কা বিৰোধী আন্দোলন আৰু নাৰীশক্তি



দিনৰ পিছত দিন ধৰি নিজৰ ঘৰ, কর্মস্থানত বহু সংগ্রাম চলাই গৈছে নাৰী। আৰু কা বিৰোধী আন্দোলন ব্যতিক্রম নহয়। দেশৰ বিভিন্ন ঠাইত হোৱা প্রতিবাদত কেৱল গুৰুত্বপূর্ণ ভূমিকা নহয় নেতৃত্ব বহন কৰিছে নাৰীসমাজে। দিল্লীৰ শাহীন বাগৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ, জামিয়াৰ পৰা জে এন ইউলৈ, উচ্চশিক্ষিতাৰ পৰা অল্পশিক্ষিতা গৃহলক্ষ্মীলৈ আজি সকলোৱে নিজৰ ঘৰৰ সুৰক্ষিত পৰিবেশ এৰি ৰাজপথ পাইছেহি।

এই আন্দোলনৰ এটি উল্লেখণীয় বৈশিষ্ট হল ইয়াতে নাৰী, ছাত্রসমাজ, তৃতীয় লিংগৰ ব্যক্তিসকলে লোৱা গুৰুত্বপূর্ণ ভূমিকা। এই আন্দোলন সঁচা অর্থত গণ আন্দোলন হৈ পৰিছে যত কোনো এক ব্যক্তি বা ৰাজনৈতিক নেতাৰ ঠাইত, নেতৃত্ব প্রদান কৰিছে সাধাৰণ জনগণে। কা বিৰোধী আন্দোলনেৰে যেতিয়া বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ কেম্পাছ উত্তপ্ত হৈ পৰিছিল আৰু আৰক্ষীৰ আতিশয্যাৰ বিৰুদ্ধে প্রতিবাদকাৰী ওলাই আহিছিল তেতিয়া বিভিন্ন প্রতিবাদত কেনেকৈ মহিলা প্রতিবাদকাৰীয়ে সতীর্থসকলক আৰক্ষীৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ থিয় দিছিল তাৰ প্রমাণৰ ৰূপত ফটো আৰু ভিডিও ভাইৰেল হৈ পৰিছিল।

ইয়াৰ আগতে স্বাধীন ভাৰতত কোনো আন্দোলনত নাৰীৰ অংশগ্রহণ এনেকুৱা স্তৰত নাছিল। নাৰীৰ এনে অভুতপূর্ব অংশগ্রহণে কবলৈ গলে এই আন্দোলনৰ চৰিত্র বহুখিনি পৰিবর্তন কৰি পেলাইছে। নাগৰিকত্ব সংশোধনী আইন কেৱল এনে এক বিষয় নহয় যিটো কেৱল বৌদ্ধিক জগতত তাত্ত্বিক আলোচনাৰ ৰূপতে সীমিত থাকিছে। এই আইনৰ প্রভাৱ সাধাৰণ ভাৰতীয়ৰ ওপৰত পৰিব আৰু এই বাবেই হয়তো ৰাজনীতিৰ লগত কোনো সম্পর্ক নথকা সাধাৰণ মহিলাসকলো আজি ৰাজপথত ওলাই আহিছে।

প্রায় এমাহতকৈ বেছি সময় ধৰি দিনৰ পিছত দিন ধৰি শাহীন বাগত প্রতিবাদ কৰি আছে সেই এলেকাৰ ওচৰে পাজৰে থকা সৰহ সংখ্যক মহিলাসকল। একেবাৰে ফুলকুমলীয়া ছোৱালীৰ পৰা আৰম্ভ আশী বছৰীয়া আইতা দিল্লীৰ হাড়ঁ কপোৱা ঠাণ্ডাত ৰাস্তাত বহি প্রতিবাদ কৰি আছে এনে এক আইনৰ বিৰুদ্ধে যিটো আইন তেওঁলোকে বিশ্বাস কৰে সংবিধান বিৰোধী। শাহীন বাগৰ প্রতিবাদৰ দ্বাৰা অনুপ্রাণিত হৈ কলিকতা, লক্ষ্নৌতো মহিলাসকলে চৰকাৰে জাঁপি দিয়া বাধা নেওচি প্রতিবাদ কৰা আৰম্ভ কৰে। কিন্তু লক্ষ্নৌৰ ঘন্টাঘৰৰ ওচৰত প্রতিবাদকাৰীক কম্বল আৰু খাদ্যসামগ্রীৰ যোগান ধৰিবলৈ অহা স্বেচ্ছাসেৱী সংগঠনবোৰৰ পৰা সামাজিক গণমাধ্যমত পোৱা বাতৰি মতে এই বস্তুবোৰ কাড়ি লোৱা হয়। প্রতিবাদকাৰীক প্রত্যক্ষ আৰু পৰোক্ষভাৱে অত্যাচাৰ কৰি চৰকাৰে প্রচেষ্টা কৰি আছে প্রতিবাদ বন্ধ কৰিবলৈ। কিন্তু ইমানৰ পিছতো এই মহিলাসকলে নিজৰ প্রতিবাদ অব্যাহত ৰাখিছে।

