শার্জীল ইমামৰ বক্তব্যৰ সমস্যা কত?



জামিয়া মিলিয়া ইছলামিয়া আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশগ্রহণ কৰিবলৈ গৈ জে এন ইউৰ ইতিহাস বিভাগৰ গৱেষক ছাত্র শার্জীল ইমামে বিতর্কিত বক্তব্য  আগবঢ়াই বিশেষ চৰ্চা লাভ কৰিছে। বিতৰ্কিত বক্তব্য প্ৰদানৰ পিছতেই ইমামৰ বিৰুদ্ধে সৰৱ হৈ উঠে বহুকেইখন ৰাজ্যিক চৰকাৰ আৰু তেওঁৰ নামত দেশদ্রোহিতাৰ গোচৰ ৰুজু কৰে। পাটনালৈ 'কা' বিৰোধী আন্দোলনত অংশগ্রহণ কৰিবলৈ গৈ প্রায় তিনিদিন আত্মগোপন কৰি থকাৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে। 

পিছে শার্জীল ইমামৰ বিতৰ্কিত, বহুচর্চিত আৰু বহুল প্রচাৰিত ভাষণত কি আছিল? ইমামৰ চল্লিশ মিনিটৰ ভাষণৰ মাত্র দেৰ-দুই মিনিটৰ এটা অংশহে বহুলভাৱে প্রচাৰিত হয়। এই অংশত শার্জীলে অসম আৰু উত্তৰ পুর্বাঞ্চলক ভাৰতবর্ষৰ লগত সংযোগ কৰা চিকেন নেক কৰীডৰ স্থায়ীভাৱে নহলেও কিছুদিনৰ বাবে বন্ধ কৰি দিয়াৰ আহ্বান জনায়। তেওঁ এটা অদ্ভুত মন্তব্য কৰে যে এই কৰীডৰৰ ওচৰে পাজৰে থকা মুছলমান মানুহসকলে ৰেলপথত ইমান আৱর্জনা পেলোৱা উচিত যাতে পৰিস্কাৰ কৰোঁতেই যেন এমাহমান সময় লাগি যায়। শার্জীল ইমামৰ মতে এয়া অসমৰ বিষয়ে চৰকাৰক জবাবদিহী কৰাৰ একমাত্র উপায় কাৰণ তেওঁৰ মতে চৰকাৰে  গণতান্ত্রিক আন্দোলনবোৰক গুৰুত্ব প্ৰদান কৰা নাই। 

ইমামৰ এই বক্তব্যক সামাজিক মাধ্যমত বহুলভাৱে প্রচাৰ কৰা হৈছে এক বিচ্ছিন্নতাবাদী আহ্বান ৰূপে। শার্জিল ইমামৰ বক্তব্যই ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি আখ্যা দি তেওঁৰ বিৰুদ্ধে অসম চৰকাৰকে ধৰি পাচঁখন ৰাজ্যৰ চৰকাৰে দেশদ্রোহিতাৰ অভিযোগ জাঁপি দিছে। শার্জীল ইমাম গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ আৱেগৰ বশৱর্তী হৈ কথাবোৰ কৈছে বুলি স্বীকাৰোক্তি প্ৰদানৰ লগতে তেওঁৰ অসম্পূর্ণ ভাষণ প্রচাৰ কৰি এটা ভুল বার্তা প্রেৰণ কৰা হৈছে বুলি কয়। 

