দিনৰ পিছত দিন ধৰি নিজৰ ঘৰ, কর্মস্থানত বহু সংগ্রাম চলাই গৈছে
নাৰী। আৰু কা বিৰোধী আন্দোলন ব্যতিক্রম নহয়। দেশৰ বিভিন্ন ঠাইত হোৱা প্রতিবাদত
কেৱল গুৰুত্বপূর্ণ ভূমিকা নহয় নেতৃত্ব বহন কৰিছে নাৰীসমাজে। দিল্লীৰ শাহীন বাগৰ
পৰা অসমৰ বিভিন্ন ঠাইলৈ, জামিয়াৰ পৰা জে এন ইউলৈ, উচ্চশিক্ষিতাৰ পৰা অল্পশিক্ষিতা
গৃহলক্ষ্মীলৈ আজি সকলোৱে নিজৰ ঘৰৰ সুৰক্ষিত পৰিবেশ এৰি ৰাজপথ পাইছেহি।
এই আন্দোলনৰ এটি উল্লেখণীয় বৈশিষ্ট হল ইয়াতে নাৰী,
ছাত্রসমাজ, তৃতীয় লিংগৰ ব্যক্তিসকলে লোৱা গুৰুত্বপূর্ণ ভূমিকা। এই আন্দোলন…