এই প্রতিবাদকাৰীসকলৰ সৰহসংখ্যকে কোনো ৰাজনৈতিক দলৰ সক্রিয় সদস্য নহয়, ৰাজনৈতিক প্রতিবাদৰ কোনো পুর্বৰ অভিজ্ঞতা নাই, নাই স্লোগান দিয়াৰ অভ্যাস বা অধিকাৰকলৈ কঠিন ভাষাৰে ভাষণ দিয়াৰ অভ্যাস। কিন্তু অতি কম সময়ৰ ভিতৰত যথেষ্ট আত্মবিশ্বাস সহকাৰে এই মাতৃসকল, ভগ্নীসকল নিজৰ অধিকাৰৰ দাবী উত্থাপন কৰিব শিকি ললে। জে এন ইউ ছাত্র সন্থাৰ প্রাক্তন অধ্যক্ষ কানহাইয়া কুমাৰে জনপ্রিয় কৰি পেলোৱা ‘আজাদী’ৰ স্লোগানো এই প্রতিবাদবোৰত প্রতিধ্বনিত হয় যত নাৰীয়ে শোষণকাৰী পুৰুষতান্ত্রিক ব্যৱস্থাৰ পৰা স্বতন্ত্রতাৰ দাবী কৰে।

জামিয়াৰ প্রতিবাদকাৰী ছাত্রক যেতিয়া আৰক্ষীয়ে নির্মমভাৱে লাঠিচার্জ কৰিছিল তেতিয়াও হিজাব পৰিধান কৰা কেৰালাৰ কিছু ছাত্রী আৰক্ষীৰ সন্মুখত থিয় দিয়ে নিজৰ সতীর্থৰ ৰক্ষার্থে। ঠিক একে ভূমিকা পালন কৰে আন শিক্ষানুষ্ঠানৰ ছাত্রীসকলে। অসমতো মহিলাৰ অভূতপূর্ব অংশগ্রহণ দেখা যায়। ৮০ বছৰীয়া বৃদ্ধাৰ পৰা আৰম্ভ কৰি, বিশ্ববিদ্যালয়ৰ ছাত্রী, শিল্পী, স্কুলত মধ্যাহ্ন ভোজনৰ ৰান্ধনী, মহিলা শ্রমিক, ঘৰুৱা কাম কৰা মহিলা এই আন্দোলনত অংশগ্রহণ কৰিবলৈ ওলাই আহিছে। আহোম কুৱঁৰী মূলা গাভুৰুৰ ঐতিহ্যৰ বন্তীশিখা প্রজ্জ্বলিত কৰি ৰখাৰ প্রতিশ্রুতিৰে হেজাৰ হেজাৰ অসমীয়া মহিলা ৰাজপথলৈ ঢাপলি মেলিছে। মহিলাৰ এনে সক্রিয় অংশগ্রহণ আৰু ভুমিকা দেখাৰ পিছত বহুকেইটা সংগঠনে মহিলাৰ নেতৃত্বত আৰু নাৰীশক্তি প্রদর্শনৰ বাবে ভালেকেইখন সুকীয়া কার্য্যসূচীৰ বন্দোবস্ত কৰিলে।

