ক'ৰোণা সংক্রমণ, মার্কাজৰ ঘটনা আৰু সম্প্ৰদায়িকতাবাদ


মানৱ জাতি আজি এক অদৃশ্য শত্রুৰ সন্মুখত একপ্রকাৰ  অসহায় হৈ পৰিছে। চীন দেশৰ য়ুহান চহৰত সৃষ্টি হৈ গোটেই পৃথিৱীলৈ বিয়পি পৰা কৰোণা ভাইৰাছৰ কোভিড-১৯ৰ স্বৰূপে প্রত্যেকটো দেশতেই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰতিদিনেই সংক্রমিত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আহিছে।এই প্রবন্ধ লিখাৰ সময় লৈকে গোটেই পৃথিৱীত কোভিড-১৯ মহামাৰীত আক্রান্তৰ সংখ্যা ১০ লক্ষ পাৰ কৰিছে আৰু মৃতকৰ সংখ্যাও প্ৰায় ৫০ হেজাৰ অতিক্রম কৰিলে। পৃথিৱীৰ উন্নত দেশ আমেৰিকা, ব্রিটেইনকে আদি কৰি ইউৰোপৰ ইটালী, স্পেইন, জার্মানীয়ে এই ব্যাধিক প্রতিৰোধ কৰিব পৰা নাই। ইটালী আৰু স্পেইনৰ পৰা অহা মৃতকৰ সংখ্যা চিন্তাজনক। প্রত্যেক দিনেই এই দেশ দুখনত ৫০০-৬০০ ৰো অধিক ব্যক্তিয়ে এই ৰোগত আক্রান্ত হৈ মৃত্যু বৰণ কৰি আছে।

কিছু দেৰি কৰি হলেও এই নতুন ভাইৰাছ সংক্রমণৰ ভয়াবহতা উপলব্ধি কৰি ভাৰত চৰকাৰে যোৱা ২৪ মার্চৰ পৰা ২১ দিনীয়া ৰাষ্ট্রীয় 'লকডাউন' ঘোষণা কৰে। কিন্তু প্ৰয়োজনীয় প্রস্তুতি অবিহনেই লোৱা এই সিদ্ধান্তই আৰম্ভণিতে ভালেখিনি সমস্যাৰ সৃষ্টি কৰিছিল। দিল্লীত আবদ্ধ থকা প্রব্রজিত শ্রমিকসকল কাম বন নোহোৱাত নিজা নিজা ৰাজ্যলৈ ওভতি যোৱাৰ বাবে 'লকডাউন' অমান্য কৰি ৰাস্তাত ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। ক'ৰোণা সংকট যে কেৱল এটা স্বাস্থ্যজনিত সংকট নহয় বৰঞ্চ ইয়াৰ অর্থনৈতিক, সামাজিক প্রভাৱ বহুত গুৰুতৰ- এই ঘটনাই স্পষ্ট কৰি দিছিল।

কিন্তু 'লকডাউনৰ' পিছতো এনে বহু ঘটনা সংঘটিত হৈছে য'ত বিভিন্ন কাৰণত 'লকডাউন' অমান্য কৰা হৈছে। এই ক্ষেত্রত শেহতীয়াভাৱে দিল্লীৰ নিজামুদ্দীন এলেকাস্থিত তবলীগ জামাতৰ মুখ্য কার্য্যালয়ত হোৱা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনাটোৰ সন্দর্ভত কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম।