শার্জীল ইমামৰ অসমৰ বিষয়ে থকা ধাৰণা অজ্ঞতাৰ ফলস্বৰূপ। পিছে এয়া তেওঁৰ সুকীয়া ধাৰণা নহয়। দিল্লীস্থিত বহুতে অসম, কশ্মীৰ, মণিপুৰ বা আন উত্তৰ পুবৰ ৰাজ্যৰ সমস্যাৰ মাজত থকা পার্থক্য বুজি নাপায়। শার্জীল ইমামে বিতর্কিত কথাখিনি কোৱাৰ পিছৰ দুশাৰীতে কয় যে ডিটেনশ্যন কেম্পত হোৱা অত্যাচাৰ আৰু মুছলমানক শেষ কৰি পেলোৱা পৰিকল্পনাৰ বিৰুদ্ধে প্রতিবাদ কৰাৰ একমাত্র উপায় ভাৰতৰ আন ঠাইৰ পৰা অসমলৈ সৈন্য বাহিনী, ৰাজনৈতিক নেতা যোৱাটো বন্ধ কৰি পেলোৱা। জে এন ইউত অধ্যয়ণ কৰাৰ সময়ত কিছু বামপন্থী দলৰ ছাত্র নেতাও কশ্মীৰ, মণিপুৰৰ লগতে অসমক স্বতন্ত্রতা প্রদান কৰাৰ পৃষ্টপোষকতা কৰিছিল। তেওঁলোকে এইখিনিও নাজানিছিল যে বিচ্ছিন্নতাবাদীৰ দাবী অসমৰ মুলসুঁতীয়ে কৰা নাই সাম্প্রতিক সময়ত।

শার্জীল ইমামৰ এনে ভাষ্যই এটা কথা উদঙাই দিয়ে যে ডিটেনশ্যন কেম্প, নাগৰিকত্বকলৈ হাৰাশাস্তিৰ সন্মুখীন হোৱা মানুহসকলৰ সপক্ষে চলা দীর্ঘদিনীয়া বহুস্তৰীয়া কার্যসূচী আৰু সাম্প্রতিক সময়ৰ গণতান্ত্রিক আন্দোলন সম্পৰ্ক তেওঁ বহুখিনি অজ্ঞ। তেওঁ নাজানে যে কিছু সোঁপন্থী সংগঠনে বহু প্রচেষ্টা কৰি থকা স্বত্তেও অসমত 'কা' বিৰোধি আন্দোলন আজিও ধর্মীয় মেৰুকৰণৰ বলী হোৱা নাই। তেওঁ লগতে অজ্ঞ যে অসমত বহু অনা মুছলমান লোকৰো ডিটেনশ্যন কেম্পত মৃত্যু হৈছে আৰু সংখ্যালঘূ লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে থিয় দিয়া ড০ হীৰেণ গোঁহাই, হৰেশ্বৰ বৰ্মন, ড০ দেৱব্ৰত শৰ্মা, ড০ দিলীপ বৰা, হৰেকৃষ্ণ ডেকা, ড০ অপুর্ব কুমাৰ বৰুৱা, অজিত ভূঞা, মঞ্জিত মহন্ত আদি আন বিশিষ্ট ব্যক্তসকল কিন্তু অনামুছলিম। তেওঁলোক আগুৱাই আহিছে কাৰণ তেওঁলোক ভাৰতবর্ষৰ সংবিধান, গণতন্ত্ৰ আৰু ধর্মনিৰপেক্ষতাত বিশ্বাসী। গতিকে শার্জিল ইমামে যদিও ডিটেনশ্যন কেম্পত হোৱা হাৰাশাস্তিৰ বিৰোধিতা কৰিছে, তেওঁৰ পৰামর্শক আমি কেতিয়াও সমর্থন নকৰোঁ কাৰণ আমি আজিও গণতান্ত্রিক আন্দোলনত বিশ্বাসী।