টিভিৰ পর্দাত আমাৰ ঘৰ বোলা বৃদ্ধাশ্রমৰ আইতাসকলেও ছাত্র সন্থাই পতা সত্যাগ্রহত যোগদান কৰিছিল। ৰাজনীতিৰ পেঁচ বুজি নোপোৱা আইতাগৰাকীয়ে চকুলো টুকি কেৱল হুমনিয়াহ কাৰি কলে যে এই আইন আমি কেতিয়াও মানি লব নোৱাৰোঁ কাৰণ এই আইনৰ ফলত আমি আমাৰ মুখৰ মাত হেৰুৱাম। অসমৰ কা বিৰোধী আন্দোলনক দুই ভাগত বিভক্ত কৰিব পাৰি। প্রথম ভাগত বহুকেই ঠাইত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আৰু চৰকাৰেও কঠোৰ আইনৰ সহায়ত দমনমূলক নীতি গ্রহণ কৰিছিল। প্রায় তিনিশতাধিক মানুহক গ্রেপ্তাৰ কৰা হৈছিল।

ইয়াৰ পিছত আন্দোলনটোৱে লাহে লাহে গণতান্ত্রিক ৰূপ লয় আৰু এই গণতান্ত্রিক আন্দোলনত সক্রিয় ভাৱে অংশগ্রহণ কৰে ছাত্র সমাজৰ লগতে অসমৰ নাৰী সমাজ। পিছে মহিলাসকল কেৱল অৱস্থান ধর্মঘট কৰি নহয়, জোৰ সমদল আনকি সামূহিক মুণ্ডনৰ দৰে কার্য্যসূচীও পালন কৰি প্রতিবাদ সাব্যস্ত কৰে।

শাহীন বাগৰ প্রতিবাদকাৰী মহিলাসকলে শান্তিপূর্ণ ভাৱে দিন ৰাতি প্রতিবাদ অব্যাহত ৰাখিছে। সাধাৰণ গৃহিনীসকল ঘৰৰ কাম শেষ কৰি সোনকালে প্রতিবাদথলীলৈ আহে যাতে বাকীবোৰে ঘৰলৈ গৈ নিজৰ কৰণীয়খিনি শেষ কৰি আহিব পাৰে। প্রতিবাদথলীলৈ ওলাই অহাৰ পিছতো নিজৰ ঘৰুৱা দায়িত্বৰ পৰা হাত সাৰি অহা নাই মহিলাসকলে। বিভিন্ন সাংবাদিকক দিয়া সাক্ষাৎকাৰত প্রতিবাদকাৰীসকলে কৈছে যে তেওঁলোক নিজৰ সন্তানৰ ভৱিষ্যৎৰ কথা চিন্তা কৰি ওলাই আহিছে।

কিছু ৰাজনৈতিক দলে এই প্রতিবাদক এক বিশেষ সম্প্রদায়ৰ লগত জড়িত কৰিব বিচাৰিছে। কিন্তু প্রতিবাদ থলীত গলে এনে অভিযোগ অপ্রাসংগিক বুলি প্রমাণ হৈ যায়। এই প্রতিবাদবোৰত জাতি, ধর্ম নির্বিশেষে সকলোৱে অংশগ্রহণ কৰিছে। গান্ধীজীৰ লগতে বাবাসাহেব অম্বেদকৰৰ চিত্র প্রতিবাদৰ প্রতীক হৈ উঠিছে। আৰু হাতে হাতে জাতীয় পতাকা, সংবিধানৰ কপি দেখা গৈছে প্রতিবাদথলীত। এই প্রতিবাদ দেশৰ বাবে দেশবাসীৰ প্রতিবাদ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰীশক্তিৰ এই প্রদর্শনৰ প্রাসংগিকতা আৰু গুৰুত্ব বহুত। যি দেশ, সমাজত আজিও নাৰীৰ স্থিতি দুঃখলগা, আজিও নাৰী সমান অধিকাৰৰ বাবে সংগ্রাম কৰিব লাগে, সেই দেশত পুৰুষৰ সমান্তৰাল ভাৱে ৰাজহুৱা প্রতিবাদত নাৰীয়ে এনে অংশগ্রহণ কৰা পৰিবর্তিত সময়ৰ উমান দিয়ে।