ফেব্রুৱাৰীৰ শেষ আৰু মার্চৰ প্রথম দুই সপ্তাহ লৈকে ক'ৰোণা ভাইৰাছৰ সংক্রমণ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰৰ 'ৰোডমেপ' বৰ বেছি স্পষ্ট নাছিল আৰু সেই সময় লৈকে মানুহৰ সমাগম, আনকি ভিন্ন দেশৰ পৰা ভাৰতলৈ মানুহৰ আগমণ সাধাৰন ভাৱে চলি আছিল। সেই সময়তে প্রত্যেক বছৰৰ দৰে এই বছৰো মৰকজত বিভিন্ন দেশৰ পৰা তবলীগ জামাতৰ মানুহ আহি একত্রিত হৈছিল আৰু তাৰে পৰা দেশৰ বিভিন্ন ঠাইলৈ ভ্রমণ কৰিছিল। ইয়াৰ ভিতৰত থাইলেন্ড, মালায়শিয়া, ইন্দোনেশিয়াৰ পৰাও ভালে কেইজনমান মানুহ আহিছিল। ১৩ মাৰ্চ তাৰিখে দিল্লী চৰকাৰে এটা নির্দেশ জাৰি কৰে  আৰু সেই নিৰ্দেশনা অনুযায়ী কোনো অনুষ্ঠানত ২০০ৰ অধিক মানুহ সমাগত হবলৈ অনুমতি নিদিয়ে বুলি জনালে। পিছে এই নির্দেশে ধর্মীয় অনুষ্ঠানবোৰৰ বিষয়ে স্পষ্ট কৰি দিয়া নাছিল আৰু বিভিন্ন ঠাইত এই নির্দেশ অমান্য কৰা হৈছিল। উদাহৰস্বৰূপে- ১৪ মার্চৰ দিনাখন অখিল ভাৰতীয় হিন্দু মহাসভাৰ মুখ্য কার্য্যালয়ত এটি গোমুত্র সেৱনৰ অনুষ্ঠান আয়োজন কৰা হয় য'ত দুই শতাধিক মানুহে অংশগ্রহণ কৰে। দিল্লীৰ বিভিন্ন মন্দিৰ, দৰগাহত মানুহৰ সমাগম অব্যাহত থাকে। সেইমর্মে ১৬ মার্চৰ দিনাখন আন এটা নির্দেশ জাৰি কৰে দিল্লী চৰকাৰে যত স্পষ্টভাৱে উল্লেখ কৰে যে সকলো ধৰণৰ ধর্মীয় সমাগম নিষিদ্ধ আৰু কোনো এঠাইত একে সময়ত ৫০ জনৰ অধিক মানুহ একত্ৰিত হব নোৱাৰিব। ইয়াৰ পিছতো অৱশ্যে মৰকজত প্রায় দুহেজাৰ মানুহ থাকি গৈছিল আৰু ইয়াৰ ভিতৰত প্রায় তিনি শতাধিক বিদেশী আছিল। কিন্তু ভাৰতীয় তবলীগীসকলক বা বিদেশীসকলক নিজৰ ঘৰলৈ পঠোৱাৰ ক্ষেত্রত কেন্দ্ৰীয় গৃহ বিভাগ, দিল্লী প্রশাসন আৰু তবলীগ জামাতৰ কর্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ গ্রহণ কৰিলে।

পিছে ১৭ মার্চৰ পিছত পৰিস্থিতি অলপ পৰিৱৰ্তন হয়। তেলাঙ্গানাৰ হায়দাৰাবাদত ১০ জন ইন্দোনেশিয়াৰ তবলীগ জামাতিক কোৱাৰেন্টাইন কৰা হয় যেতিয়া তেওঁলোকৰ ভিতৰত এজনৰ ক'ৰোণাৰ টেস্ট পজিটিভ হয়। জনা গল যে তেওঁলোকে ৮-১০ মার্চলৈকে দিল্লীৰ মৰকজত আছিল। কিন্তু তাৰ পিছতো দিল্লীস্থিত মৰকজত গৈ ঘটনাৰ বুজ লোৱা নহল। ইয়াৰ পিছত ২১ মার্চৰ দিনাখন তামিল নাডুত দুই থাইলেন্ডৰ তবলীগ জামাতিৰ টেস্ট পজিটিভ আহে আৰু তেওঁলোকেও কিছু সময়ৰ বাবে মৰকজত আছিল।

দিল্লী ২২ মাৰ্চ তাৰিখৰ জনতা কার্ফিউৰ সময়ৰ পৰাই বন্ধ কাৰণ ২৩ মাৰ্চ তাৰিখে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৰাজ্যিক লকডাউন ঘোষণা কৰে। ২৩ আৰু ২৪ মাৰ্চ তাৰিখে তবলীগ জামাতৰ কর্তৃপক্ষই নিজামুদ্দীন এলেকাৰ স্টেশ্যন হাউছ অফিচাৰক মৰকজত প্রায় দুহেজাৰৰ অধিক মানুহ আবদ্ধ হৈ আছে বুলি অৱগত কৰে। কিন্তু এই মানুহবোৰৰ ব্যৱস্থা কৰাৰ ক্ষেত্রত প্রশাসনৰ হেমাহি পৰিলক্ষিত হয়। আনকি "ছাব ডিভিশ্যনেল মেজিস্ট্রেটক" জনোৱাৰ পিছতো তেওঁ লকডাউনৰ সময়ত মানুহখিনি তাতে থাকক বুলি পৰামৰ্শ দিয়ে। কিন্তু তাৰ পিছত যেতিয়া তাতে থকা কিছু তবলীগী আৰু তাৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱা সকলৰ মাজৰ কিছুমানক এই ক'ৰোণা ভাইৰাছত আক্রন্ত বুলি গম পোৱা গল তেতিয়া একপ্রকাৰ হুৱাদুৱা লাগি গল। ৩০ আৰু ৩১ মার্চৰ দিনাখন প্রায় ২৩০০ মানুহক মৰকজৰ পৰা ওলাই অনা হয়, তাৰ পিছত মানুহবোৰক টেস্ট আৰু কোৱাৰেন্টাইন কৰা হয়।