এতিয়া অহা যাওক সুদীর্ঘ ৪০ মিনিটৰ ভাষণত শার্জিলে কোৱা আন কিছু কথালৈ। শার্জিলৰ গোটেই ভাষণ শুনিলেহে তেওঁৰ ৰাজনৈতিক স্থিতি স্পষ্টকৈ বুজা যাব। শার্জিলক জে এন ইউৰ বামপন্থী নেতা সজাই আকৌ এবাৰ জে এন ইউক আৰু বামপন্থী আদৰ্শক আক্রমণৰ সুযোগ বিচৰা সকলে শার্জিলে বাম্পিন্থী-সাম্যবাদী দলবোৰক কৰা সমালোচনা শুনা উচিত। শার্জিলৰ মতে ভাৰতীয় সাম্যবাদী দলে বহুবাৰ হিংসাৰ আশ্রয় লৈছে। লগতে তেওঁ কংগ্রেছৰ দ্বৈত সুবিধাবাদী নীতিৰ সমালোচনা কৰে। কংগ্রেছ বা সাম্যবাদী দল আলোচনাৰ ঊর্ধ্বত নহয় কিন্তু সাম্প্রতিক সময়ত হোৱা ঘটনাবোৰৰ বাবে কেৱল এই দলবোৰক জগৰীয়া কৰা উচিত হবনে? শাৰ্জীলে জে এন ইউৰ বামপন্থী ছাত্র সংগঠনকো সমালোচনা কৰে কাৰণ তেওঁৰ মতে এই ছাত্রসকলে কোনো হিংসাত্মক ঘটনা হলে সাধাৰণ ছাত্রক মাৰ খাবলৈ আগুৱাই দিয়ে। পিছে তেওঁ জে এন ইউ ছাত্র সন্থাৰ সভানেত্রী অইশী ঘোষৰ কথা সুকীয়া বুলি কয়। তেওঁ সমালোচনা কৰে চি পি আইৰ নেতা কানহাইয়া কুমাৰক কাৰণ তেওঁৰ মতে কানহাইয়াই মুছলমানৰ সমর্থনৰ অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। তেওঁ সমালোচনা কৰে জামিয়াৰ প্রটেষ্ট কো-ওর্ডিনেশ্যন কমিটীৰ কাৰণ এই কমিটী কেৱল মুছলমানৰ দ্বাৰা গঠিত হোৱা নাছিল। উল্লেখযোগ্য যে আজি দেশজোৰা চলা এই অহিংস গণতান্ত্ৰিক আন্দোলনে গৌৰৱ সহকাৰে গান্ধীৰ নাম লৈ তেওঁৰ পৰা অনুপ্ৰাণিত হৈছে। আৰু হয়তো সেইবাবে ইমান বৃহৎ এটি আন্দোলন আজিও শান্তিপূর্ণ ভাৱে চলি আছে। কিন্তু সেই গান্ধীজী শার্জিল ইমামৰ মতে হেনো এই শতিকাৰ সর্বশ্রেষ্ঠ ফেচিবাদী ব্যক্তি!

শার্জিল ইমামে যি কোনো ব্যক্তি বা অনুষ্ঠানৰ সমালোচনা কৰিব পাৰে। কিন্তু সেই সমালোচনাৰ জৰিয়তে তেওঁ কি কব বিচাৰিছে সেইটো গুৰুত্বপূর্ণ। লগতে গুৰুত্বপূর্ণ তেওঁৰ বক্তব্যৰ ৰাজনৈতিক প্রাসংগিকতা কি? তেওঁৰ ভাষণৰ আৰম্ভণিৰে পৰা তেওঁ স্পষ্ট কৰি দিয়ে যে এই আন্দোলন কেৱল মুছলমানৰ অধিকাৰৰ ৰক্ষাৰ স্বার্থত আৰু এই সেইবাবে এই আন্দোলনৰ নেতৃত্ব সাধাৰণতে মুছলমানসকলে লব লাগিব। আন কোনো ব্যক্তি এই আন্দোলনত অংশগ্রহণ কৰিলে তেওঁলোক মুছলমানে ঠিক কৰি দিয়া চৰ্তমতেহে অংশগ্রহণ কৰিব পাৰিব। উল্লেখযোগ্য যে আজি গোটেই বিশ্বত জিলিকি উঠা শ্বাহীন বাগৰ সাধাৰণ মহিলাসকলেও শার্জিল ইমামতকৈ বেছি উদাৰ মানসিকতাৰ পৰিচয় দিছে। তেওঁলোকে প্রথমৰে পৰা স্পষ্ট কৰি দিছে যে এই আন্দোলন হল নাগৰিকৰ আন্দোলন নিজৰ দেশ আৰু সংবিধানৰ বাবে, কোনো বিশেষ ধর্ম বা জাতিৰ স্বার্থৰ বাবে নহয়। শ্বাহীন বাগ থিয় দিছিল কশ্মীৰী পণ্ডিতৰ লগত। শার্জিল ইমামৰ এনে সাম্প্রদায়িক মানসিকতাৰ বাবে শ্বাহীন বাগত তেওঁক ভাষণ দিবলৈ দিয়া হোৱা নাছিল আৰু নিজৰ হাতত শ্বাহীন বাগৰ নেতৃত্ব নোপোৱাৰ বাবে আচৰিত ভাৱে শার্জিলে একপক্ষীয় ভাৱে শ্বাহীন বাগৰ আন্দোলনৰ অন্ত পৰিছে বুলি ঘোষণা কৰিছিল। 