যি ৰাজহুৱা স্থানবোৰত ন্যুনতম সুৰক্ষাৰ বিষয়ে নিশ্চিত নহয় মহিলা, সেই ৰাজহুৱা স্থানত দিনৰ পিছত দিন ধৰি মহিলাৰ উপস্থিতিয়ে গুৰুত্বপূর্ণ বার্তা কঢ়িয়ায়। ৰাজপথ এতিয়া আৰু কেৱল পুৰুষৰ স্থান হৈ থকা নাই। এই ৰাজহুৱা স্থানবোৰত নাৰীৰ দাবীও শক্তিশালী হৈ গৈ আছে। আৰু ৰাজহুৱা স্থানবোৰ নাৰীৰ বাবে সুৰক্ষিত কৰি তোলাৰ ফালে এইটো এক গুৰুত্বপূর্ণ পদক্ষেপ।কাৰণ ৰাজহুৱা স্থানবোৰত নাৰীৰ অনুপস্থিতি বহু ক্ষেত্রত যৌনহিংসাৰ কাৰণ হৈ পৰে।

এই আন্দোলন কেৱল অধিকাৰৰ আন্দোলন নহয়, অসহায়তাৰ ফলস্বৰুপেও গঢ়ি উঠা আন্দোলন। অসমৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ অভিজ্ঞতাৰ পৰা স্পষ্ট হৈ পৰিছে যে এনে ধৰণৰ প্রক্রিয়াত মহিলাসকল পুৰুষতকৈ বেছি ভুক্তভোগী। ঠিক একে ধৰণে সন্দেহজনক ভোটাৰৰ ভিতৰত মহিলাৰ সংখ্যা বেছি। পুৰুষতান্ত্রিক সমাজত মহিলাৰ শিক্ষা, অধিকাৰৰ গুৰুত্ব কম। বাল্যবিবাহ, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চনাই মহিলাক স্বতন্ত্র পৰিচয়ৰ পৰা বঞ্চিত কৰে। তেনে ক্ষেত্রত যেতিয়া নাগৰিকত্বৰ পৰিচয় কাগজ পাতিৰ ভিত্তিত দিব লগা হয়, তেতিয়া ভয়ঙ্কৰ পৰিস্থিতিৰ সন্মুখীন হয় মহিলাসকল। এই চিন্তাও বহু মহিলাক দেশজোৰা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে ৰাজপথলৈ ঠেলি পঠিয়াইছে।

এসময়ত অধিকাৰ, নাগৰিকত্বৰ প্রশ্নত নিজৰ বক্তব্য উচ্চশিক্ষিত মহিলাসকলে আনৰ আগত ৰাখিব পাৰিছিল। কিন্তু এই আন্দোলনে একেবাৰে সাধাৰণ, অল্পশিক্ষিতা মহিলাকো মঞ্চত থিয় হৈ সংবিধানে দিয়া অধিকাৰৰ কথা কবলৈ সাহস আৰু সুযোগ দিছে। মহিলাসকলে নিজৰ ঘৰৰ পুৰুষ সদস্যৰ কথা মতে এই আন্দোলনত ওলাই অহা নাই। তেওঁলোকে সচেতনভাৱে এই আন্দোলনত যোগদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। আজি এই মহিলাসকল কেৱল প্রতিবাদকাৰীৰ মাতৃ, ভগ্নী বা পত্নী নহয়, আজি তেওঁলোক নিজেও প্রতিবাদী সতীর্থ।

এই আন্দোলনে আৰু এটা গুৰুত্বপূর্ণ বার্তা কঢ়িয়ায় – গান্ধীজীৰ অহিংস আন্দোলন আৰু সত্যাগ্রহৰ প্রাসংগিকতা। গান্ধীজীৰ অহিংস নীতিয়ে যেনেকৈ শক্তিশালী ব্রিটিছ চৰকাৰক তৎ নোপোৱা কৰিছিল, আজিৰ শক্তিশালী কেন্দ্রীয় চৰকাৰে এনে প্রতিবাদকাৰীক কেনেকৈ দমন কৰিব চিন্তা কৰি পোৱা নাই। প্রতিবাদকাৰীৰ ওচৰে পাজৰে থকা আৰক্ষী ওত পাতি আছে প্রতিবাদ হিংসাত্মক হৈ উঠাৰ আৰু সেই সুযোগত প্রতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰাৰ। কিন্তু নিৰস্ত্র প্রতিবাদকাৰীসকলে জানে যে একমাত্র নৈতিকতা আৰু আদর্শৰ জৰিয়তে এক শক্তিশালী অহংকাৰী শাসক শ্রেণীক প্রত্যাহ্বান জনোৱা সম্ভৱ।
জামিয়াৰ ছাত্রক আৰক্ষীয়ে নৃশংসভাৱে লাঠি চার্জ কৰাৰ পিছদিনাখন ছাত্রসকলে শান্তিপূর্ণ ভাৱে মৌন প্রতিবাদ কৰিছিল। দিল্লী বিশ্ববিদ্যালয় আৰু জে এন ইউৰ ছাত্র সকলে দিল্লীৰ আৰক্ষীক গোলাপ ফুল উপহাৰ দি তেওঁলোকৰ লগত থিয় হবলৈ আহ্বান জনাইছিল। হিংসাক দমন কৰা সহজ কিন্তু এনে প্রতিবাদক দমন কৰা এক প্রকাৰ অসম্ভৱ।