কিন্তু ইয়াৰ পিছতেই এক আতঙ্কিত পৰিবেশৰ সৃষ্টি হয় কাৰণ মার্চ মাহৰ প্রথম দুই সপ্তাহত মৰকজৰ পৰা ইতিমধ্যে বহু মানুহ ভাৰতবর্ষৰ বিভিন্ন এলেকালৈ গুচি গৈছে। আনকি অসমৰ পৰাও কিছু মানুহ মৰকজলৈ গৈছিল। তাৰে কিছু ওভতি আহিছিল আৰু কিছু এতিয়াও দিল্লীতে আছে। এই মানুহবোৰ সংক্রমিত হব পাৰে বুলি সন্দেহ কৰি এওঁলোকক বিচাৰি টেস্ট কৰিবলৈ আৰম্ভ কৰিলে প্রশাসনে আৰু লগতে কন্টেক্ট ট্রেচিঙো কৰা হৈ আছে। শেহতীয়া তথ্য মতে সৰহ সংখ্যক মানুহক বিচাৰি পোৱা গৈছে আৰু চিন্তাজনকভাৱে কিছু মানুহৰ টেস্ট পজিটিভ আহিছে। 

এইখিনিতে এই গোটেই ঘটনাই কিছু প্রশ্নৰ উদ্ৰেক কৰিছে। ফেব্রুৱাৰীৰ শেষৰ ফালে তবলীগ জামাতে মালয়শিয়াত এক  অনুষ্ঠান কৰিছিল আৰু পিছত সেই ঠাইডোখৰ ক'ৰোণা সংক্রমণৰ ‘হটস্পট’ বুলি পৰিগণিত হয়। কিন্তু তাৰ পিছতো সেই দেশৰ পৰা অহা মানুহখিনিৰ ভিছা ৰোধ কৰা নহল কিয়? বেলেগ দেশৰ পৰা অহাৰ পিছত তেওঁলোকক ১৪ দিনীয়া কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা নকৰিলে কিয়? বিদেশৰ পৰা অহা লোকখিনিয়ে কোৱাৰেন্টাইন 'ফলো' কৰিছে নে নাই, তবলীগ জামাতে সেইটো কথাত গুৰুত্ব প্রদান কৰা নাছিল কিয়? তেলাঙ্গানাৰ ঘটনাৰ পিছত লগে লগে দিল্লীৰ তবলীগ জামাতৰ মানুহখিনিৰ টেস্টিঙৰ ব্যৱস্থা দিল্লীৰ প্রশাসনে কিয় নকৰিলে? তবলীগ জামাতৰ কর্তৃপক্ষই দিল্লী চৰকাৰৰ নির্দেশবোৰৰ পিছতো মৰকজলৈ মানুহৰ আগমন বন্ধ নকৰিলে কিয়? জানিব পৰা গৈছে যে ২২ তাৰিখৰ দিনাও তাতে নতুন মানুহ যোৱা অব্যাহত আছিল। তবলীগ জামাতৰ কর্তৃপক্ষই বাৰে বাৰে বিদেশী তবলীগীৰ ফ্লাইট বাতিল হোৱাৰ কথা কৈছে। কিন্তু তেওঁলোকে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা যোৱা মানুহখিনিকো নিজৰ ৰাজ্যলৈ ওভতি যাবলৈ নির্দেশ নিদিলে কিয়?