পিছে নিজৰ দীঘলীয়া ভাষণত সকলোকে সমালোচনা কৰা সত্ত্বেও ইমামে সমালোচনা কৰা নাছিল এই আইনখন প্রণয়ন কৰা শাসকগোষ্ঠীক! তেওঁ নৰেন্দ্র মোদী, অমিত শ্বাহক সমালোচনা কৰি একো বক্তব্য আগবঢ়োৱা নাছিল। তেওঁ উপর্য্যুপৰি লক্ষ্য হিচাপে বাচিঁ লৈছিল বামপন্থী দল সংগঠনক আৰু অনা-মুছলমান স্বেচ্ছাসেৱী গোটবোৰক। আচৰিত নহয়নে? শার্জিল ইমামক এৰাতিতে সংবাদ মাধ্যমে 'কা' বিৰোধী আন্দোলনবোৰৰ মাস্টৰমাইন্ডসজাই দিলে, কিন্তু এই আন্দোলন পর্যবেক্ষন কৰা যি কোনো ব্যক্তিয়ে স্পষ্টকৈ বুজি পাব যে এই আন্দোলনৰ কোনো নির্দিষ্ট নেতা নাই। পৰিকল্পিতভাৱে অতি কম সময়ত শাহীন বাগৰ 'কা' বিৰোধী আন্দোলন আৰু শাৰ্জীল ইমামৰ বিতৰ্কিত বক্তব্য দিল্লীৰ নির্বাচনী ইছ্যু কৰি তোলা হল। শার্জিল ইমামৰ একমাত্র কৃতৃত্ব হল যে বহু দিনৰ পৰা সোঁপন্থী সংগঠনবোৰে কৰা প্রচেষ্টাক তেওঁ সহজ কৰি দিলেঅর্থাৎ তেওৰঁ এই বিতৰ্কিত বক্তব্যই আন্দোলনক এক সাম্প্রদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিলে।

শার্জিল ইমামৰ বক্তব্যৰ লগত আমি যদিও সম্পূর্ণ ৰূপে একমত নহয়, দুর্ভাগ্যজনকভাৱে শার্জিল ইমামৰ গ্রেপ্তাৰিৰ পিছত তেওঁৰ সপক্ষে মাত মাতিবলৈ কোনো আন্দোলনকাৰী তেনেকৈ আগবাঢ়ি অহা নাই। তেওঁ হৈ পৰিছে কঠোৰ আইনৰ অধীনত ভাৰতীয় জেলত বন্দী আন এগৰাকী মুছলমান যুৱক। এনে বহুবাৰ দেখা গৈছে যে কঠোৰ আইনৰ অপব্যৱহাৰ কৰি গোটেই জিৱন এনে যুৱকক কাৰাবন্দী কৰি ৰখা হয়। মোহম্মদ আমিৰ খান, নিছাৰ আহমেদৰ হেৰাই যোৱা জীৱন, সপোনবোৰ এনে কঠোৰ বাস্তৱৰ উদাহৰণ। শার্জিল ইমামো এনেকৈ হেৰাই যাওক আমি নিবিচাৰোঁ। কিন্তু লগতে শার্জিল ইমামো কিছু সহিষ্ণুতাৰ পৰিচয় দিব লাগিব। প্রত্যক্ষভাৱে সাম্প্রদায়িক দল এটাক পৰাজিত কৰিব পাৰিব সাম্প্রদায়িক সম্প্রীতিয়ে, সাম্প্রদায়িক বিভেদে নহয়। শক্তিহীন কংগ্রেছ আৰু বামপন্থী দলৰ সমালোচনাই সোঁপন্থী দলকহে লাভাৱান্বিত কৰিব আৰু আজিৰ সময়ত এনে ঘটনা চিন্তাৰ বিষয়।

