ভাবি লোৱা হয়, দিনক দিনে মানুহৰ মানসিকতা ইমান নিম্নগামী হৈছে যে যৌন হিংসাৰ ঘটনাৰ ভিডিও বনাই দম্ভ মাৰি সামাজিক গনমাধ্যমত ভাইৰেল কৰি দিয়ে। কিয় কথায় কথায় ফেচবুক, টুইটাৰত মতামত ভিন্ন হোৱাৰ লগে লগে নাৰীক ধর্ষণৰ ভাবুকি দিয়া হয়? আৰু কিয় আমি এই সমস্যাবোৰকলৈ আৰক্ষীৰ ওচৰত যাবলৈ ইচ্ছুক নহয়? আজিৰ সময়ৰ আহ্বান অলপ সমবেদনা আৰু সংবেদনশীলতা – হিংসাৰ প্রত্যুত্তৰ আৰু বেছি হিংসাৰে দিয়া নহয়। যি পুৰুষতান্ত্রিক ব্যৱস্থাই এনে পৰিস্থিতিৰ উৎপাদন কৰি থাকে যত নাৰিক পুৰুষতকৈ তলতীয়া আৰু সেইবাবে নাৰীৰ জীৱনৰ মূল্য কম বুলি ভাবে,  সেই ব্যৱস্থাক শিপাৰ পৰা উঘালি পেলাব নোৱাৰিলে সমাধানবোৰ কেৱল কস্মেটিক হৈ থাকিব।

Post a Comment

0 Comments