এই প্রশ্নবোৰৰ জৰিয়তে তবলীগ জামাতৰ ধৰ্মান্ধতা আৰু  দায়বদ্ধহীনতাৰ লগতে চৰকাৰ আৰু প্রশাসনৰ হেমাহি দুয়োটাৰে জবাবদিহী কৰা উচিত। যি সময়ত গোটেই পৃথিৱী ক'ৰোণাৰ সন্ত্রাসত জর্জৰিত সেই সময়ত বছৰজোৰা আনুষ্ঠান পতা মৰকজে দুটা সপ্তাহ নিজৰ কার্য্যালয় বন্ধ ৰাখিলে একো ক্ষতি নহলহেঁতেন। কিন্তু দীনৰ অজুহাত দি এওঁলোকে যেন নিজৰ পৌৰ দায়িত্বৰ পৰাও হাত সাৰিব বিচাৰে। মৰকজৰ এয়া এক ডাঙৰ গাফিলতী যাৰ ফলত ভালে কেইজন এই বেমাৰত সংক্রমিত হৈছে আৰু কিছু মানুহৰ মৃত্যু হৈছে।

কিন্তু কৰোণাত আক্রান্ত ৰোগীৰ সংখ্যা বাঢ়ি যোৱাটো যেনেকুৱা চিন্তনীয়, ঠিক সমানভাৱে চিন্তনীয় হল তবলীগ জামাতৰ ঘটনাৰ আঁত ধৰি এটি স্বাস্থ্যজনিত মানৱ সংকটক সাম্প্রদায়িক ৰহণ দিয়া। ভাৰতবর্ষই লকডাউনৰ সিদ্ধান্ত বহু পলমকৈ ললে। বহু বিশেষজ্ঞৰ মতে আমাৰ ভুল এইখিনিতেই হল। লগতে আন দেশৰ তুলনাত ভাৰতত টেস্টৰ সংখ্যা একেবাৰেই কম। ইয়াৰ বাবেও কিছু মানুহ টেস্ট ইত্যাদি অবিহনে চিকিৎসাৰ পৰাও বঞ্চিত হব পাৰে। কিন্তু যত উন্নত দেশবোৰে উন্নত স্বাস্থ্য সেৱা থকা সত্ত্বেও তৎ নোপোৱা হৈছে। তাতে আমাৰ দৰে দেশ যত স্বাস্থ্য ব্যৱস্থা বিশেষকৈ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ অৱস্থা সকলো দিশে চিন্তাজনক, আমাৰ প্রয়োজন আছিল এইবোৰৰ খতিয়ান লৈ কেনেকৈ এই ভাইৰাছ প্রতিহত কৰিব পাৰি তাক চিন্তা কৰাৰ। কিন্তু তাৰ ঠাইত আমি ব্যস্ত হৈ পৰিলোঁ ‘কৰোণা জিহাদৰ’ আলোচনাত! 

আমি পাহৰি গলোঁ যে স্বাস্থ্যকর্মী, চিকিৎসক নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ প্রহাৰৰ সন্মুখীন হৈছে। আমি পাহৰি গলোঁ যে আমাৰ চিকিৎসকসকলৰ ওচৰত পার্ছনেল প্রটেক্টিভ ইকুইপমেন্ট যথেষ্ট সংখ্যক নাই, মাস্ক নাই। আমি কেৱল কেনেকৈ কিছু অজ্ঞ, ধর্মান্ধ মানুহে এই সংকটৰ সময়ত এক দায়বদ্ধহীনতাৰ পৰিচয় দিলে, সেইটোকলৈ ব্যস্ত হৈ পৰিলোঁ। কিন্তু সেই একে সময়তে আন বহু ঠাইত এনে ধৰণৰ ঘটনা সংঘটিত হয়। লকডাউনৰ পিছতে নিজৰ ঠাইলৈ ঘুৰি যাব নোৱাৰি প্রায় ৪০০ শিখধর্মী মানুহ মজনু কা টিলা গুৰুদ্বাৰাত ২৮ মার্চৰ পৰা আশ্রয় লয়। তেওঁলোকক পিছত প্রশাসনে ওচৰৰে বিদ্যালয় এটাত লৈ গৈ কোৱাৰেন্টাইন কৰে। চৰকাৰৰ সকলো নির্দেশ অমান্য কৰি ২৫ মার্চৰ দিনাখন উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ৰাম মন্দিৰ স্থাপনৰ লগত জড়িত অনুষ্ঠান এটাত অংশগ্রহণ কৰে আৰু ২ এপ্রিলৰ দিনাখন তেলাঙ্গানাৰ দুগৰাকী ৰাজ্যিকমন্ত্রীয়ে পৰিয়াল সহকাৰে ৰাম নৱমী পুজাত অংশগ্রহণ কৰে।