সেইবাবে যধে-মধে কোনো ব্যক্তিৰ ওপৰত দেশদ্ৰোহিতাৰ দৰে কঠোৰ অভিযোগ জাঁপি দিয়াক সমর্থন কৰিব নোৱাৰি। কাৰণ ইতিহাসৰ বিভিন্ন ক্ষণত আমি প্রায়ে এই আইনৰ অপব্যৱহাৰ হোৱা দেখিছো। শাসকীয় দলৰ ৰাজনৈতিক নেতাই ৰেলীত  মানুহক গুলী মাৰিবলৈ উচটনিমূলক ভাষণ দিয়ে আৰু আন এগৰাকী নেতাই সদ্যহতে হোৱা গুলীচালনাবোৰতো বৈধতা বিচাৰি পায়। কিন্তু এওঁলোকৰ বিৰুদ্ধে কোনো আইনী পদক্ষেপ লোৱা নহয়। গণতান্ত্রিক ভাৱে নির্বাচিত এগৰাকী মুখ্যমন্ত্রীক অৰবিন্দ কেজৰিৱালক আতঙ্কবাদী বুলি কোৱা হয়, কিন্তু ইয়াৰ বিৰুদ্ধেও যথাযোগ্য প্রতিক্রিয়া দেখা নাযায়। এই বক্তব্যৰ বিৰুদ্ধে পিছে দিল্লীৰ ভোটাৰে সৰৱ উত্তৰ দিছে শাসক দল বিজেপিক। ভিন্ন মতৰ ব্যক্তিক মুকলিকৈ গুলী মাৰিবলৈ আহ্বান জনোৱা অনুৰাগ ঠাকুৰ দেশলৈ ভাবুকি নহয়। অনা মুছলমান মহিলা দি ভৰি থকা শ্বাহীন বাগত গুঞ্জা কাপুৰ বোলা এগৰাকী স্বঘোষিত সাংবাদিক বোর্খা পৰিধান কৰি গৈ অপ্রীতিকৰ পৰিবেশ সৃষ্টি কৰাৰ প্রচেষ্টাৰ পিছতো কোনো পদক্ষেপ লোৱা নহল। কিন্তু জাতি ভিত্তিক ভেদাভেদ আৰু সাম্প্রদায়িকতাৰ পৰা আজাদীবা পৰিত্রাণ বিচাৰিলে, দেশদ্রোহিতাৰ গোচৰ জাপি দিয়া হব পাৰে! সেয়েহে এই আইনৰ অপব্যৱহাৰৰ আৰু শার্জিল ইমামক অদৰকাৰী গুৰুত্ব প্রদান কৰি আন্দোলনক নস্যাৎ কৰাৰ প্রচেষ্টাৰ বিৰোধিতা হোৱা উচিত। আৰু একে সময়ত এই আন্দোলন যে এজন শার্জিল ইমামৰ সঙ্কীর্ণ সাম্প্রদায়িক ৱার্ল্ড ভিউতকৈ বহু বেছি প্রসাৰিত আৰু সকলো প্রান্তীয় আৰু নিষ্পেষিত গোটক সামৰি লব পাৰা, সেই বার্তা প্রদান কৰিব লাগিব। 

Post a Comment

0 Comments