পুৰুষতান্ত্রিক সমাজ এখনে বহু কৌশলেৰে মহিলাক বিভিন্ন  ক্ষেত্রত আগুৱাই যোৱাত বাধা দিছে। আজিও সকলো ক্ষেত্রতে আমি সমভাগী হৈ উঠিব পৰা নাই। ৰজনীতিত মহিলাৰ অংশগ্রহণ আৰু প্রতিনিধিত্ব পুতৌ লগা। সিদ্ধান্ত গ্রহণকাৰীৰ ভূমিকাত মহিলাৰ সংখ্যা তেনেই নগণ্য। কিন্তু তাৰ পিছতো ২০১৮ ত পাতনি মেলা মী টু আন্দোলনৰ লগতে মহিলাই সকলো বেষ্টনী ভেদি আহি নিজৰ অধিকাৰ আৰু ন্যায়ৰ হকে মাত মতা আৰম্ভ কৰিছে।

কা বিৰধী আন্দোলনে নাৰীবাদী আন্দোলনক আৰু শক্তিশালী কৰি তুলিব বুলি আমি বিশ্বাসী। এই আন্দোলন উল্লেখযোগ্য ভাৱে কেৱল নাগৰিকত্বৰ বৈষম্যমূলক আইনলৈ সীমিত নাথাকি আন ক্ষেত্রতো ভুক্তভোগীৰ হৈ মাত মতা আৰম্ভ কৰিছে। এনে এক উদাহৰণ আমি শাহীন বাগত পালোঁ যেতিয়া প্রতিবাদকাৰিসকলে কশ্মিৰী পণ্ডিতসকলৰ লগত থিয় দিলে। প্রান্তীয়, শোষিত সম্প্রদায়বোৰে একেলগে ধিয় দি অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক বিৰল উদাহৰণ আছিল এইটো।

এই আন্দোলনত ওলাই অহা মহিলাসকল নিশ্চয় আকৌ পুৰুষতন্ত্রৰ স্বৈৰাচাৰী ব্যৱস্থালৈ ওভতি নাযাব আৰু তেনে শোষণমূলক ব্যৱস্থাৰ বিৰুদ্ধে সংগ্রাম চলাই যাব। ভিন্ন শ্রেণী, জাতি, ধর্ম আনকি বয়সৰ মহিলা ওলাই আহি নিজৰ প্রতিবাদ সাব্যস্ত কৰিছে। আমি আশা কৰোঁ যে এই পৰিবর্তন সকলো ক্ষেত্রতে প্রতিফলিত হব। ৰাজপথৰ পৰা সংসদৰ মজিয়ালৈ নাৰীৰ অধিকাৰ আৰু দাবীৰ বজ্রনিনাদ কোনেও ৰুদ্ধ কৰিব নোৱাৰিব। আৰু এই সত্যক আওকান কৰা জাতি, দল, সংগঠন সময়ৰ সোঁতত বিলীন হৈ যাব। আমি আশাবাদী যে নাৰীশক্তিৰ প্রদর্শনৰ এয়া কেৱল আৰম্ভণিহে। সকলো ক্ষেত্রতে সমভাগীৰূপে আমাৰ স্থান গ্রহণ কৰাৰ এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ।

পাৰভিন চুলতানা
৮০১১৯০৩৬২৩

Post a Comment

0 Comments