আমাৰ বৃহত্তৰ সমাজখনো যেন সাম্প্রদায়িকতাৰ কবলত পৰিল! আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্রাম্পে যেতিয়া চাইনীজ ভাইৰাছ শব্দ ব্যৱহাৰ কৰিছিল, তেতিয়া আমেৰিকাৰ বহু জনসাধাৰণ আৰু বিশেষকৈ আমেৰিকাৰ সজাগ সংবাদ মাধ্যমে তেওঁৰ ‘ৰেচিস্ট’ মানসিকতাৰ কঠোৰ সমালোচনা কৰিছিল। কিন্তু ভাৰতবর্ষত বহু আগশাৰীৰ সংবাদ মাধ্যমে ‘কৰোণা জিহাদ’ হেডলাইন দি আছে য'ত ভাৰতবর্ষত কৰোণাৰ সংক্রমণৰ বাবে কেৱল এটা সম্প্রদায়ক দোষাৰোপ কৰা হৈ আছে। উল্লেখযোগ্য যে ইয়াৰ আগতেও ৰাজস্থানৰ ভীলৱাড়া বোলা ঠাইত ৰোগী এগৰাকীৰ সঠিক ডায়গনোছিছ নোহোৱাৰ বাবে বহু কেইজন স্বাস্থ্যকর্মী সংক্রমিত হয়। আনকি তেওঁৰ চিকিৎসা কৰা ডাক্তৰজন হোলীৰ ছুটিত উদয়পুৰলৈ ফুৰিব যায়! কিন্তু তেওঁৰ এনে কান্ডত কোনেও ষড়যন্ত্র দেখা নাপালে। বা কণিকা কাপুৰ, মেৰি কম, কলিকতাৰ আমোলাৰ পুত্রজনৰ গাফিলতীৰ ক্ষেত্রতো কোনেও কোনো বিৰাট ষড়যন্ত্র বিচাৰি নাপালে।

ইতিহাসত এনে বহু উদাহৰণ আছে যত মহামাৰীৰ বাবে কোনো বিশেষ গোটক জগৰীয়া কৰা হয় আৰু ইয়াৰ পৰিণাম সদায় ভয়ঙ্কৰ হয়। ১৪শ শতিকাৰ 'বিউবোনিক প্লেগ' নাইবা 'ব্লেক ডেথৰ' বাবে ইহুদীসকলক সন্দেহ কৰা হৈছিল। ভুৱা বাতৰি বিয়পোৱা হৈছিল যে ইহুদীসকলে কুঁৱাৰ পানীত বিষ মিহলাই দিছিল। ১৩৪৮ চনৰ পৰা ১৩৫১ চনলৈকে ইহুদিসকলৰ প্রায় ২০০ টা বস্তী ধ্বংস কৰি দিয়া হৈছিল। ১৯৯০ৰ দশকত আমেৰিকাৰ দৰে উদাৰতাবাদী ৰাষ্ট্রত হাইতীৰ মানুহবোৰ হিংসা আৰু বৈষম্যৰ সন্মুখীন হৈছিল কাৰণ তেওঁলোকক এইড্ছ মহামাৰীৰ বাহক বুলি ধৰি লোৱা হৈছিল।

আমি ইতিহাসৰ পৰা শিকা আৰু শিক্ষা লোৱা উচিত। এয়া এক সুবর্ণ সুযোগ আছিল 'কা' বিৰোধ, দিল্লী সংঘর্ষৰ ফলত ফাঁট মেলা সমাজখনক আকৌ একত্ৰিত কৰি এই মহামাৰীৰ সংকটক পৰাস্ত কৰাৰ। দুখীয়া, দৰিদ্র, দিন হাজিৰা কৰি খোৱা সকলৰ লগত এই দুর্য্যোগৰ সময়ত থিয় দিয়া। লগতে চৰকাৰ আৰু প্রশাসনক সহযোগিতা কৰা। কিন্তু তাকে নকৰি যদি আমি বোকা ছটিওৱা আৰু সাম্প্রদায়িক ৰাজনীতিত নামি পৰোঁ, তেন্তে আমি কেৱল ক'ৰোণাৰ লগতে নহয়, আমাৰ দেশ, সংবিধান আৰু দেশৰ সাধাৰণ ৰাইজৰ ন্যুনতম অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্রতো বিৰাট প্ৰত্যাহ্বান সন্মুখীন হব লাগিব।

Post a Comment

0 Comments